৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam May 13/2023:-
1. আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হল।
কংগ্ৰেছে লাভ কৰিলে ১৩৬ খন আসন, বিজেপিয়ে ৬৫ খন আৰু JDS এ ১৯ খন আৰু অন্যান্য ৪ খন আসন লাভ কৰে।
2. সামাজিক মাধ্যম ফেচবুক ব্যৱহাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সাৱধানবাণী।
পৰিচিত ব্যক্তিৰ নামত ভুৱা প্ৰ’ফাইলেৰে পঠোৱা অনুৰোধ গ্ৰহণ কৰাৰ পূৰ্বে সতৰ্ক হোৱাৰ আহ্বান জনাইছে অসম আৰক্ষীয়ে।
তেনে প্ৰ’ফাইল পালে ব্ল’ক কৰাৰ পৰামৰ্শ আৰক্ষীৰ।
3. বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
অভয়াৰণ্যখনৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে।
পৰিদৰ্শনকালত উপস্থিত থাকে সাংসদ পল্লৱলোচন দাস, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ আৰু বহু গণ্যমান্য ব্যক্তি।
4. কৰ্ণাটকত ২-৩মাহ আগৰ পৰাই কংগ্ৰেছৰ চৰকাৰ হব বুলি ধাৰণা কৰা হৈছিল।
কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
5. কৰ্ণাটকৰ দৰেই হ’ব আন আন ৰাজ্যতো।
হিংসাৰে নিৰ্বাচনী যুঁজ চলোৱা নাছিল কংগ্ৰেছে।
সেয়া বুজিয়েই কংগ্ৰেছক আঁকোৱালি ল’লে জনতাই।
কৰ্ণাটক নিৰ্বাচনী ফলাফলৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া।
6. বটদ্ৰৱাত উপস্থিত হয় কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু।
দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থানত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
কীৰ্তন ঘৰত শৰাই আগবঢ়াই গুৰুজনাৰ আশিস ল’লে।
7. ‘তেওঁলোকে কংগ্ৰেছ মুক্ত-ভাৰতৰ কথা কৈছিল কিন্তু এতিয়া বিজেপি-মুক্ত দক্ষিণ ভাৰত’।
‘প্ৰথমে আমি হিমাচল প্ৰদেশ জিকিলোঁ আৰু এতিয়া কৰ্ণাটক’।
কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলত উৎফুল্লিত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেল।
8 জনতাই আমাক নিৰ্বাচিত কৰিছে, জনতাই বিজেপিক পৰাজিত কৰিছে।
কৰ্ণাটকৰ বাবে বহু কৰিব লগীয়া আছে।
নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে আমি কাম কৰিম বুলি মন্তব্য কৰে মল্লিকাৰ্জুন খাৰ্গেয়ে।
9. মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তৰ সহায়কাৰী উৎপলা বসুক কামৰূপ CJM আদালতত হাজিৰ কৰাই ৫ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰা হয়।
উৎপলা বসুৱে চিকিৎসক দম্পতীক যোগান ধৰিছিল দুই শিশুক।
10. গুৱাহাটী মহানগৰীত বাঘৰ আতংক।
গুৱাহাটী ফটাশীল আমবাৰী অঞ্চলত এটা নাহৰফুটুকীয়ে দুজন ব্যক্তিক আক্ৰমন কৰে।
দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰন কৰা হয়।
11. ‘বিভাজনৰ ৰাজনীতি দেশৰ ৰাইজে আৰু বিচৰা নাই।
দক্ষিণ ভাৰত বিজেপি মুক্ত হৈছে’ ।
কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনী ফলাফলক লৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া।
12. মহানগৰীৰ মালিগাঁও গাখীৰচ’কত
বাহনচালকক ছুৰীৰে আক্ৰমণ যাত্ৰীৰ।
গাড়ীৰ ভাড়াক লৈ যাত্ৰী-চালকৰ মাজত সংঘাত।
মেজিকচালকজনক ছুৰীৰে আক্ৰমণ কৰে যাত্ৰীয়ে।
৩০ টকা ভাড়াৰ পৰিৱৰ্তে যাত্ৰীজনে দিছিল ১০ টকা ভাড়া।
স্থানীয় লোকৰ সহযোগত আক্ৰমণকাৰীক আটক কৰে আৰক্ষী এ।
আহত চালক গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
13. ভাৰতীয় নৌসেনাৰ বৃহৎ সাফল্য।
১২ হাজাৰ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হয়।কেৰালাত জব্দ হৈছে বুজন পৰিমাণৰ হেৰ’ইনখিনি।
আৰৱ সাগৰেৰে সৰবৰাহ কৰিছিল হেৰ’ইনখিনি।
জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ ২,৫০০ কেজি।
14. ডিব্রুগড়ৰ মানকটা পথৰ উৰণ সেতুৰ সন্মুখত জ্বলি ভস্মীভূত হয় এখন স্ক’ৰপিঅ’।
যান্ত্রিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হয়।
15. মহাৰাষ্ট্ৰৰ পাৰভানী জিলাত শোকাবহ ঘটনা।
চেপ্টিক টেংক পৰিস্কাৰ কৰিবলৈ নামি শ্বাসৰুদ্ধ হৈ মৃত্যু হ’ল এটা শ্ৰমিক পৰিয়ালৰ ৫ জনকৈ সদস্যই।
এজন হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ একনাথ সিন্দে এই ঘটনাত শোক প্ৰকাশ কৰি নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰে।
16. বৰপেটা জিলাৰ চেনিমাৰী আজাদ মে’মৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন।
পাঠদান চলি থাকোঁতে হঠাতে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি অচেতন হৈ পৰিল ১৩ গৰাকীকৈ ছাত্ৰী।
17. নিশা চিলাপথাৰৰ গেলুৱাত উৎখাত ৰন্ধন গেছ চুৰি চক্ৰৰ ঘাটি।
আৰক্ষীয়ে জব্দ কৰে ৪০০তকৈও অধিক চুৰি গেছ চিলিণ্ডাৰ।
ঘটনা সন্দৰ্ভত ট্ৰাক চালকৰ লগতে মাষ্টাৰ মাইণ্ড মনোজ দত্ত আৰু বিৰলা কুলিক আটক কৰে আৰক্ষীয়ে।
18. বিজনীৰ বাল্লিমাৰীত ৪টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জুৱাৰীকেইটাক।
জব্দ কৰে নগদ ধনৰ লগতে ৪টা মোবাইল।
19. চিলাপথাৰ থানাৰ অন্তৰ্গত ২নং চিলি অসমীয়া গাঁৱত আৰক্ষীৰ অভিযান।
এই অভিযানকালতে আৰক্ষীয়ে কৌশলগতভাৱে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ২৮ বছৰীয়া এটা গাঞ্জা ব্যৱসায়ীক।
৯৭৭ গ্ৰাম গাঞ্জাসহ আৰক্ষীয়ে আটক কৰে ভদ্ৰ ভূঞা নামৰ ব্যৱসায়ীটোক।
20. মুকালমুৱাৰ মেৰুৱাট্টাৰীত আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানকালত জালত পৰে ৩টাকৈ জুৱাৰী।
ধৃত জুৱাৰীকেইটা ক্ৰমে বক্তাৰ আলী, ছাইফুল ইছলাম আৰু নজৰুল ইছলাম।
দীৰ্ঘদিনে জুৱাৰ বেহা চলাই অহা তিনিওৰে পৰা ম’বাইল, নগদ ধনৰ লগতে আৰক্ষীয়ে জব্দ কৰে জুৱাত ব্যৱহৃত কিছু সামগ্ৰী।
Post navigation
Go Top