৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam May 11/2023:-
1. ‘আজি গঠন কৰা হ’ব বহুবিৱাহৰ বিৰুদ্ধে এখন কমিটী৷
৩ মাহৰ ভিতৰত মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিব কমিটীয়ে৷
২০২৪ৰ ভিতৰত প্ৰণয়ন কৰা হ’ব বহুবিৱাহৰ বিৰোধী আইন’৷
বহু বিবাহ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷
2. মহিলাক আতিশয্য চলোৱাৰ অভিযোগত আৰক্ষী বিষয়াক নিলম্বন।
গোচৰৰ তদন্ত কৰিবলৈ গৈ মহিলাক আতিশয্য চলোৱাৰ অভিযোগত নিলম্বিত হ’ল শিঙিমাৰী আৰক্ষী চকীৰ OC মোহন দলে।
মহিলাৰ গোচৰৰ ভিত্তিত নিলম্বিত মোহন দলেৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
3. “মূল্যবৃদ্ধি হৈছে বাবেই চাকৰিয়ালৰ দৰমহা বাঢ়িছে।আপোনালোকৰো অসুবিধা হৈছে যদি মালিকক দৰমহা বঢ়াবলৈ কওঁক”- মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।
4. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা বন্ধ হাতী ছাফাৰী।
২০২২–২৩ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী বন্ধ কৰা হৈছে।
বন বিভাগৰ ১২টা পোহনীয়া হাতী আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।
5. শীঘ্ৰেই ছবিগৃহলৈ আহিব অসমীয়া ছবি ‘ৰঘুপতি’।
২ জুনত মুক্তি পাব ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবিখন।
বুধবাৰে জ্যোতি চিত্ৰবনত মুকলি ছবিখনৰ ট্ৰেইলৰ।
ট্ৰেইলৰ মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে টীম ‘ৰঘুপতি’ৰ কলা-কুশলী সকল।
6. পুনৰ উত্তপ্ত অসম-মেঘালয় সীমান্ত।
পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত খাচী দুৰ্বৃত্তৰ তাণ্ডৱ।
হামৰেণৰ অসম-মেঘালয় সীমান্তৰ তাড’লাংছ’ত এই ঘটনা সংঘটিত হৈছে।
খাচী দুৰ্বৃত্তই কাটি তহিলং কৰে এখন বাগিচাৰ চাহ গছ।
দুৰ্বৃত্তই জ্বলাই দিলে বাগিচাখনৰ এটা টঙি ঘৰ।
বাধা দিবলৈ অহা স্থানীয় ৰাইজক দাৰে আক্রমণ কৰে দুৰ্বৃত্তই।
7. মহানগৰীৰ গণেশ মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অঘটন।
পেলুৰ ঔষধ খাই অসুস্থ ২৫গৰাকী ছাত্র-ছাত্রী।
ঘটনাক কেন্দ্র কৰি উত্তপ্ত বিদ্যালয়ৰ চৌহদ।
বিদ্যালয় কৰ্তৃপক্ষই দিয়া পেলুৰ ঔষধ খাইছিল শিক্ষাৰ্থীসকলে।
8. গুৱাহাটীবাসীৰ বাবে ভাল খবৰ।
কম দিনৰ ভিতৰতে মুকলি হব মালিগাওঁ উৰণীয়া সেতু।
বিমান বন্দৰৰ কাষত নিৰ্মান হব সুন্দৰ উদ্যান।
9. গোগামুখত আটক ড্রাগছ সৰবৰাহকাৰী।
নৈশ বাছৰ পৰা ব্রাউন ছুগাৰসহ আটক কৰে দুজনক।
জব্দ কৰে ৫০ গ্রাম ব্রাউন ছুগাৰ।
10. বিজনীৰ আনন্দ বজাৰত আৰক্ষীৰ অভিযান।
আনন্দ বজাৰৰ পৰা IPL জুৱাৰীক আটক কৰে।
জুটাৱাৰীটোৰ পৰা জব্দ কৰে নগদ ধন, এটা ম’বাইল৷
11. গহপুৰৰ উত্তৰ ডুবিয়াত মহিলাৰ ৰহস্যজনক মৃত্যু৷
স্বামীয়ে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ আত্মীয়ৰ৷
বল খেলা ষ্টাম্পেৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী উৰ্মিলা শইকীয়াক৷
হত্যাৰ পাছত ঘটনাক আত্মহননৰ ৰূপ দিয়াৰ অভিযোগ ৰাইজৰ৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী কুশল শইকীয়াক৷
12. মণিপুৰত পুনৰ নিৰাপত্তাৰক্ষী-বিদ্ৰোহীৰ মাজত ভয়াৱহ সংঘৰ্ষ।
সংঘৰ্ষত নিহত হয় আৰক্ষীৰ এজন ক’মাণ্ডো জোৱান।
আহত হয় তিনিজনকৈ আৰক্ষীৰ জোৱান।
বিষ্ণুপুৰ জিলাৰ ট্ৰং-লাউবি বংহাটত সংঘটিত এই ঘটনা।
13. পশ্চিম কাৰ্বি আংলঙৰ তাড’লাংছ’ত খাচি দুৰ্বৃত্তৰ সন্ত্ৰাস।
সীমান্তৰ চাহ বাগিচা কাটি জ্বলাই দিলে বাগিচাৰ টঙী ঘৰ।
14. গোৱালপাৰাৰ নৰনাৰায়ণৰ সেতুৰ সমীপৰ গোৱালপাৰা-বঙাইগাঁও সংযোগী নিৰ্মীয়মান দলঙত অঘটন।
নিৰ্মাণ কাৰ্য চলি থাকোঁতে নদীৰ সোঁতত উটি গ’ল ১১ নং খুটা।
হাউলি পৰিছে ১০নং খুটাও।
দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ।
15. শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন ২ কয়দীৰ।
কাৰাগাৰৰ দেৱালৰ তলেৰে সুৰংগ খান্দি পলায়ন কৰে কয়দী দুটাৰ।
হত্যাকাণ্ডৰ গোচৰত দণ্ডিত হৈছিল কয়দী দুটা।
16. আজি ইমৰান খান সন্দৰ্ভত ৰায়দান দিব পাক উচ্চতম ন্যায়ালয়ে।
ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক চমন উচ্চতম ন্যায়ালয়ৰ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফলৈও ন্যায়ালয়ৰ জাননী।
17. ইটালীৰ মিলান চহৰৰ মাজমজিয়াৰ ব্যস্ত অঞ্চলত পাৰ্কিঙত থকা এখন ভানত বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি।
জ্বলি ছাৰখাৰ হয় কেইবাখনো বাহন।
এতিয়ালৈকে জানিব পৰা হোৱা নাই হতাহত লোকৰ খবৰ।
বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহত সমগ্ৰ এলেকা ঘেৰাও কৰি অভিযান চলাইছে নিৰাপত্তাৰক্ষীয়ে।
18. নলবাৰীৰ ধমধমাৰ বালিতাৰাত নৃশংস হত্যাকাণ্ড৷
মাটিৰ সীমাক লৈ হোৱা সংঘাতত মৃত্যু হয় এজন যুৱক।
নিহত যুৱকজনৰ নাম অৰূপ কলিতা৷
হত্যাকাৰী মথুৰা কলিতাক আটক কৰে ধমধমা আৰক্ষী এ।
19. তেজপুৰত বনকৰা যুৱতীক নিৰ্যাতনৰ অভিযোগ।
খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অভিযন্তাৰ ঘৰত বনকৰা যুৱতীক নিৰ্যাতন।
কনিষ্ঠ অভিযন্তা মেঘালী শইকীয়া, স্বামী ৰাণা কাকতিৰ বিৰুদ্ধে অভিযোগ উথাপন হৈছে।
তেজপুৰৰ হজৰাপাৰৰ শংকৰ নগৰৰ বাসভৱনত সংঘটিত হয় এই ঘটনা।
20. অৱশেষত সন্ধান ওলাল চতিয়াৰ দৰা নয়নমণিৰ।
মহানগৰীৰ জয়ানগৰত সন্ধান ওলাল নয়নমণিৰ।
নিজ বিয়াৰ গহনা কিনিবলৈ গৈ জোৰোণৰ আগদিনাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
১২ বছৰীয়া প্ৰেম প্ৰতাৰণাৰ অভিযোগ নয়নমণিৰ বিৰুদ্ধে।
গুৱাহাটীত আত্মীয়ই উদ্ধাৰ কৰি চমজালে আৰক্ষীক।