৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 18/2023:- 

1. ‘আপোনালোক সকলো বিশেষ আৰু মূল্যৱান’৷
সৰুসজাইত বিশ্ব অভিলেখ গঢ়াত সহায় কৰা বিহুৱা-বিহুৱতী, ঢুলীয়া সকলোকে টুইটযোগে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
১৪এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অভিলেখ গঢ়িছিল বিহুৱে৷

2. আজি ঘোষণা হল স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ ফলাফল।
মুঠ ৯০৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।
DHS-DME-DHSEW & AYUSH ASSAMৰ বাবে হৈছিল পৰীক্ষা।

3. ব’হাগতেই বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰৱাহ।
গ্ৰীষ্মই দহিছে ৰাজ্যবাসীক।
আগন্তুক ৬টা দিনলৈ ৰাজ্যত বৰষুণ অহাৰ কোনো সম্ভাৱনা নাই।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

4. ছুদানত গৃহযুদ্ধৰ ভয়ংকৰ ৰূপ।
বৰ্তমানলৈকে ১৮৫ গৰাকী লোকৰ মৃত্যু হয় আৰু আহতৰ সংখ্যা ১,৮০০ৰো অধিক।
ঘৰৰ ভিতৰতে কোনোমতে থাকি প্ৰাণ ৰক্ষা কৰে বহু লোকে।
দেওবাৰৰ পুৱতি নিশাৰ পৰাই অবিৰাম গতিত ছুদানৰ ভিন্ন প্ৰান্তত শুনিবলৈ পোৱা গৈছে গুলীবৰ্ষণৰ শব্দ।

5. ডিমৌৰ কৃষক বুধেশ্বৰ পামেলৈ প্ৰগতিশীল কৃষক-২০২৩ বঁটা।
সহজে নাৰিকল পাৰিবপৰা যন্ত্ৰ আৰু এৰীপলু উলিওৱা যন্ত্ৰ উদ্ভাৱন কৰে ব্যক্তিগৰাকীয়ে।
দিল্লীৰ ৰাষ্ট্ৰীয় ভৱনত অনুষ্ঠিত উদ্ভাৱন আৰু উদ্যোগ মহোৎসৱত প্ৰদান কৰা হয় বঁটা।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা বঁটা গ্ৰহণ কৰে বুধেশ্বৰ পামেই।
ভাৰতৰ ৪৩গৰাকী ব্যক্তিক প্ৰদান কৰা হয় এই বঁটা।

6. অসমীয়াৰ আদৰৰ সাত বিহুৰ পঞ্চম দিনা চহা খেতিয়কে উদযাপন কৰে নাঙল বিহু।
জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল।
বটদ্ৰৱাৰ ৰাইদঙীয়াৰ ফুলগুৰিত কৃষকসকল লগ হৈ পালন কৰে নাঙল বিহু।

7. অসমৰ প্ৰাক্তন ৰাজ্যপাল লেঃ জেঃ অজয় সিঙৰ মৃত্যু।
২০০৩-০৮লৈ অসমৰ ৰাজ্যপাল আছিল অজয় সিং।
আলফাৰ বিৰুদ্ধে ‘অপাৰেচন ৰাইনো’ৰো নেতৃত্ব দিছিল সিঙে।
অজয় সিঙৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

8. দেশত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা।
বিগত ২৪ ঘন্টাত দেশৰ ১,০১৭ গৰাকী লোক আক্ৰান্ত ক’ভিডত।
দিল্লী আৰু মহাৰাষ্ট্ৰতো ক’ভিড সংক্ৰমণ বৃদ্ধি।

9. মঙলবাৰৰ পৰা উপলব্ধ হ’ব TETৰ প্ৰৱেশ পত্ৰ।
www.sebaonline.org ৱেবছাইটত উপলব্ধ হ’ব প্ৰৱেশ পত্ৰসমূহ।
৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ TET.

10. শিক্ষক নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক CBIৰ চমন।
কলকাতাৰ নিজাম পেলেচত থকা CBIৰ কাৰ্যালয়ত আজি উপস্থিত হোৱাৰ নিৰ্দেশ।

11. ৬৯টা বসন্ত গৰকা ঢেকিয়াজুলিৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰঙালী বিহু উদযাপন।
তৃতীয় দিনা উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশোক সিংঘালে।

12. NIAৰ গোচৰত বিধায়ক অখিল গগৈৰ জামিন লাভ।
উচ্চতম ন্যায়ালয়ে অখিল গগৈক প্ৰদান কৰিলে জামিন।
‘কা’ আন্দোলনত হিংসাত্মক ঘটনা সংক্ৰান্তত NIAই ৰুজু কৰিছিল গোচৰ।
জামিন লাভৰ পাছতে মই এতিয়া মুক্ত, বিৰোধী হিচাপে অধিক শক্তিশালী ভূমিকা ল’ম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে।

13. ‘শ্ৰীৰামপুৰ গেটৰ পৰা প্ৰতিদিনে ৩০-৪০ লাখ টকা সংগ্ৰহ কৰে প্ৰমোদ বড়োৱে৷
দোদে আৰু গোলদং নামৰ দুজন লোকে সংগ্ৰহ কৰে এই ধন৷
ছিণ্ডিকেটক লৈ প্ৰমোদ বড়োক পুনৰ উভতি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে৷

14. ‘মই শক্তি বিভাগৰ দায়িত্ব লোৱাৰ পাছৰে পৰা সমগ্ৰ বিষয়টোত সৰৱ চৰ্চা চলি আছে।
স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ বাবে কাৰো অপকাৰ নহয়,ধনী-দুখীয়া সকলোৰে সুবিধাৰ্থে এই স্মাৰ্ট মিটাৰ। আমাৰ হেল্পলাইন নম্বৰ আছে,অসুবিধা হ’লে যোগাযোগ কৰিব পাৰিব’। স্মাৰ্ট মিটাৰ সন্দৰ্ভত মন্তব্য নন্দিতা গাৰ্লোচাৰ৷

15. বড়ো জনগোষ্ঠীৰ ‘উদাংশ্ৰিনি আলাৰী’ খ্যাত প্ৰেমসিং ব্ৰহ্মৰ আজি ১৭সংখ্যক মৃত্যুবাৰ্ষিকী।
UPPLৰ উদ্যোগত চিৰাঙৰ ঢালিগাঁৱৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী তৰ্পণ অনুষ্ঠান আয়োজন।

16. ৰাজ্যত পুনৰ ডাইনী সন্দেহত নিৰ্যাতন।
বিশ্বনাথৰ অন্থাইবাৰী, দিচাবাৰী গাঁৱত ৪জন লোকক অকথ্য শাৰীৰিক নিৰ্যাতন গঞাৰ।
বালিচাং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাসহ ৪জন লোকক।
মন্দিৰৰ পূজাৰী অঞ্জলি স্বৰ্গীয়াৰীসহ মুঠ ৮ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

17. পাটনাৰ মংগল তালাবত ভয়ংকৰ অগ্নিকাণ্ড।
পৰিশোধিত তেলৰ এটা গুদামত জুইৰ সূত্ৰপাত।
অগ্নিনিৰ্বাপক বাহিনীৰ ১৮খন বাহনে জুই নিৰ্বাপন কৰে।

18. জাগীৰোড কাগজ কলৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।
গুৰুতৰভাৱে আহত হয় ট্ৰেভেলাৰখনৰ প্ৰায় ১৫জনকৈ যাত্ৰী।

19. মহানগৰীৰ পৰা অপহৃত দুই ব্যৱসায়ী কানহায়া সিং আৰু উত্তম জয়ছোৱালক উদ্ধাৰ কৰা হৈছে।
১৪ এপ্ৰিলত সংঘটিত হৈছিল অপহৰণ-কাণ্ড।
ড্ৰাগছ ব্যৱসায়ী ফাৰুক আহমেদৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ।
ফাৰুক আহমেদৰ পত্নী অলি দেৱী নাথক ইতিমধ্যে আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে।

20. দেশত জাতিৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান ৰাহুল গান্ধীৰ৷
কৰ্ণাটকৰ কোলাৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে সকলোৱে যাতে সমানে সুযোগ পাই, সমানে আগবাঢ়ি যাব পাৰে ইয়াৰ বাবে জাতিৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *