৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 30/2023:-

1. গোগামুখত মিচিং আগম কেবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনিল কুমাৰ পেগু, উপাধ্যক্ষ যগেশ্বৰ কুটুম আৰু বহু গণ্যমান্য ব্যক্তি।
অনুষ্ঠানটিত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ মিচিং ভাষাৰ ১১খন পাঠ্যপুথি উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

2. দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ৷
দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন৷
সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ছিছ’দিয়া৷
CBI-এ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক৷
ছিছ’দিয়াৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ বুলি উল্লেখ দিল্লী HCৰ৷

3. আজি পুনৰ CM ভিজিলেন্সলৈ তলব সাংবাদিক পূজা দাসক।
CM ভিজিলেন্সে তলব কৰিছে মাইনা শইকীয়া ওৰফে অনুপ শইকীয়াকো।
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বহু সংবাদকৰ্মী-RTI কৰ্মী।
SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মাসহ ৯ অভিযুক্ত সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত।

4. মহাৰাষ্ট্ৰৰ ‘স্মাইল এম্বেছেডৰ’ ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰ৷
স্বচ্ছ মুখ অভিযানৰ অংশ হিচাপে তেণ্ডুলকাৰক দায়িত্ব মহাৰাষ্ট্ৰ চৰকাৰৰ৷
ভাৰতীয় দন্ত সংস্থাৰ ৰাষ্ট্ৰীয় অভিযানৰ অংশ ‘স্বচ্ছ মুখ অভিযান’৷
মৌখিক স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ দিশত জনতাক সজাগ কৰাৰ উদ্দেশ্য৷
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে তেণ্ডুলকাৰক অৰ্পণ কৰে এই দায়িত্ব৷

5. ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ DGPৰ নিৰ্দেশনা৷
দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ বিশেষ একছন প্লেন প্ৰস্তুত৷
নগাঁও, কামৰূপ (মেট্ৰ’), বৰপেটা, কামৰূপ, শোণিতপুৰ, ধেমাজি, নলবাৰীক লৈ একছন প্লেন প্ৰস্তুত কৰা হৈছে।
ইতিমধ্যে সংগ্ৰহ কৰা হৈছে দুৰ্ঘটনাপ্ৰৱণ জিলাকেইখনৰ সবিশেষ তথ্য।
চিনাক্ত কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ জ’নসমূহ৷

6. শোণিতপুৰৰ বৰছলাৰ উচ্ছেদ অভিযানত অঘটন।
হিট ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যু হল উপ-পৰিদৰ্শক দ্বিজেন বৰাৰ।
উত্কট গৰমৰ বাবে হিট ষ্ট্ৰ’কত আক্ৰান্ত হয়।
মায়ং থানাৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী।

7. কোকৰাঝাৰত কীৰ্তি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান।
HSLCত উত্তীৰ্ণ ১৩গৰাকীক সম্বৰ্ধনা জনোৱা হয়।
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় সম্বৰ্ধনা।

8. ৬ জুনলৈ গুৱাহাটীত বন্ধ থাকিব JICAৰ পানী যোগান।
IITৰ কাৰিকৰী বিশেষজ্ঞই পৰীক্ষা কৰি আছে সকলো।
মহানগৰবাসীয়ে ৭-৮ জুনতহে JICAৰ পানী পোৱাৰ সম্ভৱনা।

9. মেঘালয়ৰ তুৰাত ভয়ংকৰ অগ্নিকাণ্ড।
ডাকপগ্রে পেট্র’ল পাম্পৰ সন্মুখত সংঘটিত হয় এই ঘটনা।
অগ্নিকাণ্ডৰ ফলত কেইবাখনো দোকান ভস্মীভূত হয়।
অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

10. জালুকবাৰীৰ দুৰ্ঘটনাৰ বিষয়টোৰ বুজ ল’বলৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আছুৰ নেতৃবৃন্দ ।
উপস্থিত ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু প্ৰতিনিধি সকল।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতুল বৰাক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় ।

11. কাছাৰ কাটিগড়া হিলাড়াত জব্দ কৰা হয় চুপাৰি ভৰ্তি ট্ৰাক।
ৰাইজৰ অভিযানত উদ্ধাৰ কৰে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি।

12. জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।
গভীৰ খাদত পৰি ১০ জন লোকৰ কৰুণ মৃত্যু হয় আৰু ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

13. ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযানৰ আজি তৃতীয় দিন।
প্ৰায় ১০ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হয়।

14. শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড।
জ্বলি ছাৰখাৰ হ’ল ‘অৰুণছ’ নামৰ এখন কাপোৰৰ বিপণি।
২০ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰে।

15. মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা মৃত্যু হয়।
দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়িকাগৰাকী৷
আজি পুৱতি নিশা মৃত্যু হয় কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকাগৰাকীৰ৷

16. কৃষ্ণাইত চোৰাং কাঠ মাফিয়াৰ আক্ৰমণত নিহত হয় বনকৰ্মী।
দা, খুকুৰি, লাঠীৰে বনকৰ্মীক আক্ৰমণ চোৰাং কাঠ মাফিয়াৰ।
চোৰাং কাঠ মাফিয়াৰ আক্ৰমণত নিহত বনকৰ্মী ৰাজবীৰ আহমেদ।
কৃষ্ণাই শালপাৰা দৰাপাৰাত সংঘটিত হয় এই ঘটনা।
ঘটনাত আহত হয় আন ৩জন বনকৰ্মী।

17. বঙাইগাঁৱৰ এম জি ৰোডত অগ্নিকাণ্ড।
এ জি স্প’ৰ্টছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত জুইৰ সূত্ৰপাত।
ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপণ কৰে।

18. শিলচৰ গুংগুৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷
এম্বেছেডৰ বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় পথচাৰী বৃদ্ধাৰ৷
বৃদ্ধাগৰাকীৰ মৃত্যুত উত্তেজিত ৰাইজৰ পথ অৱৰোধ৷
নিহত ৬০ বছৰীয়া বৃদ্ধাগৰাকীৰ নাম গৌৰী নুনীয়া৷

19. অসম কৃষি বিশ্ববিদ্যালয়ত শ্ৰীৰূপ ৰতন সাহা সোঁৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতা।
বিশ্ববিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় প্ৰতিযোগিতাখন।

20. তেজপুৰত অঘটন৷
পুখুৰীত সাঁতুৰিবলৈ গৈ সন্ধানহীন কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নেৰশ্বন ব্ৰহ্ম৷
টেলেৰীয়াৰ মহিলা সমিতিৰ পুখুৰীত সাঁতুৰিবলৈ গৈছিল ছাত্ৰজন৷
ছাত্ৰজনক উদ্ধাৰৰ বাবে SDRF বাহিনী ৰাওনা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *