৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 10/2023:- 

1. শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে প্ৰস্তুত কৰা “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” শীৰ্ষক নৱতম আঁচনিখন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আঁচনিখনৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ হিতাধিকাৰী সকলে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰিব ।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক সকল, বি টি আৰ প্ৰশাসনৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিভিন্ন নিকায় আৰু নিগমৰ অধ্যক্ষ আৰু উপাধ্যক্ষ সকল আৰু বহু গণ্য মান্য ব্যক্তি।

2. আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে কলাক্ষেত্ৰখন।

3. আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া।
মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল।
২২৪খন আসনৰ বাবে আৰম্ভ নিৰ্বাচনী যুঁজ।
৫.২১ কোটি ভোটাৰে নিৰ্ণয় কৰিব ২,৬১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

4. বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱালৈ ‘বৰনগৰ ৰত্ন ঘনশ্যাম তালুকদাৰ বঁটা’।
বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনত প্ৰদান কৰা হয় এই বঁটা।

5. মহানগৰীৰ শিশু নিৰ্যাতনৰ সন্দৰ্ভত এজন সংবাদকৰ্মীক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিজিৎ বসু নামৰ সংবাদকৰ্মীজনক।

6. ‘ভাত বেছিকৈ খাওঁক, পাচলি কমকৈ খাওঁক’।
শাক-পাচলিৰ দাম বৃদ্ধি প্ৰসংগত সংবাদমেলত বিধায়ক অতুল বৰাৰ মন্তব্য।
লগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি কিনাৰ পৰিৱৰ্তে ঘৰতেই উৎপাদন কৰি খোৱাৰ পৰামৰ্শ আগবঢ়ালে বিধায়কগৰাকীয়ে।

7. মণিপুৰত ৪ মে’ৰ পৰা ৩০ মে’লৈ বিদ্যালয় বন্ধ ঘোষণা।
আগতীয়াকৈ গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰে মণিপুৰ চৰকাৰে।
১৫ মে’ৰ পৰা ৫ জুনলৈ বন্ধ থাকিব মণিপুৰ বিশ্ববিদ্যালয়।
মণিপুৰৰ শিক্ষানুষ্ঠানত নিৰাপত্তাৰক্ষীৰ শিবিৰ।

8. “বহুবিৱাহ নিষিদ্ধ হ’লে মুছলমান মহিলায়ো ৰক্ষা পাব।
এই আইনখন ৰাজ্যৰ বাবে হব”।
বহুবিৱাহ নিষিদ্ধকৰণৰ সিদ্ধান্তক সমৰ্থন জনাই বিধায়ক জাকিৰ হুছেইনৰ শিকদাৰৰ মন্তব্য।

9. গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেচনত জব্দ প্ৰায় ৬০ লাখ টকা।
ডিব্ৰুগড়-গুৱাহাটী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে টকাখিনি।
টকা সৰবৰাহকাৰী দুজনক আটক কৰে আৰক্ষী এ।

10. সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
জুইত ভস্মীভূত হয় দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
জুইত জাহ গ’ল এখন ফাৰ্মাচী আৰু এখন হোটেল।
অগ্নিকাণ্ডত প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ।

11. ছাত্ৰক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী এজন শিক্ষক।
শিলচৰ ৰংপুৰ ৰাচবিহাৰী এম ই স্কুলৰ শিক্ষক ইন্দাজ হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে।
দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগত গ্ৰেপ্তাৰ হয় শিক্ষকজন।

12. আদালতে ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
পাক ৰেঞ্জাৰ্ছে জিম্মাত লৈছিল ইমৰান খানক।

13. বোকাজানৰ টিংলিজানত লোমহৰ্ষক হত্যাকাণ্ড।
দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু হয় এজন যুৱকৰ।
হত্যা কৰি পথাৰত পেলাই থৈ গ’ল মৃতদেহ।
মৃত যুৱকজন ৰিমচন মাৰাক বুলি চিনাক্ত কৰা হৈছে।
টিংলিজানৰ গাৰো গাঁৱত সংঘটিত হৈছে এই ঘটনা।

14. কাছাৰৰ কালাইনত এচিড আক্ৰমণৰ ঘটনা।
ঘৰৰ পৰা মাতি নি যুৱকৰ মুখলৈ এচিড নিক্ষেপ দুৰ্বৃত্তৰ।
এচিড আক্ৰমণত গুৰুতৰভাৱে আহত হয় শংকৰ দাস নামৰ যুৱকজন।
সম্প্ৰতি SMCHত চিকিৎসাধীন হৈ আছে শংকৰ দাস।

15. বোকাখাতত ড্ৰাগছ, চিৰিঞ্জসহ যুৱকক গ্ৰেপ্তাৰ।
ধৃত যুৱকজন বালিজানৰ দ্বীপজ্যোতি দলে।
দ্বীপজ্যোতি দলেৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১.৬৬ গ্ৰাম হেৰ’ইন।
গঁড়ৰ খৰ্গৰ চোৰাং বেহাতো যুৱকজন জড়িত থকাৰ অভিযোগ।

16. গোৰেশ্বৰত CM ভিজিলেন্সৰ জালত জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা মৃদুল দুৱৰী ।
২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় অভিযন্তাগৰাকী।
জলসিঞ্চন বিভাগৰ শুক্লাই চেৰফাং গোৰেশ্বৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত কৰ্মৰত আছিল মৃদুল দুৱৰী।

17. ডিগবৈ বগাপানী চাহ বাগিচাৰ চাহ ফেক্টৰীত অগ্নিকাণ্ড।
যান্ত্রিক বিজুতিৰ ফলত সংঘটিত এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ক্ষয় ক্ষয়তিৰ পৰিমান বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

18. মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ সোণৰ বিস্কুট।
ফাঁচীবজাৰৰ এখন বিপণীত দিবলৈ আহিছিল সোণখিনি।
বৰ্তমানো অব্যাহত আছে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।

19. গোলাঘাটৰ নামবৰত ভয়ংকৰ দুৰ্ঘটনা৷
যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ৷
দুৰ্ঘটনাত কমেও ১৫জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা৷
আঘাতপ্ৰাপ্তক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বোকাজানৰ পৰা গোলাঘাটলৈ আহি আছিল বাছখন৷।

20. পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত চিকিৎসক ডাঃ ৱালিউল ইছলাম।
আজি আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত চিকিৎসকগৰাকীক।
কাইলৈ সংগীতা দত্তকো হাজিৰ কৰোৱা হ’ব আদালতত।

Leave a Reply

Your email address will not be published. Required fields are marked *