সন্মিলিত গণশক্তি অসমৰ উদ্যোগত “শ্ৰমিক অভিৱৰ্তন”।
অহা ১ মে’ত সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তিৰ সহযোগত “আন্তজাৰ্তিক শ্ৰমিক দিৱস” উপলক্ষ্যে গোগামুখ আবুতানি লত্তাত এখনি “শ্ৰমিক অভিৱৰ্তন” আয়োজন কৰিছে।
সন্মিলিত গণশক্তি অসমৰ ষষ্ট ত্ৰি-বাৰ্ষিক অধিৱেশনত ভাতৃ সংগঠন হিচাপে ‘সন্মিলিত শ্ৰমিক শক্তি অসম’ গঠন কৰিছিল সন্মিলিত গণশক্তি অসমে।
সাধাৰণতে ১ মে’ অৰ্থাৎ আন্তজাৰ্তিক শ্ৰমিক দিৱসত বিভিন্ন শ্ৰমিক সংগঠনে প্ৰতিবাদীমূলক কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। কিন্তু তাৰ বিপৰিতে সন্মিলিত গণশক্তি অসমে প্ৰথম বাৰৰ বাবে “শ্ৰমিক আইন আৰু শ্ৰমিকৰ অধিকাৰ”ৰ বিষয়ে শ্ৰমিক ৰাইজক সজাগ সচেতনতা অনাৰ উদ্দেশ্যে এখনী বিশেষ আলোচনা চক্ৰ অনুষ্টিত কৰিছে শ্ৰমিক অভিৱৰ্তনৰ জৰিয়তে।
Rnewsindia 24 ক কেন্দ্ৰীয় নেতৃবিন্দই জানিব দিয়ে যে উক্ত অনুষ্ঠানত বহু শ্ৰম বিশেষজ্ঞ, জেষ্ঠ শ্ৰমিক নেতা, শ্ৰম বিষয়া, ন্যায়িক দিশৰ লগত জড়িত বিশেষজ্ঞ, অসমৰ বিভিন্ন প্ৰান্তত অসমৰ খণ্ড শক্তি সমূহৰ পৰা ১০ জনকৈ প্ৰতিনিধিৰ লগতে ধেমাজী জিলাৰ ১২ টা শ্ৰমিক সংগঠন উপস্থিত থাকিব।
News Editor Sangita Dutta R News India 24