৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam May 31/2023:-
1. “পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে এতিয়াও সাজু নহয় শিক্ষা পৰিষদ।
বেছিকৈ হেঁচা দিলে ভুল ফলাফলহে ঘোষণা হব”-
উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
2. ১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা।
ASTCৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা।
পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম ৰাজ্যিক পৰিবহন সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
3. SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীত টংলাত মুণ্ডন কাৰ্যসূচী।
নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা জাতীয় সাংগঠনসমূহৰ প্ৰতিবাদ সাব্যস্ত কৰে।
SP লীনা দলে, ASP লুনা নেওগক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত ৰাভা দল-সংগঠনসমূহ।
4. অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটৰ নিৱাসী ভাৰতীয় সেনা বিষয়া পনুম ডমিঙে ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা কৰ্ণেল হিচাপে লাভ কৰে পদোন্নতি।
সেনা বিষয়াগৰাকীৰ এই উত্তোৰণত অভিনন্দন জনায় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও।
5. জুলাইৰ ভিতৰত ৪০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব NFSAৰ কাৰ্ড।
বছৰি ৪ লাখ টকা আয়ৰ লোকেও লাভ কৰিব NFSA কাৰ্ড।
একেদিনাই হিতাধিকাৰীসকলে লাভ কৰিব NFSA কাৰ্ডসমূহ।
কেবিনেট বৈঠকৰ অন্তত সংবাদমেল ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
6. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষা মন্ত্ৰী ৰণোজ পেগু।
জালুকবাৰীত দুৰ্ঘটনাত ৭গৰাকী ছাত্ৰৰ মৃত্যু সন্দৰ্ভত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে শিক্ষা মন্ত্ৰী ৰণোজ পেগু মিলিত হয় বৈঠকত।
আটাইকেইটা হোষ্টেলত অধীক্ষকৰ সৈতেও মিলিত হয় আলোচনাত।
উচ্চ শিক্ষা বিভাগৰ অধীনত বিষয়টো তদন্তৰ নিৰ্দেশ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।
7. কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব চৰকাৰে।
প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য ৫,৪৫০ টকা ধাৰ্য।
বৰ্তমানকৈ ১ হাজাৰ টকা অধিক দাম লাভ কৰিব কৃষকে।
ধান ক্ৰয় কেন্দ্ৰতে কৃষকে বিক্ৰী কৰিব পাৰিব সৰিয়হ ।
১ সপ্তাহৰ ভিতৰত কাৰ্যক্ষম হ’ব প্ৰতিটো সৰিয়হ ক্ৰয় কেন্দ্ৰ।
৫০ লাখ মেট্ৰিক টন সৰিয়হ ক্ৰয়ৰ সিদ্ধান্ত চৰকাৰৰ।
বাজেটৰ বাবে ধাৰ্য কৰা হৈছে প্ৰয়োজনীয় পুঁজি।
ক্ৰয় কৰাৰ ৩ দিনৰ ভিতৰত কৃষকে একাউণ্ট যোগে লাভ কৰিব ধন।
সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
8. জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী।
প্ৰথমে সেনাৰ সৈতে গুলীয়াগুলী।
তাৰ পাছতেই ধৰা পৰা পৰিল সন্ত্ৰাসবাদীকেইটা।
জব্দ কৰে ৰাইফল, বোমাসহ বিস্ফোৰক সামগ্ৰী।
9. মাধ্যম বিতৰ্কক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মাহজোৰা আন্দোলন।
দীঘলীপুখুৰীৰ পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ১০ ঘণ্টীয়া অনশন কার্যসূচী।
অংশগ্ৰহণ কৰে ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই।
10. মহানগৰীৰ হোটেল বৰাকত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰে APCCৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰে।
11. বাক্সাৰ শালবাৰীত বিশ্ব ধঁপাতবিৰোধী দিৱস উদযাপন।
‘আমাক খাদ্য লাগে, ধঁপাত নালাগে’ শীৰ্ষক থীম লৈ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত উলিওৱা হয় সজাগতামূলক বৃহৎ সমদল।
12. অসমবাসীৰ বাবে সুখবৰ।
১৬ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ।
এই দলত স্থান পোৱা অসমৰ একমাত্ৰ খেলুৱৈ প্ৰাৰ্থনা।
ইতিহাস ৰচি অসমৰ প্ৰথমগৰাকী মহিলা ভলীবল খেলুৱৈ হিচাপে প্ৰাৰ্থনাই অংশ ল’ব আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত।
13. বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত আৰু ৪জনক কৰায়ত্ত।
আনন্দ ৰাভা, প্ৰফুল্ল ৰাভা, প্ৰহ্লাদ ৰাভা আৰু ৰজনী ৰাভা নামৰ অভিযুক্তকেইজনক আটক কৰি আৰক্ষীৰ জেৰা চলাই।
শীঘ্ৰেই আটাই কেইজনক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
14. পুনেৰ ৱাঘোলিত এই ভয়ংকৰ ঘটনা।
জুইত জ্বলি ছাৰখাৰ এটা কাৰখানা।
জুইত জাহ গ’ল কেইবাখনো বাহন।
15. ৰাজ্যত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা।
কলিয়াবৰৰ ৰাঙলুত ট্ৰাক আৰু এল্ট’জ বাহনৰ মুখামুখ।
থিতাতে নিহত হয় এল্ট’জত থকা ৰাজীৱ বৰা নামৰ যুৱকজন।
সম্প্ৰতি সংকটজনক অৱস্থাত হাস্পতালৰ বিছনাত আছে আন এজন।
16. ৰাজ্যৰ ভিতৰতে অন্যতম সৰ্বাধিক দুৰ্ঘটনাপ্ৰৱণ জিলা হৈছে বৰপেটা।
২০২২ বৰ্ষত সংঘটিত হৈছে ১২৫টা ভয়ানক পথ দুৰ্ঘটনা।
১৩২গৰাকী নিহত আৰু গুৰুতৰভাৱে আহত ২১জন লোক।
*দুৰ্ঘটনাপ্ৰৱণ জিলা হৈছে ধেমাজি।
৯৭টা ভয়ানক আৰু ৩০টা গুৰুতৰ দুৰ্ঘটনা ঘটিছে বৰ্ষটোত।
১০৬গৰাকী নিহত আৰু গুৰুতৰভাৱে আহত ৬৩জন লোক।
*দুৰ্ঘটনাপ্ৰৱণ জিলা হৈছে নলবাৰী।
১০৩টা ভয়ানক আৰু ১৮৭টা গুৰুতৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
১১১গৰাকী লোকৰ মৃত্যু আৰু ২২৬জন লোক গুৰুতৰভাৱে আহত হয় ।
*দুৰ্ঘটনাপ্ৰৱণ জিলা হৈছে কামৰূপ।
১২১টা ভয়ানক আৰু ২০১টা গুৰুতৰ পথ দুৰ্ঘটনা ঘটিছে জিলাখনত।
১২১গৰাকী নিহত আৰু গুৰুতৰভাৱে আহত ২৩৬জন লোক।