ছলমান খানৰ বিশেষ বাৰ্তা।
বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমানে দিলে সমন্বয়ৰ বাৰ্তা।
চলিত ৰমজান মাহতে ভাইজান ৰূপে পৰিচিত ছলমান খানে নাচ-গানৰ জৰিয়তে বিলালে সম্প্ৰীতিৰ বাণী।
Ramzan me hai Ram, Diwali me hai Ali, message ye he pahochana hai humko gali gali. Hindu-Muslim bhai bhai kya bolte miyan bhai.
এইদৰেই হিন্দু-মুছলমানৰ উদেশ্যি ভাতৃত্ববোধৰ উৎকৃষ্ট বাৰ্তা প্ৰেৰণ কৰিলে অভিনেতা গৰাকীয়ে।
সন্মুখত ইছলাম ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰ ঈদ।
আৰু মাত্ৰ কেইটামান দিন পাছতেই মুছলমান সকলে আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰিব আনন্দোৎসৱ ঈদ উল ফিতৰ।
সেয়ে ঈদৰ প্ৰাকক্ষণত ধাভাঙ্গ খ্যাত ছলমান খানে নিজৰ মনোগ্ৰাহী ভঙ্গিমাৰে দুটা ধৰ্মাৱলম্বী লোকৰ মাজত মৈত্ৰীৰ ৰছীডাল মজবুত কৰিবলৈ চলিত ৰমজানতে এই সাৰ্বজনীন সদ্ভাৱৰ বাৰ্তাই দিব বিচাৰিছে।
যিটো সময়ত একাংশ বিভেদকামী শক্তিয়ে দেশৰ হিন্দু-মুছলমানৰ মাজত থকা একতা, মিলাপ্ৰীতিৰ সুন্দৰ পৰিবেশটো বিনষ্ট কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰি আছে, তেনে সময়তে বজৰংগী ভাইজানে দুয়োটা ধৰ্মৰ লোকক একেডাল সূতাৰে বান্ধিবলৈ গীতৰ ভাষাৰে প্ৰয়াস কৰি থকা দেখা গৈছে।
আচলতে ৰাম-ৰহিমৰ বাৰেৰহণীয়া ফুলনি বাগিচা সুদৃশ্য ভাৰতবৰ্ষৰ শান্তি, মৈত্ৰী আৰু প্ৰগতি যেন একতাৰ মাজতেই বিচাৰি পাইছে তেওঁ।
জুলহাছ আলী আহমেদ R News India 24