৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 28/2023:- 

1. আজি দেশবাসীলৈ অৰ্পণ কৰিলে নতুন সংসদ ভৱন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে সংসদ ভৱন।
ধৰ্মীয় ৰীতি-নীতি অনুসৰি স্থাপন কৰা হয় চেংগোল।

2. কাইলৈ গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ হব বন্দে ভাৰত এক্সপ্ৰেছৰ।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণী কৰিব ৰেলখনৰ যাত্ৰা।

3. আজি আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ ৮৯ সংখ্যক আৱিৰ্ভাৱ তিথি।
ভকত-বৈষ্ণৱৰ নাম-কীৰ্তনেৰে উদুলি-মুদুলি সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰম।
কৃষ্ণগুৰু প্ৰভুৰ আৱিৰ্ভাৱ তিথি উপলক্ষ্যে সেৱাশ্ৰমত ব্যাপক আয়োজন কৰা হয়।

4. চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ কৰে CID এ।
গাড়ী পঞ্জীয়নৰ নামত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

5. আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান৷
প্ৰায় ২১ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ৷
দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান৷

6. নগাঁৱৰ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী উদ্‌যাপন।
৭৫ খন পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয় মহাৰজত জয়ন্তী অনুষ্ঠানৰ।
ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে উদুলি-মুদুলি হৈ পৰে বিদ্যালয়ৰ চৌহদ।

7. বৰপেটা APDCLৰ কাণ্ডজ্ঞানহীনতাৰ বলি হ’ল এগৰাকী অস্থায়ী কৰ্মচাৰী৷
হাইভল্টেজৰ ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট কৰ্মচাৰীজন৷
কৰ্মচাৰীজন বৰপেটাৰ শান্তিনগৰ নিৱাসী কুলদ্বীপ দাস৷
সম্প্ৰতি সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কুলদ্বীপ৷

8. যৌন নিৰ্যাতনৰ অভিযোগত POCSOআইনৰ অধীনত অধ্যক্ষ আছাৰ উদ্দিনক গ্ৰেপ্তাৰ কৰা হয়।

9. গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় মনোবিজ্ঞান বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ২০২৩।
জালুকবাৰীত ৩৬ বছৰীয়া স্মৃতি সোঁৱৰিলে প্ৰাক্তন শিক্ষাৰ্থীয়ে।
অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু বহু গণ্যমান্য ব্যক্তি।

10. নগাঁৱৰ SP নৱনীত মহন্তৰ নিৰ্দেশত ৰূপহীহাটত অভিযান৷
অভিযানৰ খবৰ পাই ঘৰৰ চিলিঙত উঠি আত্মগোপন ড্ৰাগছ মাফিয়াৰ৷
তথাপি আৰক্ষীয়ে বিচাৰি উলিয়ালে ড্ৰাগছ মাফিয়া আব্দুল খালেকক৷
পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত জে’ললৈ গৈছিল আব্দুল৷

11. কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা ওৰাং ৰাষ্ট্রীয় উদ্যানলৈ বন্যপ্রাণী কৰিড’ৰ মুকলি কৰিবৰ বাবে শোণিতপুৰ জিলা প্রশাসনৰ বৃহৎ উচ্ছেদ অভিযান।
দুদিনীয়াকৈ চলিবল এই উচ্ছেদ অভিযান।
৯ টাকৈ চৰত বেদখলমুক্ত কৰা হ’ব ১১ হাজাৰ বিঘা ভূমি।

12. ‘দিছপুৰৰ ৰাজনীতিত মই নাই, কোনো ৰাজনৈতিক দলৰ সৈতে মোৰ মিত্ৰতা নাই ‘
নিজৰ দলটোক শক্তিশালী কৰাৰ বাবেহে কাম কৰিছো
SI জোনমনি ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি চিবিআইৰ তদন্ত দাবী হাগ্ৰামা মহিলাৰীৰ।

13. মণিপুৰত সেনা-আৰক্ষীৰ বৃহৎ অভিযান।
৮ ঘণ্টাৰ ভিতৰত সেনাৰ গুলীত মৃত্যু হয় ৪০টা উগ্ৰপন্থী।
গৃহমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে সেনা-আৰক্ষীৰ যৌথ অভিযান।
সোমবাৰে মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
নিহত উগ্ৰপন্থীকেইটাৰ পৰা কেইবাটাও মাৰণাস্ত্ৰ জব্দ কৰা হয়।

14. চিলাপথাৰ-লিকাবালি পথত অগ্নিকাণ্ড৷
হঠাৎ জুই লাগিল ফুডভিলা নামৰ হোটেলখনত৷
অগ্নিকাণ্ডত ৪টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয়।

15. লখিমপুৰৰ বঙালমৰাত নকল সোণসহ সৰবৰাহকাৰীক আটক কৰা হৈছে।
ধৃত সৰবৰাহকাৰীটো আশ্ৰাফুল আলী।
১৩খন নকল সোণৰ নাও, ৬টা সোণৰ টুকুৰা জব্দ কৰা হয়।
মঙলদৈলৈ সৰবৰাহৰ চেষ্টা কৰিছিল নকল সোণখিনি।
নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে অব্যাহত থকা আৰক্ষীৰ অভিযানত লখিমপুৰত বৰ্তমানলৈকে গ্ৰেপ্তাৰ হৈছে ৬২ জন ব্যক্তি।

16. ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযান৷
অভিযানত নিচাজাতীয় টেবলেট বিক্ৰীৰ সময়তে আটক কৰে ২ ড্ৰাগছ ব্যৱসায়ীক৷

17. নাগালেণ্ডৰ ঘটনাক তীব্ৰ গৰিহণা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
নগা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্তৃপক্ষক।
উল্লেখ্য,২৭ মে’ত NSFৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰিছিল দুৰ্বৃত্তই।

18. ৰঙিয়াত গঁড়ৰ খৰ্গ জব্দ কৰা হৈছে।
খৰ্গসহ আটক জেহৰুল ইছলাম নামৰ এজনক।
ধৃত জেহৰুল ইছলামৰ ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰত।
মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন বাহনসহ দুটাকৈ মোবাইল ফোনও জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে।

19. শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।
নাম সোণমণি বৰা।

20. অভয়াপুৰীৰ দেওহাটীৰ ৰাষ্ট্রীয় ঘাইপথত অঘটন।
ৰাজপথতে চলন্ত বাহনত দাওদাওকৈ জ্বলি উঠে।
কথমপি প্ৰাণ ৰক্ষা পৰে চাৰিজন আৰোহীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *