৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 6/2023:- 

1. গুৱাহাটীত চিকিৎসকৰ বৰ্বৰ কাণ্ড।
প্ৰখৰ ৰ’দত চাদত বান্ধি থৈছিল তুলনীয়া কন্যাক।
শিশু নিৰ্যাতনত জড়িত চিকিৎসক দম্পতী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নিজাববীয়া গোচৰ ৰুজু।
এই কথা জনাই শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে।
পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছে ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে।
ডাঃ ৱালিউল ইছলামক CJM আদালতত হাজিৰ কৰা হয়।
৭ দিনৰ জিম্মাত বিচাৰিছে পল্টন বজাৰ আৰক্ষীয়ে।
বনকৰা মহিলা লক্ষ্মী ৰায়ক আদালতত হাজিৰ কৰা হয়।

2. মণিপুৰত সাময়িকভাৱে NEET বাতিল।
মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল টেষ্টিং এজেন্সী(NTA)য়ে ল’লে এই সিদ্ধান্ত।
কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ আবেদনৰ ভিত্তিত এই সিদ্ধান্ত।
৭ মে’ত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া আছিল NEET পৰীক্ষা।

3. মধ্যপ্ৰদেশত কৰ মুক্ত ‘দ্য কেৰালা ষ্ট’ৰী’।
মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে ঘোষণা কৰে এই কথা।
ইছলাম ধৰ্মাৱলম্বী বন্ধুৰ প্ৰৰোচনাত পৰি কেৰালাৰ এগৰাকী হিন্দু মহিলাৰ ধৰ্মান্তকৰণৰ বিষয়বস্তুৰে ‘দ্য কেৰালা ষ্ট’ৰী’।

4. চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক দিব কোনটো বিভাগত ইয়াৰ প্ৰস্তুতি আজি সম্পূৰ্ণ।
১১ মে’ত দিনৰ ৩ বজাত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ।
ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

5. অসমৰ ভূমিত অৰুণাচলীৰ তাণ্ডৱ।
অৰুণাচলীয়ে ভাঙিলে বন বিভাগৰ আঁচনিৰ পকী খুঁটা।
লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত এই ঘটনা।
মেথোন চাপৰিত প্ৰায় ৪০০ পকী খুঁটা ভাঙি পেলালে অৰুণাচলীয়ে।

6. ‘‘বিজেপি চৰকাৰে ঋণ লৈ ঘি খাইছে।
মুখ্যমন্ত্ৰী বিয়া খাবলৈ হেলিকপ্টাৰ লৈ যায়।
ডকাইতৰ দৰে কৰ সংগ্ৰহ কৰিছে চৰকাৰে।”
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য।

7. বিশিষ্ট অভিনেতা ৰবি শৰ্মালৈ ‘ৰংপুৰ সাংস্কৃতিক প্ৰাণ বঁটা’।
সাংস্কৃতিক জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া যুৱ মঞ্চই আগবঢ়ালে এই বঁটা।

8. অনন্ত লাল জ্ঞানীক নিলম্বন।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত নিলম্বন কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীক।
ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতো ঠিকা আবণ্টন দিয়াৰ অভিযোগ উঠিছে।

9. আমিনগাঁৱত নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামৰ উদ্যোগত ঐতিহাসিক কীৰ্তিচিহ্ন সম্বলিত কেলেণ্ডাৰ উন্মোচন।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এই অনুষ্ঠান জাৰ্নেলিষ্ট ফ’ৰামৰ।

10. মিছ ইউনিভাৰ্চ অষ্ট্ৰেলিয়াৰ ফাইনেলিষ্ট Sienna Weir মৃত্যু।
হৰ্চ ৰাইডিঙৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ২৩ বছৰীয়া মডেলগৰাকীৰ।
মডেলগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে অনুৰাগীক।

11. মণিপুৰত CRPFৰ CoBRA কামাণ্ডোক গুলীয়াই হত্যা।
ছুটীত থকাৰ অৱস্থাত গুলীয়াই হত্যা কৰে Chonkholen Haokip নামৰ জোৱানজনক।
বৰ্তমানলৈকে পোহৰলৈ অহা নাই ঘটনাৰ কাৰণ।

12. মহানগৰীৰ নাৰেংগীস্থিত OILত অঘটন।
বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হয় দুজন শ্ৰমিক।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন শ্ৰমিক।
আহত শ্ৰমিকজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে।
OILৰ চৌহদত ব’ৰিঙৰ কাম কৰি থকা অৱস্থাতে এই অঘটন।
সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ।

13. অসম-ত্ৰিপুৰা সীমান্তত জব্দ কৰা হৈছে বুজন পৰিমাণৰ য়াবা টেবলেট ।
জব্দকৃত য়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা।
ঘটনা সন্দৰ্ভত ৩জনক আটক কৰিছে আৰক্ষীয়ে।

14. কৰ্ণাটক নিৰ্বাচনত পৰাস্ত হোৱাৰ আশংকাত বিজেপি।
মল্লিকাৰ্জুন খৰ্গে আৰু তেওঁৰ পৰিয়ালক BJPয়ে হত্যা কৰিব বিচাৰিছে।
কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰণদ্বীপ সিং সুৰজেৱালাই বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

15. গুৱাহাটীৰ ৩টাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
ঘটনা সন্দৰ্ভত ৭জনক আটক কৰিছে আৰক্ষীয়ে।
বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে।
আটকাধীনকেইজনৰ পৰা উদ্ধাৰ কৰা হয় ৩৮ হাজাৰ টকা।
হুণ্ডাই বাহনসহ জব্দ কেইবাটাও মোবাইল।

16. বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি অসুস্থ।
সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

17. দিছপুৰ আৰক্ষীৰ জালত এটা প্রবঞ্চক।
প্রবঞ্চকটোৰ নাম কুশল গোস্বামী।
নিউজ চেনেল খোলাৰ নামত বিভিন্নজনৰ পৰা সংগ্রহ কৰিছিল ধন।

18. যোৰহাটৰ ঢেকেলীয়াত চাঞ্চল্যকৰ ঘটনা।
এগৰাকী কলেজীয়া ছাত্ৰীয়ে ৰাজহুৱা কৰিছিল ৭২ বছৰীয়া বৃদ্ধৰ অশ্লীল ভিডিঅ’।
ঘটনাৰ পিছতে আত্মহনন বৃদ্ধ গৰাকীৰ।
বৰ্তমান আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীক।

19. জলেশ্বৰৰ ঘুগুডোবাত পথ দুৰ্ঘটনা।
তীব্রবেগী বাছে মহটিয়া নিলে বাইক আৰোহীক।
দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন।

20. ম’ষ্ট ৱাণ্টেড খালিস্তানী সন্ত্ৰাসবাদী পৰমজিৎ সিং পঞ্জৱাৰ নিহত হয়।
পাকিস্তানৰ লাহোৰত পৰমজিতক গুলীয়াই হত্যা।
খালিস্তানী কামাণ্ডো ফৰ্চৰ মুৰব্বী আছিল পৰমজিৎ।

Leave a Reply

Your email address will not be published. Required fields are marked *