৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam April 13/2023:-
1. অসমীয়াৰ স্বাভিমান গামোচাই পালে GI Tagৰ প্ৰমাণপত্ৰ৷
Ragistrar General of India ই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে GI Tagৰ প্ৰমাণপত্ৰ৷
2. অসমবাসীৰ বাবে গৌৰৱৰ খবৰ।
বিশ্ব অভিলেখ গঢ়িলে অসমীয়াৰ প্ৰাণ বিহুৱে।
গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল বিহু।
আজি সৰুসজাই ষ্টেডিয়ামত ১০ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে ৰচিলে ইতিহাস।
3. গুৱাহাটীৰ হোটেল ভিভাণ্টাত অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান।
বক্সাৰ লাভলীনা বৰগোহাঁই আৰু নয়নমণি শইকীয়াক সম্বৰ্ধনা জনাই অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
4. ‘আজি ভাৰতৰ অৰ্থনীতি সকলোতকৈ দ্ৰুতবেগী।
ভাৰতৰ নীতিয়ে দেশত নতুন সম্ভাৱনা, সুযোগৰ দুৱাৰ মুকলি কৰিছে।
‘ভিডিঅ’ কনফাৰেন্সযোগে ৰোজগাৰ মেলাৰ আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
5. ‘বিজেপি নেতাৰ কন্যাই মুছলমান যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’লে তেওঁলোকে ইয়াক প্ৰেম বুলি কয়, কিন্তু আন কোনোবাই এনে কৰিলে লাভ জেহাদ বুলি অভিহিত কৰা হয়।’
এই মন্তব্য ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ।
6. অৰুণাচল প্ৰদেশৰ সীমান্তৰ বিচুম নদীত মাছ মৰাত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু।
VIBRANT VILLAGEৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ সীমান্তত বিচুম নদীত অনুষ্ঠিত কৰা হৈছে ট্ৰাউট মাছ ধৰা কাৰ্যসূচী।
সামজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে ফটো।
7. আগন্তুক ৫ মাহলৈ সপ্তাহৰ প্ৰতি সোমবাৰে পৰ্যটকৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
উদ্যানৰ আন্তঃগাঁথনিৰ বাবে এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ৷
8. মালিগাঁৱৰ ৰং ভৱনত ৰোজগাৰ মেলাৰ কাৰ্যসূচী ।
২০৭গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
9. ফকিৰাগ্ৰামৰ নলদিয়া বাথানত বিষুৱা উৎসৱৰ ৰূপালী জয়ন্তীৰ আয়োজন।
কোচ ৰাজবংশী সমাজৰ বিষুৱা উৎসৱৰ ৰূপালী জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে।
লাইখুঁটা স্থাপন কৰিলে BTR চৰকাৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই এ।
10. ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাত ৭টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কৃষ্ণকমল তাঁতীয়ে।
11. অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক চীনে নামাকৰণ কৰাক লৈ চুবুৰীয়া ৰাজ্যখনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অৰুণাচলৰ কিবিথুত নিশা যাপন কৰি ভাৰতৰ ১ ইঞ্চি ভূমিও এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ সময়তে ৰাজ্যখনৰ ১১টাকৈ স্থানক নামাকৰণ কৰে চীনে।
12. ৩৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ গাণনিক পুলিন শইকীয়া।
বোকাখাত PHEৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কৰ্মচাৰী আছিল শইকীয়া।
পুলিন শইকীয়াৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ ৬ লাখ ৫ হাজাৰৰো অধিক টকা।
13. অৰুণাচল প্ৰদেশৰ খুনছাত উগ্ৰপন্থী বিৰোধী অভিযান।
অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ খুনছা বেটেলিয়নৰ যুটীয়া অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভূ লেফটেনেণ্ট ৰঞ্জু অসম হিমাংশু ভূঞা আৰু স্বয়ম্ভূ কেডাৰ অৰিন্দম অসম ওৰফে মহন্ত বৰুৱা নামৰ ২ কেডাৰক আটক কৰা হৈছে।
ধৃত কেডাৰ দুজনে টিৰাপৰ সৰু সিংহন গাঁৱত আত্মগোপন কৰি আছিল।
14. নাৰায়ণপুৰত জব্দ কৰা হৈছে ১০ হাজাৰ য়াবা টেবলেট।
৪০ লাখ টকাৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰীক।
ড্ৰাগছ কিনিবলৈ গ্ৰাহকৰ ৰূপত গৈছিল আৰক্ষীৰ দল।
15. লাহৰীঘাটৰ ভূৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাটাও বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি।
16. সৰুসজাইৰ বিহুৰ অনুষ্ঠানক লৈ বিৰূপ মন্তব্য কৰা আপ নেতা সুশান্ত কুমাৰ নাথৰ জামিন মঞ্জুৰ।
কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঞ্জুৰ কৰে জামিন।
17. বাইকেৰে গৈ থাকোঁতেই গঁড়ে আক্ৰমণ কৰিলে পিতা-পুত্ৰক।
আহত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
18. ডবকাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৬ জনকৈ লোক।
নিয়ন্ত্ৰণ হেৰুৱাই উদমাৰি খেলপথাৰত গছত খুন্দা এখন নেনো গাড়ীৰ।
19. দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছে বাঁহীবাদক দীপক শৰ্মা।
লিভাৰ সংৰোপণ কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ।
এতিয়া অসমবাসীৰ সহায়-সহযোগিতাৰ আশা কৰিছে দীপক শৰ্মাই।
20. “কাইলৈ সমগ্ৰ বিশ্বই গম পাব অসমত বিহু কি”- মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।