৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 27/2023:- 

1. “দেশত নতুনকৈ নিৰ্মাণ হ’ব ১৫৭ খন নাৰ্ছিং কলেজ।
আগন্তুক ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব নাৰ্ছিং কলেজসমূহ”।
ঘোষণা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যৰ।

2. পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী।
অনিদিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।

3. বোকাখাতৰ কমাৰগাঁও মহাবিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষ।
অনুষ্ঠানত অংশ গ্ৰহন কৰে মন্ত্ৰী অতুল বৰাই।

4. আজি পঞ্চভূতত বিলীন হ’ল পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, শিৰোমণি আকালি দলৰ প্ৰতিষ্ঠাপক প্ৰকাশ সিং বাদল।
মঙলবাৰে নিশা মৃত্যু হোৱা নশ্বৰদেহ আজি দুপৰীয়া চণ্ডীগড়ৰৰ দলীয় কাৰ্যালয়ৰ পৰা কঢ়িয়াই নিয়া হয় তেওঁৰ ওপজা ভূমি বাদল নামৰ গাঁওখনলৈ।

5. দিল্লীত DNLAৰ সৈতে চুক্তি চৰকাৰৰ৷
উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেইবাজনো মন্ত্ৰী, মুখ্য সচিব, DGP জি পি সিং।
লগতে DNLAৰ হৈ অধ্যক্ষসহ ১০ জন নেতাই অংশগ্ৰহণ কৰে।

6. ‘মে’ৰ ভিতৰত আলোচনাপন্থী আলফাৰে হ’ব পাৰে চুক্তিত স্বাক্ষৰ।
তেওঁলোকক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে খচৰা।’
মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

7. ডিফুবাসীৰ বাবে ভাল খবৰ৷
ডিফু আকাশবাণীয়ে লাভ কৰিলে এফএম ৷
২৮ এপ্ৰিলত ভাৰ্চুৱেলী মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

8. সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান।
২৯,৩০ এপ্ৰিলত সোণাৰিৰ ভগৱতী প্ৰসাদ সোৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
এইবাৰ মূলাগাভৰু বঁটা প্ৰদান কৰা হ’ব বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক।
সংবাদমেলত এই কথা জনালে সোণাৰিত টাই আহোম যুৱ পৰিষদে।

9. বিজনীৰ ভাওৰাগুৰিত আৰক্ষীৰ জালত কুখ্যাত ডকাইতৰ দল।
কুখ্যাত ডকাইতৰ দলটোৰ ৮ সদস্যক গ্ৰেপ্তাৰ কৰে বিজনী আৰক্ষীয়ে।
জব্দ কৰে দুখন বাহন, তৰোৱাল, খুকুৰী, ডেগাৰ, নগদ, ম’বাইল।

10. ‘ভুল যেতিয়া কৰাই নাই মই কিয় ক্ষমা খুজিম।
মেকিং কৰি এইবোৰ কৰা হৈছে।
কেৱল এখন পেপাৰৰ বাহিৰে বাকী ক’তো ওলোৱা নাই।
মই নাৰীক সম্মান কৰিব জানো।
নাৰীক লৈ মই কোনো কথা কোৱা নাই।’
মহিলাক অপমানৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ।

11. দৰ্শনাৰ্থীৰ বাবে সাময়িকভাৱে বন্ধ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ।
বুধবাৰে সংঘটিত হোৱা শোকাৱহ ঘটনাৰ পাছতে এই সিদ্ধান্ত।
সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল পাণ্ডুৰ এজন যুৱকৰ।
যুৱকজনৰ মৃত্যুৰ পাছতে আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

12. আজি মুকলি হ’ল বদ্রীনাথ ধামৰ দুৱাৰ।
১৫ কুইণ্টল ফুলেৰে সজোৱা হৈছে বদ্রীনাথ ধামৰ মুখ্যদ্বাৰ।
বদ্রীনাথৰ দৃষ্টিনন্দন তোৰণত উজলিছে অসমীয়াৰ স্বাভিমান গামোচা আৰু জাপি।
মুকলিৰ প্রথমদিনাৰ পৰাই দেখা গ’ল ভক্তসকলৰ ব্যাপক উছাহ।

13. নিশা খেৰণিত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল তিনিটাকৈ ঘৰ।
বিজয় চৌহান নামৰ লোকজনৰ ঘৰত বৈদ্যুতিক মিটাৰত জুইৰ সূত্ৰপাত হয়।
স্থানীয় ৰাইজে নিৰ্বাপিত কৰে জুই।
ঘটনাৰ ফলত কেইবালক্ষাধিক টকাৰ সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন হয়।

14. মৰিয়নিৰ খেৰমিয়া চাহ বাগিচাত তীব্ৰ উত্তেজনা।
মহিলা শ্ৰমিকক বাগিচা কৰ্তৃপক্ষৰ দুৰ্ব্যৱহাৰৰ অভিযোগ।
কাম বন্ধ কৰি চাহ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ কাৰ্যালয়।
অভিযুক্তক ২৪ ঘণ্টাৰ ভিতৰত চাকৰিৰ পৰা বৰ্খাস্তৰ দাবী শ্ৰমিকৰ।

15. হাইলাকান্দিত আৰক্ষীয়ে জব্দ কৰে চোৰাং বালি ভৰ্তি ট্ৰাক।
আৰক্ষীয়ে আটক কৰে ট্ৰাক খনৰ চালকক।

16. ৰূপহীহাটত প্রায় ১ কোটি টকাৰ ড্রাগছ জব্দ কৰা হয়।
বৰঘাটত ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ড্রাগছখিনি।
এজন যুৱকে ২৫টা চাবোনৰ বাকচত ভৰাই আনিছিল ড্রাগছ খিনি।

17. ব্ৰহ্মপুত্ৰৰ বুকুৰে জাঁজীমুখ হৈ চোৰাংকৈ গৰু সৰবৰাহ।
মূল অভিযুক্তক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে।

18. নগৰবেৰাৰ মহিশখুটিত ড্রাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।
ৰাইজে কৰায়ত্ত কৰে ড্রাগছ সৰবৰাহকাৰী ছাইনুৰ ইছলামক।

19. চত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্রমণ।
IED বিস্ফোৰণেৰে উৰুৱাই দিলে আৰক্ষীৰ বাহন।
আক্ৰমণত শ্বহীদ হয় ১০ জনকৈ DRG জোৱান।

20. পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।
শিলচৰত দুৰ্নীতি নিবাৰক শাখাৰ দুই চৰকাৰী কৰ্মচাৰীয়ে ২০ হাজাৰ টকা লৈ হাতে লোটে গ্ৰেপ্তাৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *