৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 16/2023:- 

1. অৱশেষত আক্ৰাছুৱে প্ৰত্যাহাৰ কৰিলে জুবিনৰ সংগীতানুষ্ঠানৰ নিষেধাজ্ঞা৷
বঙাইগাঁৱত শান্তিপূৰ্ণভাৱে অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত৷
জিলা উপায়ুক্ত, বিহু পৰিচালনা সমিতি, KACৰ মুখ্য, আক্ৰাছু গোটৰ মাজত বিশেষ সভা৷
সভাৰ সিদ্ধান্ত অনুসৰি নিষিদ্ধতা প্ৰত্যাহাৰৰ প্ৰস্তাৱ৷

2. দেশত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ সংক্ৰমণ৷
‘ৰাজ্যত ক’ভিড সংক্ৰান্তীয় কোনো পৰিস্থিতি হোৱা নাই৷
বৰ্তমানলৈ ৪ জনৰ দেহত ধৰা পৰিছে ক’ভিড প’জিটিভ৷
আটাইকেইজনকে হোম আইছলেশ্যনত ৰখা হৈছে, কোনো ৰোগীকে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হোৱা নাই’৷
ক’ভিড সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷

3. ‘কেজৰিৱাল ৰুকেগা নেহী’।
CBIৰ জেৰাৰ পূৰ্বে আপৰ পুষ্পা ষ্টাইলত পোষ্টাৰ।
সুৰা কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছা CBIৰ।

4. মালয়েছিয়াৰ Invitational age group swimming championshipsত ৫টাকৈ স্বৰ্ণ পদক অৰ্জন কৰে অৰ্জন বেদান্তই৷
১৩এপ্ৰিলৰ পৰা ১৬এপ্ৰিললৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা৷

5. ৰহাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হয় মধ্য অসমৰ ব’হাগৰ অন্যতম উৎসৱ গোঁসাই উলিওৱা মেলা।
ঐতিহাসিক তিৱাৰ পাঁচোৰজাৰ অন্যতম টোপাকুছিয়া ৰজাৰ স্মৃতিৰে সমৃদ্ধ এই গোঁসাই উলিওৱা মেলা অতীতৰে পৰা ব’হাগৰ প্ৰথম দেওবাৰে উদযাপন কৰা হয়।
ৰহাৰ বিভিন্ন প্ৰান্তত গোঁসাই উলিওৱা মেলাৰ আয়োজন কৰা হয়।

6. প্ৰাক্তন সাংসদ বিবেকানন্দ ৰেড্ডীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ ৱাই এছ ভাস্কৰ ৰেড্ডী।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীৰ পৰিয়ালৰ সদস্য আছিল ৱাই এছ ভাস্কৰ ৰেড্ডী।
CBIয়ে গ্ৰেপ্তাৰ কৰে ৱাই এছ ভাস্কৰ ৰেড্ডীক।

7. গোৱালপাৰাত সুলভ মূল্যৰ চাউল বিতৰণত দুৰ্নীতি।
এজেণ্ট বিল্লাল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।
এপ্ৰিল মাহৰ চাউল বিতৰণ নকৰি গ্ৰাহকক প্ৰবঞ্চনা কৰে বিল্লালে।

8. বঙাইগাঁৱৰ চাকলা প্ৰথম খণ্ডত ভয়ংকৰ অগ্নিকাণ্ড।
ছহিদুল ইছলাম নামৰ এজন ব্যক্তিৰ ঘৰত জুই লাগিল।
ভস্মীভূত হয় প্ৰায় ২ লক্ষাধিক টকাৰ সম্পত্তি।

9. অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ।
বিহাৰৰ হাজীপুৰত সংঘটিত হৈছে এই ঘটনা।
শুই থকা অৱস্থাতে হত্যা কৰে নিজৰ ১৬ বছৰীয়া আৰু ১৮ বছৰীয়া কন্যাক।
ঘাতক মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো পলাতক পিতৃ।

10. গোঁসাই বিহুৰ দিনাই কাজিৰঙাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

11. ত্ৰিপুৰাৰ চূড়াইবাৰীত
৩৮টা পেকেটত ৩৭৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা কৰা হৈছে।
ত্ৰিপুৰাৰ পৰা অসম অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি।
ঘটনা সন্দৰ্ভত চালকজনক আটক কৰে আৰক্ষীয়ে।

12. মালিগাঁৱত বিহুৰ অনুষ্ঠানত ভয়ংকৰ ঘটনা।
বিহুতলীত হানি-খুঁচি হত্যা ৰোহিত গামী নামৰ এজন যুৱকক।

13. বিহুৰ মাজতেই কৃষ্ণাইৰ পাইকানত বুজন পৰিমাণৰ বিস্ফোৰক জব্দ কৰা হৈছে।
যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে ১১৬২ ডাল জিলেটিন ষ্টিক, ৯৯৮টা ডেটনেটৰ।

14. গোৱালপাৰাৰ কৃষ্ণাইত নিশা পথ দুৰ্ঘটনা।
কয়লা পৰিবাহী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহীক।
বেকীপুলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।

15. চুডানৰ ৰাজধানী চহৰ খাৰ্টুম আৰু কেইবাটাও স্থানত উত্তেজনাময় পৰিস্থিতি।
সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ যুঁজৰ ভয়ংকৰ পৰিস্থিতি।
গুলীবৰ্ষণত নিহত হয় ২৭জন লোক, আহত হয় ১৮৩জন।

16. মহানগৰীৰ বেলতলাত নৃশংস হত্যাকাণ্ড।
এজন লোকক হত্যা কৰি গেটত ওলমাই থৈ গ’ল মৃতদেহ।
বেলতলাৰ সৌৰভনগৰত সংঘটিত হৈছে এই ঘটনা।

17. ‘মই অপমানিত হ’লোঁ’। আগন্তুক নিৰ্বাচনৰ বাবে টিকট বঞ্চিত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শেত্তাৰৰ বিজেপিৰ পৰা পদত্যাগ।
তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

18. APSCত SCORDEMY IAS CAREER INSTITUTEৰ সফলতা।
APSCৰ Prelimsত ৮০গৰাকীৰ ভিতৰত ২৩ শিক্ষাৰ্থী উত্তীৰ্ণ হয়।
SCORDEMYৰ অভিজ্ঞ শিক্ষকৰ শিক্ষাদানত সফলতা ৫০ৰো অধিক শিক্ষাৰ্থীৰ।
SCORDEMY IAS Youtube Channelৰ জৰিয়তেও শিক্ষা লাভ শিক্ষাৰ্থীসকলৰ।

19. এক আজব ঘটনা।
গুজৰাটত ২বছৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল এজন ব্যক্তি৷
মৃত্যুৰ ২বছৰ পাছত ব্যক্তিজন ঘৰলৈ উভতি আহে৷
উল্লেখ্য যে, ২বছৰ পূৰ্বে গুজৰাট চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল ব্যক্তিজনৰ৷
ইয়াৰ পাছতে ব্যক্তিজনৰ পৰিয়ালক মৃতদেহ গতাই দিয়া হৈছিল৷
মৃত্যুৰ সময়ত সকলো নীতি-নিয়ম পালন কৰা হৈছিল৷
কিন্তু মৃত্যুৰ ২বছৰ পাছতে বাসগৃহত কেনেকৈ উপস্থিত হ’ল, ইয়াকে লৈ চাঞ্চল্য সমগ্ৰ গুজৰাটতে৷

20. উত্তৰ প্ৰদেশৰ কুখ্যাত মাফিয়া আতিক আহমেদ-ভাতৃ আশ্ৰফক গুলীয়াই হত্যা দুৰ্বৃত্তৰ।
প্ৰয়াগৰাজত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে দুৰ্বৃত্তৰ গুলীচালনা।
দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *