৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam May 26/2023:-
1. লখিমপুৰ আৰক্ষীৰ অভিযানক প্ৰশংসা কৰে DGP জি পি সিঙে।
নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক টুইটাৰযোগে প্ৰশংসা কৰে DGP গৰাকীয়ে।
2. ১ জুনৰ পৰা আৰম্ভ হ’ব HSLCৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আৱেদন প্ৰক্ৰিয়া।
১০ জুনলৈকে আৱেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে।
ছেবাই জাৰি কৰিলে নিৰ্দেশনা।
3. ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব নতুন সংসদ ভৱন ।
সেই বিশেষ দিনটোতে মুকলি হ’ব ৭৫ টকীয়া নতুন মুদ্ৰা ।
4. . ৪০,০৯৬ ভূমিহীন লোকে লাভ কৰিছে PMGYৰ গৃহ ।
২৫ মাহত ৭,৫৯,১৬৩ টা PMGY গৃহ নিৰ্মাণ সম্পূৰ্ণ।
কিস্তি অনুসৰি হিতাধিকাৰীয়ে লাভ কৰি আছে আৱণ্টিত গৃহৰ নামত ধন।
সংবাদ মেলত সদৰী কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।
5. ‘চৰকাৰে যি ধাৰা দিয়ে দিয়ক।
১৪৪ধাৰা উফৰাই আমি মাধ্যম ৰক্ষাৰ বাবে মাহজোৰা আন্দোলন ৰূপায়ণ কৰিমেই’৷
ৰাজ্যৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ আছু৷
শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এই মন্তব্য কৰে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
6. ২৯ মে’ৰ পৰা ৩১ মে’লৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ।
দৰঙৰ প্ৰায় ১২খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড’জাৰ।
দৰং জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী।
উচ্ছেদিতৰ অনুৰোধ মৰ্মে ১০খনকৈ নাৱৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে।
7. খাৰঘুলিৰ ঘটনাত মৃতকৰ আত্মীয়লৈ সাহায্য ঘোষণা৷
৪৮ ঘণ্টাৰ ভিতৰত ২ লাখ টকা প্ৰদান কৰিব চৰকাৰে৷
আঘাতপ্ৰাপ্তক প্ৰদান কৰিব ১০ হাজাৰ টকাকৈ৷
ক্ষতিগ্ৰস্ত পৰিয়ালকো সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে৷
ঘটনাস্থলীত উপস্থিত হৈ জনালে মন্ত্ৰী যোগেন মহনে ৷
8. হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰখ্যাত শৰীৰচৰ্চাবিদ তথা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া প্ৰেমৰাজ আৰোৰা।
ঘৰৰ বাথৰুমৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে ৪২ বৰ্ষীয় শৰীৰ চৰ্চাবিদগৰাকীৰ মৃতদেহ।
9. নাৰায়ণপুৰত আৰক্ষীৰ অভিযান।
কেইবালাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে।
লগতে ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে আৰক্ষীয়ে।
10. ২০২২-২৩ বিত্তীয় বৰ্ষত ৬৮১০.৪০ কোটি টকা লাভেৰে OILৰ অভিলেখ।
এইপৰ্যন্ত এটা বিত্তীয় বৰ্ষত এয়াই সৰ্বাধিক লাভ অইল ইণ্ডিয়া লিমিটেডৰ।
OILৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি ঘোষণা কৰে CMD ৰঞ্জিত ৰথে।
11. ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ বুটলিলে অসম সন্তান শ্বুটাৰ হৃদয় হাজৰিকাই।
খেল’ ইণ্ডিয়া ইউনিভাৰচিটী গেমছ ২০২৩ৰ শ্বুটিং ইভেণ্টৰ ১০ মিটাৰ এয়াৰ ৰাইফলত হৃদয়ে জিনিলে স্বৰ্ণ পদক।
12. ‘গদাৰ কোব কাৰ পিঠিত পৰে Let’s See ।
আমি ১২+ আসন পামেই’- মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
13. ড্ৰাগছ মাফিয়াৰ আক্ৰমণত ছাত্ৰনেতাৰ মৃত্যু।
নাগালেণ্ডত ড্ৰাগছ মাফিয়াই ছাত্ৰনেতা আহুৱা কন্যাক হত্যা কৰাক লৈ উত্তেজনা।
টাছুৰ অধ্যক্ষ আহুৱা কন্যাক দাৰে ঘপিয়াই হত্যা কৰে।
টিজিট নামছা অঞ্চলত কন্যাকৰ নেতৃত্বত চলিছিল ড্ৰাগছবিৰোধী অভিযান।
ড্ৰাগছ মাফিয়াটোৰ ঘৰত অভিযান চলাবলৈ যাওঁতেই অতৰ্কিত আক্ৰমণ।
ঘটনাৰ পাছতে ২৪ ঘণ্টা টিজিট বন্ধ ঘোষণা ছাত্ৰ সংগঠনটোৰ।
ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা।
14. সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল সোণাৰিৰ ভজো চাৰিআলিস্থিত লক্ষ্মী ড্ৰাগ হাউচৰ গুদাম।
কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।
বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘট্ত হোৱাৰ সন্দেহ কৰা হৈছে।
15. ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ।
দৃষ্টিশক্তিহীনসকলৰ বাবে বিশেষ বিদ্যালয় স্থাপন।
পূব কাৰ্বি আংলঙৰ খটখটি গাঁৱত দৃষ্টিশক্তিহীনৰ বাবে বিদ্যালয় নিৰ্মাণত সহায় আগবঢ়ায় ভাৰতীয় সেনাৰ গজৰাজ ক’ৰ্পছে।
‘Operation SADBHAVANA’ৰ অধীনত ইতিমধ্যে ভাৰতীয় সেনাই অনগ্ৰসৰ অঞ্চলসমূহত বিভিন্ন প্ৰকল্প ৰূপায়নৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে।
16. মুকালমুৱাৰ ঘোগাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জব্দ কৰে ৫.২৭ গ্ৰাম সন্দেহজনক হেৰ’ইন।
আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী নুৰ আলমক।
নুৰ আলমৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান।
17. অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুন আলহী।
চিৰিয়াখানালৈ অনা হয় এটা জিৰাফ।
পাটনাৰ পৰা কণ্টেইনাৰযোগে গুৱাহাটীলৈ অনা হয় জিৰাফটো।
18. ফকিৰাগ্ৰামত আৰক্ষীৰ বাহনৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়৷
শক্তি আশ্ৰম জে বি স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী শ্বাহেনয়াজ খন্দকাৰ।
বিদ্যালয়ৰ পৰা ওভতাৰ পথত খুন্দা মাৰে বলেৰ’ বাহন খনে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS19E0998 ৷
19. . ‘মানৱতাৰ খাতিৰত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ অতি সোনকালে তদন্ত হ’ব লাগে, দোষীয়ে শাস্তি পাব লাগে’- মন্তব্য প্ৰমোদ বড়োৰ।
20. তৃতীয় বৰ্গৰ সদ্যনিযুক্তি প্ৰাপ্ত যুৱকৰ মৃত্যু।
নিযুক্তি পত্ৰ লৈ ঘৰলৈ উভতাৰ পথতে ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হয় বৰদৌলগুৰিৰ উজ্জ্বল নাথ।