৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 16/2023:- 

1. আজি তিনিচুকীয়া উপায়ুক্ত সন্মিলনৰ দ্বিতীয়টো দিন।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ শৰ্মা।
উপায়ুক্তসকলে মুখ্যমন্ত্ৰীক দাঙি ধৰিলে নিজ নিজ কামৰ খতিয়ান।
লগতে নতুনকৈ নিৰ্মিত কনভেনচন চেণ্টাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

2. অচিৰেই বহু মেদবহুল প্ৰশাসনিক বিষয়া, আৰক্ষীক দিয়া হ’ব অব্যাহতি৷
৩ মাহৰ সময়সীমা দিয়া হৈছে পেটুৱা, স্বাস্থ্যৰ প্ৰতি অসচেতন কৰ্মচাৰীক৷
IPS, APS, আৰক্ষী জোৱানসকলৰ কৰা হ’ব BMI টেষ্ট৷
৩০ আগষ্টত তেনে বিষয়া, জোৱানৰ কৰা হ’ব BMI পৰীক্ষা৷
নৱেম্বৰ মাহ পৰ্যন্ত স্বাস্থ্য সঠিক কৰাৰ সুবিধা মেদবহুল বিষয়া, জোৱানক৷
১৬ আগষ্টত DGPৰ দ্বাৰা আৰম্ভ হ’ব BMI পৰীক্ষা৷
টুইটযোগে এই কথা জনালে DGP জি পি সিঙে৷

3. আজি দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন৷
গুৱাহাটীৰ ITA মাছখোৱাতো আয়োজন কৰা হৈছে ৰোজগাৰ মেলাৰ৷
য’ত ২১৭ গৰাকী নিবনুৱাক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

4. জিলা পৰ্যায়ত সালসলনি হ’ব প্রশাসনিক কাৰ্য পদ্ধতিৰ।
সমষ্টিয়ে প্রতি থাকিব এটাকৈ চক্র বিষয়াৰ কাৰ্যালয়, ক্ষমতা বৃদ্ধি কৰা হ’ব জিলা উপায়ুক্তৰ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই এইসমূহ সালসলনি কৰা হ’ব ।
ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।

5. জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ঘোষণা।
CID-এ কৰিব আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ তদন্ত।
টুইটযোগে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ঘোষণা কৰে।
লগতে লখিমপুৰত ৰুজু হোৱা গোচৰৰো তদন্ত হব বুলি জনাই।

6. ২০২২ৰ এপ্ৰিলত ভাৰতৰ ৰপ্তানিৰ পৰিমান আছিল ৩৯.৭০ বিলিয়ন ডলাৰ।
এই পৰিমান ২০২৩ৰ এপ্ৰিলত ৩৪. ৬৬ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।
এই তথ্য সদৰী কৰে কংগ্ৰেছে।

7. “ছোনিয়া গান্ধী মোৰ জীৱনৰ ৰোল মডেল”।
“কংগ্ৰেছ মোৰ বাবে মাতৃসম”- মন্তব্য ডি কে শিৱকুমাৰৰ।

8. প্ৰথম মণিপুৰ ৰাইফলছত নিৰাপত্তা আৰু সমন্বয় বৈঠক।
বৈঠকত উপস্থিত থাকে ইম্ফল চহৰত নিয়োজিত সকলো কেন্দ্ৰীয়, ৰাজ্যিক বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল।
বৈঠকত অংশগ্ৰহণ কৰে সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী, চিআৰপিএফ, বিএছএফ আৰু আৰএএফৰ জ্যেষ্ঠ বিষয়াসকলে।
অসম ৰাইফলছে পৰিচালনা কৰা সভাখনত ভৱিষ্যতৰ আকস্মিক পৰিস্থিতিৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

9. আজিৰে পৰা ১৮ মে’লৈ কলাক্ষেত্ৰত ‘ভাইব্ৰেণ্ট নৰ্থ-ইষ্ট’ শীৰ্ষক প্ৰদৰ্শনী।
ড’নাৰ মন্ত্ৰালয়ৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী।
দেশৰ ভিন্ন প্ৰান্তৰ দুকুৰিৰো অধিক বিপণিয়ে অংশগ্ৰহণ কৰে।

10. অসম সন্তান আদিল হুছেইনলৈ এক বিশেষ সন্মান।
ইউ.কে এছিয়ান ফিল্ম ফেষ্টিভেলত “শ্ৰেষ্ঠ অভিনেতাৰ বঁটা” আদিল হুছেইনলৈ।
ফুটপ্ৰিণ্টছ অন ৱাটাৰ ছবিৰ বাবে এই বঁটা লাভ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাগৰাকীয়ে।

11. বানপানীৰ সময়ত জনসাধাৰণে ল’বলগা সাৱধানতা সন্দৰ্ভত চিৰাঙৰ আই নৈত ভাৰতীয় সেনাৰ যৌথ অনুশীলন।
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ উপ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ উপাধ্যায়।

12. বলীউড ষ্টাৰ অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মাৰ বিৰুদ্ধে মুম্বাই থানাত গোচৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ।
হেলমেট অবিহনে বাইকেৰে যাত্ৰা কৰাৰ বাবেই তাৰকা দুগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।
ইয়াৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছে মুম্বাই আৰক্ষীয়ে।

13. ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হল GMCHৰ কৰ্মচাৰী।
চতুৰ্থ বৰ্গৰ নিলম্বিত কৰ্মচাৰীজন বিমল কুমাৰ দাস।
ইউনিফৰ্মত থকা SSBৰ জোৱানক কৰিছিল দুৰ্ব্যৱহাৰ।
GMCHৰ MRD কক্ষত পংকজ হাজৰিকা নামৰ লোকজনকো কৰিছিল দুৰ্ব্যৱহাৰ।
ঘটনা সন্দৰ্ভত GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাক অৱগত কৰে পংকজ হাজৰিকাই।
CC TVৰ দৃশ্যাংশ চাই কৰ্মচাৰীজনক তাৎক্ষণিকভাৱে নিলম্বন কৰে অধীক্ষকে।

14. নিউজিলেণ্ডৰ এটা হোষ্টেলত ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত ১০জন মৃত্যু হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপণ কৰা হয় জুই৷

15. পাকিস্তানৰ পেছাৱাৰৰ কোহাট জিলাত ভয়ংকৰ ঘটনা৷
দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট৷
ঘটনাত ১৬জনৰ মৃত্যু হয়৷
এটা কয়লা খনিৰ সীমাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষ৷

16. শিলচৰৰ ৰামনগৰ বাইপাছত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ দাঁতিত ৰৈ থকা ট্ৰাকত খুন্দা কৰিমগঞ্জ আৰক্ষীৰ বাহনৰ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৮ জোৱানসহ বাহনৰ চালক।
কৰিমগঞ্জলৈ ওভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।
আহত আটাইকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।
সুৰাপান কৰি বাহন চলোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

17. নাওবৈচাৰ পহুমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন তেলৰ টেংকাৰে মহতিয়াই নিলে স্কুটী আৰোহীক।
থিতাতে নিহত হয় স্কুটী আৰোহী গৰাকী।
আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খন।

18. শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টোৰ কৰ্মচাৰী ববী খান শইকীয়া।
মাটিৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ঘোচ লৈছিল ববী খান শইকীয়াই।

19. নিউজিলেণ্ডৰ ৰাজধানী ৱেলিংটনৰ এটা বহুমহলীয়া হোষ্টেলত ভয়াৱহ অগ্নিকাণ্ড।
সোমবাৰে নিশা সংঘটিত এই ঘটনাত কমেও ১০ জন লোকে প্রাণ হেৰুৱাই।
৫২জনক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে কমেও ২০জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

20. ‘বিজেপিৰ ৰাৱণৰ ৰাজ্য আঁতৰাই অসম কংগ্ৰেছে গঢ়িব ৰামৰাজ্য৷
নামঘৰৰ নাম-প্ৰসংগতো চৰ্চা হয় হনুমানৰ।
জয় শ্ৰী ৰাম ধ্বনিৰো আছে প্ৰাসংগিকতা’- এই মন্তব্য দেৱব্ৰত শইকীয়াৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *