৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 26/2023:- 

1. বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান।
ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক সম্পৰ্কত আগবঢ়োৱা সেৱাৰ বাবে Order of Australia সন্মান আগবঢ়োৱা হৈছে।

2. দুদিনীয়া ভ্ৰমণসূচীৰে শিৱসাগৰত উপস্থিত সপত্নীক ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া।
আহোম ৰাজত্বকালৰ পৌৰাণিক কীৰ্তিচিহ্ন পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে।
বিয়লি জিলা প্ৰশাসনৰে বৈঠকত অংশ লয় ৰাজ্যপাল কাটাৰিয়াই।

3. পাঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান।
চণ্ডীগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে অন্তিম শ্ৰদ্ধাঞ্জলি।

4. শান্তনু ভৰালীক অসম মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপে নিযুক্তি প্ৰদান।
ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই প্ৰদান কৰে এই নিযুক্তি।

5. মুকেশ আম্বানীৰ দীৰ্ঘদিনীয়া কৰ্মচাৰী মনোজ মোদীক উপহাৰ হিচাপে দিলে ১৫শ কোটিৰ সম্পত্তি।
মুম্বাইস্থিত ‘বৃন্দাবন’ নামৰ এটা ২২ মহলীয়া অট্টালিকা উপহাৰৰূপে দিলে কৰ্মচাৰীগৰাকীক।

6. ৰাজ্যত পুনৰ ক’ভিড সংক্ৰমণৰ ঘটনা।
নগাঁৱত ২জন লোক ক’ভিডত আক্ৰান্ত হয়।

7. ১৫ মে’ত অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ।
১ মে’ত হাতী ছাফাৰী আৰু ১৬ মে’ত বন্ধ হ’ব জীপ ছাফাৰী।
উদ্যান কৰ্তৃপক্ষই জাৰি কৰিলে এই নিৰ্দেশনা।

8. প্ৰেয়সীৰ পিতৃৰ ফোনৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি দি গ্ৰেপ্তাৰ হয় ১৯ বছৰীয়া যুৱক।
ব্যক্তিগৰাকীৰ কন্যাৰ সৈতে থকা যুৱকজনৰ সম্পৰ্কক লৈ সুখী নাছিল পিতৃ।
পিতৃৰ অসন্তুষ্টতাৰ বাবেই ষড়যন্ত্ৰ ৰচি যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড।

9. অহা ১ মে’ত অনুষ্ঠিত হব অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান।
‘এ চেকুলাৰ ডেম’ক্ৰেচি ইন প্ৰেক্টিচ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য ড° শমিকা ৰৱিয়ে।
১ মে’ৰ বিয়লি ৫.৩০ বজাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

10. পুনেত অনুষ্ঠিত হয় ষষ্ঠ ৰোল বল বিশ্বকাপত ভাৰতীয় দলৰ ব্ৰঞ্জৰ পদক লাভ।
গলকিপাৰ হিচাপে ভাৰতীয় দলত অসমৰ আলিচা ফাৰহান।
আৰ্জেণ্টিনাৰ বিৰুদ্ধে পেনাল্টি শ্বট ৰক্ষা কৰে আলিচা ফাৰহানে।
ইজিপ্তৰ বিৰুদ্ধে ছেমি ফাইনেলত ‘মেন অৱ দ্য মেচ’ খিতাপ লাভ কৰিবলৈও সক্ষম হয় অসমৰ খেলুৱৈগৰাকীয়ে।

11. KLOৰ শান্তি সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক বিমল কুমাৰ বৰ্মনৰ পদত্যাগ।

12. “মোৰ বিৰুদ্ধে FIR দিলেও মই বিজেপিত যোগদান নকৰো।
FIR দিলেও কংগ্ৰেছৰ কোনোৱে যোগদান নকৰে বিজেপিত”- মন্তব্য কমলাক্ষ দে পুৰকায়স্থৰ।

14. প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল।
অশালীন মন্তব্যৰ বাবে অসম প্ৰদেশ বিজেপি আৰু ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই দাখিল কৰিলে পৃথকে পৃথকে দুখনকৈ এজাহাৰ।
কেৱল ৰাণা গোস্বামীয়েই নহয় সমগ্ৰ অসমৰ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৰাজহুৱাভাৱে ক্ষমা নোখোজিলে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ হুংকাৰ প্ৰদেশ বিজেপিৰ।

15. মথৰাপুৰ ৰোডৰ দিল্লী পাব্লিক স্কুলত বোমাতংক।
মেইলযোগে বোমা বিষ্ফোৰণৰ ভাবুকি বিদ্যালয় কৰ্তৃপক্ষক।
আজি পুৱা কোনো অচিনাক্ত ব্যক্তিৰ পৰা লাভ কৰে ভাবুকি।
খবৰ বিয়পি পৰা পাছতে সন্তানক নিবলৈ ততাতৈয়াকৈ বিদ্যালয়ত উপস্থিত হয় অভিভাৱক।
ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰশাসনক অৱগত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

16. চাপৰৰ ছছলাপাৰাত নৃশংস হত্যাকাণ্ড।
খেদি খেদি পিতৃক হত্যা কৰিলে তিনি পুত্ৰই।
হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে ৩ পুত্ৰই।
পাৰিবাৰিক কন্দলৰ পৰিণতিতেই সংঘটিত হয় এই ঘটনা।

17. গোলাঘাটৰ তপন নগৰত বিক্ৰী কৰ বিভাগৰ অভিযান।
শেখৰ চাহু নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে প্ৰায় আঢ়ৈ লাখ টকাৰ শীতল পানীয়।
কৰ ফাঁকিৰে ব্যৱসায়ীজনে এইসমূহ সামগ্ৰী অনাৰো অভিযোগ উঠিছে।

18. IIT খড়গপুৰৰ ছাত্ৰ অসমৰ ফৈজান আহমেদৰ মৃতদেহৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ।
অসমত কবৰস্থ ছাত্ৰগৰাকীৰ মৃতদেহ খান্দি উলিওৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ।
২০২২ চনৰ অক্টোবৰত IITৰ চৌহদত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ।

19. গুজৰাট টাইটানছৰ হাতত পৰাস্ত হ’ল মুম্বাই ইণ্ডিয়ানছ।
৫৫ ৰানত মুম্বাইৰ বিৰুদ্ধে জয়ী গুজৰাট টাইটানছ।
প্ৰথমে বেটিং আৰম্ভণিৰে গুজৰাটে ৬ উইকেট হেৰুৱাই ২০৮ ৰানৰ লক্ষ্য বান্ধি দিছিল মুম্বাই ইণ্ডিয়ানছক।
প্ৰত্যুত্তৰত অন্তিম অভাৰলৈকে যুঁজি যুঁজি ৯ উইকেটৰ বিনিময়ত ১৫২ ৰানতে স্তব্ধ মুম্বাই ইণ্ডিয়ানছ।

20. চত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ।
নক্সালবাদীৰ IED বিস্ফোৰণত শ্বহীদ হয় ১১জনকৈ জোৱান।

Leave a Reply

Your email address will not be published. Required fields are marked *