১ মে অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

আজি ১ মে অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস।

নিজৰ প্ৰাপ্য মজুৰি আৰু সন্মান আদায় কৰাৰ যুঁজখনত আজিও শ্ৰমিকসকল বঞ্চিত আৰু প্ৰতাৰিত।

১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক মৃত্যু হয়।

চিকাগোৰ সন্মিলনৰ সময়ত শ্বহীদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখটো আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস হিচাপে পালন কৰা হ’ব।
এই দিৱসটো পৃথিৱীৰ আন আন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা হয়।

শ্রমিকৰ অধিকাৰ সাব্যস্ত কৰা আৰু তেওঁলোকৰ কল্যাণ সাধন কৰা দেশবাসীৰ কৰ্তব্য।
যি তেজৰ বিনিময়ত বর্তমানে সমগ্র বিশ্বত শ্ৰমিকৰ দাবী প্রতিপন্ন হৈছে, সেই তেজ শান্তি, প্ৰগতি আৰু সাম্যৰ প্ৰতীক হওক।
চিকাগো চহৰৰ বাটে ঘাটে, ধূলিয়ে-বালিয়ে মিহলি হৈ থকা শ্ৰমিকৰ তেজৰ কণিকাবোৰ বিশ্বৰ শ্ৰমিক আৰু খাটি খোৱা মানুহৰ আদৰ্শ আৰু প্ৰেৰণাৰ চিৰযুগমীয়া উৎস হওক।

এইখিনিতে এটা কথা কব লাগিব, সৰুৰে পৰা দেখি আহিছোঁ দেউতাই সংসাৰখন ভালদৰে পোহপাল দিবলৈ যিখিনি পৰিশ্ৰম কৰি আহিছে, সেইয়াও শ্ৰমিকতকৈ কোনো গুনে কম নহয়।

কপালৰ ঘাম মাটিত পেলাই পৰিয়ালৰ বাবে কষ্ট কৰি উপাৰ্জন কৰা প্ৰতিগৰাকী শ্ৰমজীৱী লৈ Rnewsindia24 তৰফৰ পৰা ‘শ্ৰমিক দিৱস’ৰ শুভেচ্ছা জনালোঁ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *