৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 4/2023:- 

1. মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে “জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা” ।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, ভূৱন গাম, শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামী আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

2. ‘গেছৰ দাম বঢ়াৰ কাৰণে ৩০ পইচা বৃদ্ধি পাইছে বিদ্যুতৰ বিল।
মাজে মাজে ১০-২০ পইচা বাঢ়িব আৰু একেদৰেই কমি থাকিব।
সেইটোক লৈ ইমান চিন্তা কৰিব নালাগে।’
বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

*’বিদ্যুতৰ মাচুল বাঢ়িছে ফেন নচলাব, গছৰ তলত থাকক।
তেতিয়া খৰচ কমিব। চৰকাৰৰো উপায় নাই।
কোম্পানীৰ পৰা বিদ্যুৎ কিনিছে।
সেইটো দিবৰ বাবে ৰাইজৰ পৰাই ল’ব লাগিব।
চৰকাৰৰ নিজা ফাৰ্ম হাউছ নাই।’
বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।

3. নিৰ্মীয়মান ধেমাজি চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় নিৰ্মাণ সংস্থাৰ বিষয়ববীয়াৰ পৰা।

4. শোণিতপুৰ জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান।
জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জাৰি কৰে এই নিৰ্দেশনা।
৩০ জুন পৰ্যন্ত এই সূচী মতেই চলিব পাঠদান।
গ্ৰীষ্ম প্ৰৱাহৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

5. ধেমাজিত অগপৰ কর্মকর্তা সম্মিলন৷
১৪ নং লখিমপুৰ লোকসভা সমষ্টিক সামৰি এই সন্মিলন৷
ধেমাজি DRDA প্রাংগণত দিনজোৰাকৈ অনুষ্ঠিত হয় এই সন্মিলন৷
সন্মিলনত অংশগ্ৰহণ কৰে অতুল বৰা, কেশৱ মহন্তই।

6. মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ নতুন ভৱন মুকলি৷
মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উদ্বোধন কৰে নতুন ভৱনটো৷
মৈত্ৰী আঁচনিৰ অধীনত ২.৫ কোটি টকাৰে নিৰ্মাণ কৰা হয় ভৱনটো৷

7. গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত যান্ত্ৰিক বিজুতি৷
বিমানতে আবদ্ধ বিধায়ক তেৰছ গোৱালা, প্ৰশান্ত ফুকন, মন্ত্ৰী ৰামেশ্বৰ তেলী৷

8. আজি মাজুলীত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু৷
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ হেমাহি৷
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ধমক বিভাগীয় কৰ্মচাৰীক৷

9. গুৱাহাটীবাসীৰ বাবে ভাল খবৰ৷
৫জুনৰ পৰা পুনৰ ‘জাইকা’ৰ পানী পাব মহানগৰবাসীয়ে৷
গুৱাহাটী জল ব’ৰ্ডে টুইটযোগে জনালে এইকথা৷
খাৰঘূলিৰ জলবিস্ফোৰণৰ পাছৰে পৰা বন্ধ হৈ আছিল পানীযোগান৷

10. আজিৰে পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ হজ যাত্ৰা।
অসমৰ পৰা এইবাৰ মক্কা দৰ্শনৰ বাবে যাব ৬,৩০২গৰাকী হজযাত্ৰী।

11. ‘তেওঁ AC বন্ধ কৰি নিজৰ পত্নী, লৰা-ছোৱালীক গছৰ তলত বহুৱাওক।’
‘গছৰ তলত বহি নিজে দৃষ্টান্ত দেখুৱাওক বিশ্বজিত দৈমাৰীয়ে।’ – মন্তব্য ৰিপুন বৰাৰ।

12. ৰোগীৰ আত্মীয়ক আক্ৰমণৰ ঘটনাক লৈ খাৰুপেটীয়াত প্ৰতিবাদ৷
আমছুৰ তীব্ৰ প্ৰতিবাদত উত্তাল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ৷
শনিবাৰে মৃত ৰোগীৰ আত্মীয়ক শাৰীৰিক নিৰ্যাতন চলাইছিল নিৰাপত্তাৰক্ষীয়ে৷
যাৰ ফলত মঙলদৈৰ ব্যক্তিগত চিকিৎসালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ৷

13. দিল্লীৰ জাহাংগীৰপুৰীৰ বস্তি এলেকাত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিনিৰ্বাপক বাহিনীৰ ১১ খনকৈ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা।
বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।

14. ৰঙিয়াৰ বঙালীকুছিত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ হামিদৰ ৰহমান নামৰ এজন লোকৰ মৃত্যু হয়।
ঘটনাৰ পাছতে স্বস্তি হাস্পতালতৰ চৌহদত উত্তপ্ত পৰিস্থিতি।
বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ উত্তেজিত লোকৰ।

15. ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ।
গহপুৰৰ হাজৰিকাচুক, টমনা গাঁৱকে ধৰি বিধ্বস্ত কেইবাটাও অঞ্চল।
প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত ব্যাহত হৈছে যাতায়াত-যোগাযোগ।

16. কামপুৰৰ লুটুমাৰী বজাৰত চাঞ্চল্যকৰ ঘটনা৷
ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ৷
নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় যুৱকজনক৷
মৃত যুৱকজন লুটুমাৰীৰ ৰাহুল বৰদলৈ৷
মেলাৰ পৰা আহি থাকোঁতেই দুবৃৰ্ত্তই হত্যা কৰাৰ সন্দেহ৷

17. ব্ৰহ্মপুত্ৰৰ শুক্লেশ্বৰ ঘাটত অঘটন৷
গা ধুবলৈ গৈ নিখোজ জাহিদ আহমেদ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজন৷
৬ বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল জাহিদ ৷

18. গোৱালপাৰাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ৷
ৰাঙাগড়াত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক৷
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই নিহত লোকজন৷
গোৱালপাৰা চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে লোকজনৰ মৃতদেহ৷

19. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান।
১৪৩ টা চাবোনৰ বাকচত জব্দ ২.২ কেজি হেৰ’ইন।
শিলচৰত আটক ২ সৰবৰাহকাৰী।

20. অশান্তজৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়।
আছাম ৰাইফলছ, আৰক্ষী, CAPFৰ অভিযানত উদ্ধাৰ কৰে মাৰণাস্ত্ৰসমূহ।
উদ্ধাৰ কেইবাটাও ৰাইফল, মৰ্টাৰসহ আন বহু বিস্ফোৰক সামগ্ৰী।
অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
শ্বাহৰ নিৰ্দেশৰ পিছতে তীব্ৰতৰ অভিযান নিৰাপত্তাৰাক্ষী বাহিনীসমূহৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *