৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam May 5/2023:-
1. মণিপুৰক সকলো সহযোগিতাৰ আশ্বাস অসম চৰকাৰৰ।
মণিপুৰৰ মুখ্যমন্ত্ৰীৰে টেলিফোনিক বার্তালাপ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
টুইটযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই।
ইতিমধ্যে মণিপুৰলৈ যাবলগীয়া সকলো ৰে’ল চলাচল বাতিলকৰা হৈছে ।
মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰিছে।
2. DRDOৰ বিজ্ঞানী প্ৰদীপ কুৰুলকৰক গ্ৰেপ্তাৰ।
পাকিস্তানী এজেণ্টক তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
হানিট্ৰেপিঙৰ বলি হৈ হোৱাটচএপযোগে পাকিস্তানী চোৰাংচোৱাক তথ্য যোগান ধৰিছিল বিজ্ঞানীগৰাকীয়ে।
3. তেজপুৰৰ বাম বেছেৰীয়াত নৃশংস হত্যাকাণ্ড।
বনকৰা লোকে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকী উপেন নাথক।
বনকৰা হিচাপে থকা ধীৰেন তাঁতীয়ে ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিলে লোকজনক।
৪ বছৰ ধৰি উপেন নাথৰ ঘৰত আছিল ধীৰেণ তাঁতী।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
4. ছাৰ্বিয়াত পুনৰ গুলীচালনা।
অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনাত নিহত হয় ৮জন লোক আৰু আহত হয় ১০জনৰো অধিক লোক।
5. মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক ঘটনাক লৈ অধিক তৎপৰতা চৰকাৰৰ।
সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ সুৰক্ষা পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হৈছে চিআৰপিএফৰ প্ৰাক্তন ডিজি কুলদ্বীপ সিঙক।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ‘গুৰুতৰ গোচৰ’ত শ্বুট এট চাইট নিৰ্দেশো জাৰি কৰিছে চৰকাৰে।
ইতিমধ্যে সমগ্ৰ ৰাজ্যখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও।
5. শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ সহকাৰী অধীক্ষক মনোমোহন মড়লক ধমক দিলে কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে।
চিকিৎসালয়খনত নতুনকৈ আৰম্ভ হ’বলগীয়া প্ৰসূতি বিভাগৰ কামত অসন্তুষ্ট জিলা উপায়ুক্তগৰাকী।
বিসংগতি দেখা পোৱাত চিকিৎসক মনোমোহন মড়লক ধমক দিলে।
৬ মাহৰ ভিতৰত বিসংগতি দূৰ নকৰিলে ৬ মাহলৈ দৰমহা বন্ধ কৰাৰ হুংকাৰ।
7. অশান্তজৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ বীৰ জোৱান শ্বহীদ।
জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হ’ল সেনাৰ দুজনকৈ জোৱান।
সন্ত্ৰাসবাদীৰ আক্ৰমণত সেনাৰ এজন বিষয়াৰ লগতে আন ৩জন জোৱান আঘাতপ্ৰাপ্ত।
সন্ত্ৰাসবাদীৰ সন্ধানত এতিয়াও অভিযান চলি আছে।
8. জনপ্ৰিয় ইউটিবাৰ অগস্ত্য চৌহানৰ মৃত্যু৷
ঘন্টাত ৩০০ কিলোমিটাৰ বেগেৰে বাইক চলাই ভিডিঅ’ শ্বুট কৰি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ডেৰাডুনৰ জনপ্ৰিয় ইউটিবাৰ অগস্ত্য চৌহানৰ৷
9. ‘মোৰ দেউতা ১৫বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু অহংকাৰী মুখ্যমন্ত্ৰী নাছিল’৷ মন্তব্য গৌৰৱ গগৈৰ।
10. মহানগৰীৰ উলুবাৰীত চাঞ্চল্যকৰ ঘটনা।
এগৰাকী বৃদ্ধাক হত্যাৰ চেষ্টা নিজ কন্যা, নাতিয়েকৰ।
ইটা, ৰড, লাঠিৰে নিৰ্মম অত্যাচাৰ বৃদ্ধা গৌৰী চেত্ৰীক।
নিতৌ শাৰীৰিক নিৰ্যাতন চলাই নিজ কন্যা, নাতিয়েকে।
11. ‘মই ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলো৷
উন্নয়নৰ বিপৰীতে বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰহে ৰাজনীতি কৰে৷
জাতি-ধৰ্ম লৈ ৰাজনীতি কৰাৰ বাবে মই তিক্ততা অনুভৱ কৰিছিলো৷
বিজেপিক পৰাস্ত কৰিবলৈ আমি ভালদৰে ৰণনীতি প্ৰস্তুত কৰিম৷
কংগ্ৰেছত যোগদানৰ পাছতে এই মন্তব্য জয়ৰাম ইংলেঙৰ৷
12. বিজনীৰ ভাৰত-ভূটান সীমান্তৰ বল্লামগুৰীত অগ্নিকাণ্ড।
বল্লামগুৰী গাঁৱৰ মুছলিম উদ্দিনৰ ঘৰত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত তিনিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।
বিজনী অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই।
13. ‘উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈয়ে দায়িত্ব সামৰা নাই প্ৰধানমন্ত্ৰীয়ে৷
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে অত্যাধুনিক পদক্ষেপ লৈছে মোদীয়ে৷
উত্তৰ-পূবক ভাৰতৰ অন্যতম শক্তিশালী অঞ্চল হিচাপে গঢ় দিছে৷
প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ-পূব ভ্ৰমণৰ নিৰ্দেশ দিছে মোদীয়ে’।
ডিব্ৰুগড়ত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
14. নেপালৰ ছংখুৱাশ্ব’ভা জিলাত চিমৰিক এয়াৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
দৈৱক্ৰমে ৰক্ষা পৰে পাইলট।
‘অৰুণ-৩ হাইড্ৰ’ পাৱাৰ প্ৰজেক্ট’ৰ নিৰ্মাণ সামগ্ৰী অনা হৈছিল হেলিকপ্টাৰখনত।
15. ডিব্রুগড়ৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ বিত্তীয় গাণনিক বিষয়া গিয়াছ আলিক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
16. গুৱাহাটী ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান।
অভিযানত সোণৰ বিস্কুটসহ আটক কৰে সৰবৰাহকাৰীক।
জব্দকৃত বিস্কুটখিনিৰ ওজন ১ কিলোগ্ৰাম।
17. চিৰাঙত বন বিভাগ, SSB যৌথ অভিযান।
অভিযানত জব্দ কৰে ১০ লাখ টকাৰ শালকাঠ ভৰ্তি ট্ৰাক।
18. কৰিমগঞ্জত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন।
কৰিমগঞ্জৰ বাইপাছৰ পৰা জব্দ কৰে ৫৬৭ গ্রাম হেৰ’ইন।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৪ কোটি টকা।
19. নুনমাটিত ভয়ংকৰ ঘটনা৷
ট্ৰান্সফৰ্মাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।দপদপকৈ জ্বলিল ট্ৰান্সফৰ্মাৰ৷
চানমাৰি-নুনমাটি পথত থকা অসম চৰকাৰৰ ছপাশালৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড৷
20. বঙাইগাঁৱৰ ধনতোলা বজাৰত চাঞ্চল্যকৰ ডকাইতি।
ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ধনসহ সোণৰ অলংকাৰ
ঘটনাৰ পিছত অসুস্থ হৈ পৰা
ব্যৱসায়ী জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।