৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam May 29/2023:-
1. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰে উত্তৰ-পূব তথা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তি।
গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিলৈ চলিব এই বন্দে ভাৰত এক্সপ্ৰেছখন।
2. বিজেপি চৰকাৰৰ নৱম বৰ্ষপূর্তিৰ উপলক্ষে হোটেল ভিভাণ্টাত মত বিনিময় অনুষ্ঠান।
অসমৰ সংবাদগোষ্ঠীৰ স্বতাধিকাৰী, মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক আৰু সংবাদকৰ্মীৰে মত বিনিময় অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।
3. এতিয়াৰে পৰা কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ নিদিয়াৰ সিদ্ধান্ত Guwahati On Wheelsৰ ।
4. দুৰ্নীতি নিবাৰক জালত পৰে চক্ৰ পৰিদৰ্শক গণেশ বৰ্মন।
৪০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় চক্ৰ পৰিদৰ্শকগৰাকী।
বাক্সাৰ জালাহ আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক আছিল গণেশ বৰ্মন।
5. ৰাজ্যত আন এক শোকাৱহ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু হয়।
হাইলাকান্দিৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৈয়দবন্দ এলেকাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ বৈদ্যুতিক খুঁটাত খুন্দিয়াই বাগৰি পৰে অল্ট’ বাহন।
ফলত থিতাতে নিহত হয় বাহনখনৰ চালক আজিম উদ্দিন লস্কৰ।
6. অসম ৰাজ্যিক চিৰিয়াখানালৈ ৩০ বছৰ পিছত অনা হ’ল এহাল জেব্রা, পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাঁহ মেণ্ডাৰিনৰ আৰু লগতে এজনী জিৰাফ।
সোমবাৰে বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে চিৰিয়াখানাত মুকলি কৰি দিয়ে জন্তুকেইটাক।
চিৰিয়াখানাত এতিয়া ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে।
7. কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা৷
বাছ আৰু চাৰিচকীয়া এখন বাহনৰ মুখামুখি সংঘৰ্ষত ২ শিশুসহ ১০ জনৰ মৃত্যু হয়।
মহীশূড়ৰ সমীপৰ নৰশিপুৰত এই দুৰ্ঘটনা সংঘটিত হয়।
8. ডিব্ৰুগড়ত কেঁচুৱা বিক্ৰী কৰিবলৈ অহা দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে।
৯০ হাজাৰ টকাত বিক্ৰীৰ যো-জা চলাইছিল সদ্যোজাত সন্তানটিক।
9. ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন।
প্ৰায় ২১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰে প্ৰশাসনে।
উচ্ছেদৰ বাবে মোতায়েন ২০০০ আৰক্ষী জোৱান।
10. মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৭জনকৈ ছাত্ৰ।
নিহত আটাইকেইজন ছাত্ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ।
*দুৰ্ঘটনাৰ তদন্তৰ বাবে গঠন কৰা তদন্ত সমিতিৰ পৰা দুজনক আঁতৰাই দিয়া হ’ল ।
৭ নং হোষ্টেলৰ অধীক্ষক শশাংক শেখৰ শৰ্মা আৰু ৬ নং হোষ্টেলৰ অধীক্ষক পি কে চৌধুৰীকো আঁতৰোৱা হ’ল সমিতিৰ পৰা ।
এতিয়া ৮গৰাকী সদস্যৰে গঠিত সমিতিয়ে চলাব তদন্ত প্ৰক্ৰিয়া।
11. অচিৰেই ন-ৰূপ পাব গুৱাহাটী ৰে’ল ষ্টেচনে৷
জাপানৰ দৰে বিশ্বমানৰ ষ্টেচন নিৰ্মাণৰ ঘোষণা৷
গুৱাহাটীত এই ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ৷
12. অসম মন্ত্ৰীসভাত দপ্তৰ সালসলনি কৰা হয়।
২ মন্ত্ৰীৰ দপ্তৰ সালসলনি৷
নন্দিতা গাৰ্লোচাৰ পৰা খনি আৰু খনিজাত সামগ্ৰী দপ্তৰ কৰ্তন।
যোগেন মহনৰ দায়িত্বত পুনৰ এই গুৰুত্বপূৰ্ণ বিভাগ৷
নন্দিতা গাৰ্লোচাক দিয়া হ’ল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ৷
পূৰ্বে মুখ্যমন্ত্ৰীৰ অধীনত আছিল ক্ৰীড়া দপ্তৰ৷
13. বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক ৰহিজুদ্দিন আহমেদৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন গৃহৰক্ষী সোণাৰুদ্দিন শ্বেইখ।
আদালতলৈ কেছ ডায়েৰী প্ৰেৰণৰ নামত লৈছিল উৎকোচ।
14. গুৰুতৰভাৱে অসুস্থ বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেনক’।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাত কৰাৰ পিছতে অসুস্থ হৈ পৰা ৬৮ বৰ্ষীয় আলেকজেণ্ডাৰ লুকাছেনক’ক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় মস্কোৰ এখন হাস্পতালত।
15. ‘গুৱাহাটীত থকা ল’ৰা-ছোৱালীসকলৰ লগত অভিভাৱকে সঘনাই যোগাযোগ ৰাখক।
ল’ৰা-ছোৱালীসকলে কি কৰিছে খবৰ লওক।’
জালুকবাৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই আহ্বান মুখ্যমন্ত্ৰীৰ।
16. গোৱালপাৰাৰ জলেশ্বৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জব্দ কৰে ৩৫টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।
আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী গোলাম হুছেইনক।
17. নকল সোণ আৰু জালি নোটৰ পিছত এইবাৰ গাঞ্জা আৰু সুৰাৰ বিৰুদ্ধে অভিযান চলিব লখিমপুৰত।
জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা গাঞ্জা আৰু সুৰাৰ ব্যৱসায় উৎখাত কৰিবলৈ সাজু হৈছে জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
18. দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড৷
লাজপট নগৰৰ কেন্দ্ৰীয় বজাৰত সংঘটিত হয়।
অগ্নিকাণ্ডত বিধ্বস্ত হয় কেইবাখনো দোকান৷
19. জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ৰ শোণিত হাজৰিকা আৰু বিকাশ ভট্ট নামৰ কৰ্মচাৰী দুজনে চাকৰি প্রাৰ্থীৰ পৰা
উৎকোচ সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
সদ্য নিযুক্তি প্রাপ্ত চাকৰি প্রাৰ্থীক ফিটনেছ চাৰ্টিফিকেট দিয়াৰ নামত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে ১০০ৰ পৰা ৩০০ টকা পৰ্যন্ত উৎকোচ সংগ্রহ কৰা ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত।
20. নৱগ্ৰহ শ্মশানৰ সমীপত ৰিয়ান পৰাগৰ দুৰ্ঘটনা।
জীমৰ পৰা ওলাই আহোঁতে সংঘটিত হয় এই দুৰ্ঘটনা।