৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 11/2023:- 

1. ডিব্ৰুগড়ৰ বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত ভূমিপূজন অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বহু গণ্য মান্য ব্যক্তি।

2. গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়াৰ লক্ষ্যৰে সৰুসজাইত আয়োজিত সুবিশাল বিহু অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰৱেশপত্ৰৰ বাবে দিব নালাগে টকা।
কাৰণ কলাক্ষেত্ৰত বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে প্ৰৱেশপত্ৰ।
চৰকাৰক দুৰ্নাম কৰিবলৈ সেই বিহু অনুষ্ঠানৰ টিকট কলাক্ষেত্ৰত বিক্ৰী হ’ব বুলি অপপ্ৰচাৰ চলাইছে দুষ্ট চক্ৰই।
এইদৰে ছচিয়েল মিডিয়াত উল্লেখ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই জনালে বিনামূলীয়াকৈ চাব পাৰিব ১৪ এপ্ৰিলত হ’বলগীয়া সৰুসজাইৰ অনুষ্ঠান।

3. ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে IIT গুৱাহাটীত শিলন্যাস কৰিব MEDICAL Institute ।
স্থাপন হ’ব Assam Advance Health Care Innovation Institute ৷

4. নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হয় ৩১সংখ্যক কেন্দ্ৰীয় সৈনিক ব’ৰ্ডৰ বৈঠক।
বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বায়ু সেনা, নৌ সেনা আৰু স্থল সেনা বাহিনীৰ প্ৰধানসকল।

5. সৰুসজাই ষ্টেডিয়ামত আখৰাত ব্যস্ত ১০ হাজাৰৰ অধিক বিহুৱা-বিহুৱতী।
অনুষ্ঠান পৰিদৰ্শন কৰে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী সকল।

6. মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নৈৰ কাষৰ বেদখলীকৃত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
বিভাগীয় বিষয়াৰ সৈতে ‘মিচন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ অধীনত ৰূপায়িত কাম-কাজৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে।

7. মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড৷
জুইত ভস্মীভূত হয় ৭খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় ৩ কোটি টকাৰ সা-সম্পত্তি।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই৷

8. গোৱালপাৰাৰ হাতীৰ গছকত নিহত হয় ২১ বছৰীয়া নিলীমা খাতুন নামৰ এগৰাকী যুৱতী।
নিশা গোৱালপাৰাৰ বগুৱানৰ বোৱালমাৰী গাঁৱত হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলায়।
তেনেতে হাতীয়ে গছকি প্ৰাণ কাঢ়িলে যুৱতীগৰাকীৰ।
কোনোমতে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ আন সদস্যই।

9. সোণাৰিত অসম চৰকাৰৰ টিউটৰ শিক্ষকৰ সংবাদমেল।
সংবাদমেলযোগে অসম চৰকাৰলৈ কেইবাটাও আহ্বান টিউটৰ শিক্ষকৰ।
টিউটৰৰ পৰিৱৰ্তে শিক্ষক পদলৈ উন্নীতকৰণৰ দাবী।

10. চলিত বৰ্ষত এছিয়া কাপত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে পাকিস্তানে হেৰুৱাবলগীয়া হ’ব ৩ মিলিয়ন মাৰ্কিন ডলাৰ ৰাজহ।
মন্তব্য পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নাজাম শেঠীৰ।

11. বিৰোধীয়ে যিমানে প্ৰধানমন্ত্ৰী মোদীৰ বেয়া মুখা তৈয়াৰ কৰিব , সিমানেই বিকাশ হ’ব বিজেপিৰ।
ডিব্ৰুগড়ৰ জনসভাত বিৰোধীক হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

12. আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্ত অসম সন্তান ডঃ ৰূপম শৰ্মা।

13. যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ খেলত IPLৰ নিয়ম ভংগ কৰাৰ অভিযোগত দুই ক্ৰিকেটাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।
মেচখনত ৰোমাঞ্চকৰ জয়ৰ অন্তত খেলপথাৰতে হেলমেট খুলি দলিয়াই দিয়াৰ বাবে বিপদত পৰিল LSGৰ অভেশ খান।
আনহাতে খেলৰ সময়ত লেহেমীয়া অভাৰ-ৰেট বজাই ৰখাৰ বাবে ফাফ ডু প্লেছিছক বিহা হৈছে ১২ লাখ টকাৰ জৰিমনা।

14. ৭ মহলীয়া অট্টালিকাৰ পৰা জাঁপ দি নিজৰ জীৱন শেষ কৰিলে এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে।
অভিভাৱকে মোবাইল ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবেই কিশোৰীগৰাকীয়ে বাছি ল’লে চৰম সিদ্ধান্ত।
মুম্বাইত সংঘটিত হৈছে এই ঘটনা।

15. গণিত, বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীত প্ৰস্তুতৰ বিৰদ্ধে ঘোষণা কৰা আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিলে এবছু, বড়ো সাহিত্য সভাৱে।
আলোচনাৰ বাবে এবছু আৰু বড়ো সাহিত্য সভাক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে শিক্ষা মন্ত্ৰীয়ে।
কাইলৈ ১১ বজাত জনতা ভৱনত অনুষ্ঠিত হ’ব এই বৈঠক।
উল্লেখ্য যে মাতৃভাষা ধ্বংসৰ ষড়যন্ত্ৰ বন্ধ নহ’লে দিয়া হৈছিল আন্দোলনৰ হুংকাৰ।

16. টিংখাঙত ৰঙালী বিহুৰ চলিছে প্ৰস্তুতি৷
স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ কৰ্মশালাৰ সফল সামৰণি৷
১০দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই কৰ্মশালা৷

17. আম আদমী পাৰ্টীৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক আটক কৰা হৈছে।
বিহুক লৈ অসম চৰকাৰে ব্যৱসায় কৰাৰ অভিযোগ কৰিছিল।
বিহু চাবলৈ টিকট কটাৰ কথাটো গীনিজ বুকত ঠাই পাব লাগে বুলি মন্তব্য কৰিছিল।

18. দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লযোগে ম’হ সৰবৰাহ।
মহানগৰীৰ বি জি য়াৰ্ডত ২০টাকৈ ম’হ জব্দ কৰা হয়।
এখন মালবাহী ৰে’লৰ পৰা জব্দ ম’হকেইটা।

19. হাইলাকান্দিত জব্দ কৰা হয় ইউৰিয়া সাৰভৰ্তি দুখনকৈ ট্ৰাক।
ট্ৰাক দুখনৰ পৰা জব্দ কৰে ১৭০ বস্তা ইউৰিয়া।
লালা আৰক্ষীৰ অভিযানত জব্দ কৰে ট্ৰাক দুখন।

20. গোসাঁইগাঁৱত ১১খন ব্রইলাৰ কঢ়িওৱা বাহন জব্দ কৰে সাপকাটা আৰক্ষীয়ে।
পশ্চিমবংগৰ পৰা অসমত প্রৱেশ কৰিছিল বাহনকেইখনে।

Leave a Reply

Your email address will not be published. Required fields are marked *