ৰঙালী বিহু আৰু ৰমজান। - RnewsIndia24
Skip to content
এইবাৰ ৰঙালী বিহু আৰু ৰমজান একেলগে।
বহাগ এটি ঋতু নহয়, নহয় বহাগ এটি মাহ।
কপৌ ফুল ফুলি উঠাৰ লগে লগে বহাগ বিহুৰ আনন্দই মন ভৰি পেলাই।
সেয়ে, ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ’।
এই চেগতে সদৌটিলৈকে অসমীয়াৰ বাপতি সাহোন বহাগ বিহু আৰু পৱিত্ৰ ৰমজান মাহৰ হিয়াভৰা প্ৰীতি আৰু শুভ কামনা যাচিলোঁ।
দ্বিতীয় বাৰৰ বাবে এইবেলিও অসমীয়াৰ স্বাভিমান ৰঙালী বিহু আৰু মুছলমান সকলৰ অতি পৱিত্ৰ, গুৰুত্বপূৰ্ণ তথা মহিমামণ্ডিত ৰমজান মাহ একেলগে পাই সকলো ধৰ্মনিৰপেক্ষ, উদাৰবাদী জনসাধাৰণে আনন্দ-উছাহ প্ৰকাশ কৰিছে।
মন-মস্তিষ্কত কোনো প্ৰকাৰৰ ভেদভাৱ নৰখা সাম্যবাদী সৰ্বসাধাৰণে আজি বুকু ফিন্দাই নিজকে ভাৰতীয় অসমীয়া হিচাপে বিশ্ব দৰবাৰত চিনাকি দিবলৈ গৌৰৱ অনুভৱ কৰিছে।
কিয়নো ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ অসমৰ দৰে সুজলা সুফলা শস্য শ্যামলা মৰমৰ ৰাজ্যখন ক’তো যে পাবলৈ নাই।
এইখন শংকৰ-আজানৰ মিলনভূমি অসমত আবহমান কালৰে পৰা বিভিন্ন জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকে একেলগে উদযাপন কৰি আহিছে বিহু, ঈদ, পুজা পাৰ্ৱন আদি নানা উৎসৱ।
নানা জাতি উপজাতিৰ ৰহণীয়া কৃষ্টি সংস্কৃতিয়েই হৈছে বড় অসমৰ স্বাভিমান।
সেই কাৰণেই’তো কোৱা হয়, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।
প্ৰাকৃতিক সম্পদেৰে চহকী অসম মুলুকৰ বাসিন্দাসকল অত্যন্ত সহজ-সৰল, সহনশীল, উদাৰ, আতিথ্য পৰায়ণ, ধার্মিক আৰু শান্তিপ্ৰিয়।
সেয়ে এইখন বৈচিত্ৰময় অসমৰ তুলনা নাই।
অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা বাৰেৰহণীয়া ফুলনি বাগিচা সুদৃশ্য পূণ্যময়ী অসম মুলুকত এইবেলি বিহু আৰু ৰমজানক একেলগে পাই পৰস্পৰে পৰস্পৰৰ সৈতে আলিঙ্গন কৰি শুভেচ্ছা বিনিময় কৰি ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰিবলৈ আকৌ সুযোগ লাভ কৰিলে।
গতিকে পাৰস্পৰিক সম্পৰ্ক মধুৰ আৰু মজবুত কৰিবলৈ ঈশ্বৰে দিয়া এই সুযোগৰ সদব্যৱহাৰ কৰোঁহি।
ধৈৰ্য, সংযম আৰু ত্যাগৰ এই ৰমজান মাহত প্ৰত্যেকৰে পাপসমূহ মোচন (Redemption) হওঁক।
সমন্বয়ৰ এই সুন্দৰ সমাজত বিভেদ সৃষ্টি কৰিব বিচৰা আৰু হিংসা, ঘৃণা তথা বিদ্বেষৰ বিষবাষ্প বিয়পাই দিব বিচাৰা সকলৰ মনৰ পৰা সেই লেতেৰা মনোভাৱ আৰু মলিনতা নাইকীয়া হওঁক আৰু ৰঙালী বিহুৰ ৰঙেৰে ভৰি পৰক সকলোৰে দেহা-মন। সন্মুখৰ দিনবোৰ হৈ পৰক পুণ্যময়ী ৰমজান মাহৰ দৰে পৱিত্ৰ আৰু ৰঙালীৰ দৰেই ৰঙীণ।
বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ মাজত গঢ়ি উঠক সমন্বয়-সম্প্ৰীতিৰ উৎকৃষ্ট সেঁতু।
সুদৃঢ় হওঁক ভাতৃত্ববোধৰ এনাজৰী। নাইকিয়া হওঁক সকলোধৰণৰ ভেদাভেদ, সামাজিক বৈষম্য তথা অসহিষ্ণুতাৰ বাতাবৰণ।
চাৰিওফালে কেৱল প্ৰবাহিত হওঁক শান্তি, মৈত্ৰীৰ নিজৰা। সুখ-আনন্দৰে ভৰি পৰক সকলোৰে জীৱন।
ৰোজা (ব্ৰত) পালনৰ এই কল্যাণকৰ আৰু মঙ্গলময়ী ৰমজান মাহে সকলোকে ক্ষমা কৰি দেৱশিশুৰ দৰে নিষ্পাপ কৰক আৰু আগন্তুক দিনত ভাল কাম কৰিবলৈ শক্তি দিয়ক।
এবাদত-আৰাধনাৰ এই আধ্যাত্মিকতাৰ সুগন্ধিযুক্ত মাহত সকলোৰে বৈধ আশা-আকাংক্ষা, কামনা-বাসনাবোৰ পূৰণ হওঁক তাৰেই কামনাৰে।
জুলহাছ আলী আহমেদ
Rnewsindia24.com