৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam April 12/2023:-
1. আজি অসামৰিক সেৱা দিৱস।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত সেৱা দিৱসৰ কাৰ্যসূচী।
কাৰ্যসূচীত অংগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
2. আজি বীৰাংগনা সতী সাধনী দিৱস।
গুৱাহাটীৰ বৰবাৰীস্থিত মেগজিনস্থিতি সতী সাধনী ভৱনত বীৰাংগনাগৰাকীক স্মৰণ কৰা হয়।
ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুপথাৰত কেন্দ্ৰীয়ভাৱে সতী সাধনী দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উন্মোচন কৰে ৩১ ফুট উচ্চতাৰ সতী সাধনীৰ প্ৰতিমূৰ্তি।
3. প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠান।
সেই অনুষ্ঠানতে কণ্ঠশিল্পী জুবলি বৰুৱাক প্ৰদান কৰা হয় ভিতালী দাস সোঁৱৰণী বঁটা।
4. শোণিতপুৰ জিলাৰ গাৰপালত অনুষ্ঠিত অসম গোৰ্খা সন্মিলনৰ ৫৭সংখ্যক সন্মিলন দিৱস।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, পল্লৱলোচন দাস, পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰমোদ বৰঠাকুৰ আৰু বহুকেইগৰাকী বিধায়ক।
“গোৰ্খাসকলৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰি যাব” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
5. কোকৰাঝাৰত অনুষ্ঠিত হয় ‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’ শীৰ্ষক Y-20ৰ আলোচনাচক্ৰ।
অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী অশোক সিংঘাল, BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ , বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।
6. ‘মই মাতি আনিছিলো, বুজাইছিলো৷
১৫মে’ৰ ভিতৰত ঘটনাৰ মীমাংসা কৰি দিব বুলিও কৈছিলো, কিন্তু অংকিতাই নুশুনিলে৷
আনৰ কথা শুনি আইনৰ কাষ চাপিলে৷
অংকিতা দত্তৰ টুইট সন্দৰ্ভত মন্তব্য ভূপেন বৰাৰ৷
7. বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি গোৱালপাৰা জিলাৰ দুধনৈত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫৬ সংখ্যক দুধনৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন৷
বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য-গীতেৰে উদুলি-মদুলি দুধনৈ ৰাজহুৱা খেলপথাৰৰ বিহুতলী৷
8. দিল্লীৰ ছাকেট আদালতৰ চৌহদত গুলীবৰ্ষণৰ ঘটনা৷
পত্নীলৈ লক্ষ্য কৰি গুলীচালনা স্বামীৰ৷
উকিলৰ বেশত আহিছিল স্বামী৷
৪ টাকৈ গুলী লাগে মহিলাগৰাকীৰ দেহত৷
সংকটজনক অৱস্থাত মহিলাগৰাকীক AIIMSত ভৰ্তি কৰোৱা হৈছে।
9. মণিপুৰত দুটাকৈ বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মসমৰ্পণ।
বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ ৩৭ গৰাকী নেতা-সদস্যৰ আত্মসমৰ্পণ।
মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ উপস্থিতিত কুকি চীন লিবাৰেশ্যন আৰ্মিৰ ৩৬ নেতা-সদস্যৰ আত্মসমৰ্পণ।
মূলসুঁতিলৈ প্ৰিপাক (প্ৰ’) গোটৰ এজন সদস্য।
10. ঈদৰ প্ৰাকক্ষণত ৰূপহীহাটৰ শালপাৰাত শোকাৱহ ঘটনা।
দ্ৰুতবেগী বাইকৰ খুন্দাত প্ৰাণ হেৰুৱালে হাইবুল্লা নামৰ লোকজনে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক চালক আছিকুৰ ৰহমানক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
শালপাৰাৰ পৰা লৰিৰমুখৰ দিশে যোৱা পথতে সংঘটিত হয় দুৰ্ঘটনাটো।
11. গুৱাহাটীৰ বোন্দা-চপাইদাঙত অগ্নিকাণ্ড৷
আইকন ইংলিছ স্কুলৰ চৌহদৰ ভিতৰত লাগে জুই৷
জুইত নিমিষতে জাহ যায় এটা ঘৰ৷
বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হয়।
12. ৰহাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ দেহাৱসান।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল হিৰণ্য বৰা৷
গুৱাহাটীৰ GNRC হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হিৰণ্য নাৰায়ণ বৰাই।
হিৰণ্য বৰাৰ মৃত্যুত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ কৰে।
13. কাৰ্বি আংলঙৰ মুক্ৰ’ঙৰ ৰং খেলাং গাঁৱত বন বিভাগৰ অভিযান৷
অভিযানত ৫০ হাজাৰ টকাৰ মূল্যবান কাঠ জব্দ কৰা হৈছে।
অভিযানকাৰী দলে জব্দ কৰে এখন ট্ৰাক৷
সুযোগ বুজি চোৰাং কাঠ ব্যৱসায়ীৰ পলায়ন কৰা।
ৰেঞ্জাৰ হাৰছিং ক্ৰামছাৰ নেতৃত্বত চলিছিল অভিযান৷
14. গোৱালপাৰাৰ কৃষ্ণাইৰ কলিয়াশান্ত্ৰ পামঘাটত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত ৰফিকুল ইছলামৰ বাসগৃহ।
বিনষ্ট হয় বহু পৰিমাণৰ সা-সম্পত্তি।
দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
15. খানাপাৰাৰ পশু চিকিৎসালয়ৰ খেলপথাৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী মহোৎসৱ।
সাংবাদিকৰ বিহুৰে আৰম্ভ হোৱা ৰঙালী মহোৎসৱত আজি অনুষ্ঠিত হয় ৰঙালী সাহিত্য আড্ডা।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতি প্রদৰ্শন কৰে এই ৰঙালী মহোৎসৱত।
16. লোকসভা নিৰ্বাচনত চাৰিখন আসন বিচাৰিব AGPএ।
১৪ টা সমষ্টিৰ ভিতৰত এটা জয়ী হোৱা সমষ্টি বিচাৰিব অগপই।
এই কথা ঘোষণা কৰিছে অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই।
17. যোৰহাটত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে।
মৃতদেহটো কেন্দুগুৰী ২নং বামুণগাঁৱৰ অবিনাশ শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে।
৫ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছিল অবিনাশ শইকীয়া
18. বজালীৰ পাঠশালাৰ কেন্দুগুৰিত মৰ্মান্তিক ঘটনা।
নিৰ্মিয়মান শৌচালয়ৰ গাঁতত পৰি এটি শিশুৰ মৃত্যু।
ঘৰৰ ভিতৰত খেলি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।
19. মিজোৰামৰ চাম্ফাইত বুজন পৰিমাণৰ বিদেশী সামগ্রী জব্দ কৰা হৈছে।
অসম ৰাইফলছৰ অভিযানত জব্দ কৰে বিদেশী সামগ্রীখিনি।
20. দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
নৰেন শৰ্মা স্মৃতি পথাৰত হোৱা এই বিহুত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এ।
Post navigation
Go Top