৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam April 14/2023:-
1. কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত।
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু।
2. চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰ প্ৰথমখন AIIMS।
৩ খনকৈ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
AIIMSত PMJAY কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মঞ্চত ৩ জনক PMJAY কাৰ্ড প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
3. আজি আম্বেদকাৰ জয়ন্তী।
গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসভৱনত বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
4. বৈশাখী উদযাপনৰ সময়তে জম্মুত অঘটন।
ফুটব্ৰীজ ভাগি প্ৰায় ৪০গৰাকী লোক আঘাতপ্ৰাপ্ত।
বেনী সংগমত সংঘটিত হৈছে এই ঘটনা।
5. ৭.০ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল ইন্দোনেছিয়া।
ইন্দোনেছিয়াৰ জাভাৰ উত্তৰ উপকূলত অনুভূত হয় জোকাৰণি।
6. আমেৰিকাৰ টেক্সাছত ভয়ংকৰ ঘটনা৷
এখন ফাৰ্মৰ প্ৰায় ১৮ হাজাৰ গৰু জাহ যায় জুইত৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷
7. বিগত ২৪ ঘন্টাত ভাৰতৰ ১১,১০৯ গৰাকী লোক আক্ৰান্ত ক’ভিডত৷
বৰ্তমান ৪৯,৬২২গৰাকী ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য৷
8. ‘ক্ষমা কৰিব, মই ভুলতে বিহু বিহাৰৰ উৎসৱ বুলি কৈছিলো৷
বিহু অসমৰে উৎসৱ হয়’৷
অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে সাংসদ হেমা মালিনীয়ে৷
উল্লেখ্য যে, টুইটযোগে বিহু বিহাৰৰ বুলি উল্লেখ কৰিছিল সাংসদগৰাকীয়ে আৰু ইয়াৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷
9. অহা ২২মে’ৰ পৰা ২৪মে’লৈ জন্মু-কাশ্মীৰ আৰু লাডাখত অনুষ্ঠিত হ’ব G20 সন্মিলন৷
এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আয়োজন কৰে এখন বৈঠক৷
বৈঠকত G20 সন্দৰ্ভত আলোচনা কৰাৰ লগতে জন্মু-কাশ্মীৰ আৰু লাডাখত সন্ত্ৰাসবাদীৰ সংখ্যা হ্ৰাস পাইছে বুলিও মন্তব্য কৰে৷
10. লাহৰীঘাটৰ কছাৰীবড়ি চাৰিআলিৰ দৈনিক বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ১০ খনকৈ দোকানৰ লগতে প্ৰায় ২০ লাখ টকাৰ সা-সম্পত্তি।
অগ্নিনিৰ্বাপক বাহিনী, ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
11. মুকালমুৱাৰ বৰঢাপত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
অভিযানত আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী আনোৱাৰ আলী।
আৰক্ষীয়ে জব্দ কৰে ১৭.১২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন।
নলবাৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত চলিছিল অভিযান।
12. মালিগাঁও পাণ্ডু বিহু সন্মিলনীৰ ৰঙালীৰ আয়োজন।
পতাকা উত্তোলন কৰে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই।
13. আবকাৰী পলিচীত সাঙোৰ খাইছে অৰবিন্দ কেজৰিৱালৰ নাম।
CBIৰ চমন।
CBI এ ১৬ এপ্ৰিলত জেৰা কৰিব অৰবিন্দ কেজৰিৱালক।
14. বেংগালুৰুৰ বজাৰৰ ওচৰৰ এখন অটো-ৰিক্সাৰ পৰা জব্দ কৰে নগদ প্ৰায় ১ কোটি টকা।
ঘটনাস্থলীত উপস্থিত এছ জে পাৰ্ক আৰক্ষী।
সুৰেশ আৰু প্ৰবীণ নামৰ দুজন লোকৰ পৰা জব্দ কৰে নগদ ধনখিনি।
15. একাংশৰ মাজত মই এটা নতুন বেমাৰ দেখিবলৈ পাইছোঁ, তেওঁলোকে আমি বিগত ৯বছৰত কৰা কামৰ কথা ক’লে বেয়া পাই; বিৰোধীক কটাক্ষ কৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
16. গৰু বিহুৰ দিনাই ধেমাজি পানীতোলাত হৃদয়বিদাৰক পথ দুৰ্ঘটনা।
থিতাতে নিহত হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী চৈয়দা ৰিজৱানা য়াচমিন।
17. গৰু বিহুত বজালীৰ ঐতিহাসিক গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্বন শ্বো।
ফেশ্বন শ্বো চাবলৈ উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা।
18. কলকাতা মেট্ৰ’ ৰে’লৰ ইতিহাস।
প্ৰথমবাৰৰ বাবে নদীৰ তলেৰে চলিল মেট্ৰ’ ৰে’ল।
19. গৰু বিহুৰ দিনটোতে ডিমৌত সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ।
চাৰি-পাঁচ মাহ ধৰি প্ৰাপ্য পাৰিতোষিকৰ পৰা বঞ্চিত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল।
20. বিহালীৰ বৰগাৱত হৃদয় বিদাৰক ঘটনা।
আনন্দ মনেৰে বিহুৰ বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল নৱ কুমাৰ ফুকন,
ৰাজপথত থিতাতে নিহত হ’ল নৱ কুমাৰ ফুকন।
By: News Editor Sangita R News India 24