৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 7/2023:- 

1. আজি জিলা উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক।
নতুন দিল্লীৰ অসম হাউছৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হয় আলোচনাত।

2. চৰকাৰে মাধ্যম ধ্বংস কৰিবলৈ আঁকোৰগোজ স্থিতি লৈছে যেতিয়া আমিও বদ্ধপৰিকৰ মাধ্যম ৰক্ষা কৰিবলৈ- মন্তব্য শংকৰজ্যোতি বৰুৱাৰ।

3. “SP আনন্দ মিশ্রই নহয়, সকলো SP-এ কৰিব লাগিব মুখ বন্ধ”- মন্তব্য DGP জি পি সিঙৰ।

4. অসম আৰক্ষীত আজব কাণ্ড।
একেটা ঘটনাতে অভিযুক্ত কৰা হৈছিল দুজনকৈ আৰক্ষীক।
দুয়োৰে বিৰুদ্ধে চলিছিল বিভাগীয় তদন্ত।
সোণ চুৰি গোচৰৰ মূল অভিযুক্ত বদ্ৰীপ্ৰসাদ বাৰোৱতীক পুনৰ চাকৰিত যোগদানৰ অনুমতি দিয়াৰ বিপৰীতে সৰস্বতী হাঞ্চুক চাকৰিৰ পৰা খাৰিজ।

5. ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীলৈ বিশেষ খবৰ।
এই পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া পাঠদানৰ বাবে দশম শ্ৰেণীত পুনৰ কৰিব লাগিব নামভৰ্তি।
তেতিয়াহে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পাব অনুমতি।
এই নিৰ্দেশনা ছেবাৰ তৰফৰ পৰা।

6. নিলম্বিত হ’ল গোৱালপাৰাৰ DFO জিতেন্দ্ৰ কুমাৰ।
ৰাজ্যপালৰ অনুমোদনমৰ্মে বন আৰু পৰিৱেশ বিভাগৰ সচিবে এক নিৰ্দেশযোগে নিলম্বন কৰে DFOগৰাকীক।
উল্লেখ্য যে গোৱালপাৰাত ব্যাপক হাৰত হৈছিল বনধ্বংস, কিছুদিন পূৰ্বে বনমাফিয়াৰ আক্ৰমণত নিহত হৈছিল বনকৰ্মী।
ইয়াৰ বাবেই বন বিষয়াগৰাকীক কৰা হয় নিলম্বন।

7. আজি ১ ঘণ্টাৰ বাবে সোণাপুৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধৰ নিৰ্দেশ।
গেছভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে এই সিদ্ধান্ত।
ৰ্শীষ আৰক্ষী বিষয়াই প্ৰদান কৰে এই নিৰ্দেশনা।

8. মামা আমাক স্কুটী দিয়ক, আমাৰ প্ৰাপ্য আমাক দিবই লাগিব, স্কুটীৰ নামত প্ৰতাৰণা নকৰিব আমাক।
এইদৰে স্কুটী বিচাৰি বাক্সাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ।

9. বকোৰ শিংৰাত মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হয়।
কামাখ্যা-যোগীঘোপা ৰে’লপথত এই ঘটনা সংঘটিত হয়।
ৰে’লখনৰ ১৫-১৬টাকৈ দবা লাইনচ্যুত হয়।

10. আজিৰে পৰা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল।
ইংলেণ্ডৰ দ্য অভেলত চেম্পিয়নৰ যুঁজত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব অষ্ট্ৰেলিয়া।
ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় মেচখন।
উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ কৰা একমাত্ৰ দেশ ভাৰত।

11. চাবুৱাত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ।
অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকক হত্যা কৰাক লৈ ক্ষোভ।
ডিব্ৰুগড়, তিনিচুকীয়াত অৰুণাচলীক প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ।

12. ৰাজধানী দিল্লীত এই চাঞ্চল্যকৰ ঘটনা।
এটা কাঠৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰে ২ শিশুৰ মৃতদেহ।

13. বিহপুৰীয়া মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা।
ছাত্ৰ একতা সভাৰ আন্দোলনৰ মাজতে অধ্যক্ষক দুই সহযোগী
অধ্যাপক অৰুপ শৰ্মা, কৃষ্ণকমল শইকীয়াই প্ৰহাৰ কৰাৰ অভিযোগ।
২ শিক্ষকৰ কবলৰ পৰা অধ্যক্ষগৰাকীক উদ্ধাৰ কৰে বিহপুৰীয়া আৰক্ষীয়ে।
ছাত্ৰ একতা সভাৰ সম্পাদকক দুৰ্ব্যৱহাৰৰ অভিযোগ এজন শিক্ষকৰ বিৰুদ্ধে।
পৰীক্ষা চলি থকাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।

14. গোলাঘাটৰ দক্ষিণহেঙ্গেৰা চাহ বাগিচাত নাহৰফুটুকীৰ আক্রমণ।
নাহৰফুটুকীৰ আক্রমণত গুৰুতৰভাৱে আহত হয় এজন শ্রমিক।

15. ৰূপহীহাটৰ নিজ লাওঁখোৱা কালিস্থানত পথ দুৰ্ঘটনা।
দ্রুতবেগী বলেৰ’ বাহনে মহটিয়ালে এজনক।
থিতাতে নিহত হয় এজন ব্যক্তি আৰু আহত ৪ জন ব্যক্তি।

16. তিনিচুকীয়াৰ শদিয়াত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ গ’ল এটা চিনেমা হল।
সম্পূৰ্ণৰূপে ভস্মীভূত হয় শদিয়াৰ অন্যতম চিনেমা হলটো।

17. হাইলাকান্দিৰ বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰা হয়।
১২২ গ্রাম হেৰ’ইনসহ গ্রেপ্তাৰ মহিলা সৰবৰাহকাৰী।

18. কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত কালিগঞ্জ অঞ্চলৰ পৰা য়াবা টেবলেট জব্দ কৰে।
জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰমূল্য ৩০ লাখ টকা।

19. তিনিচুকীয়াৰ টেঙাপানীত আৰক্ষীৰ যুটীয়া অভিযান।
অভিযানত চোৰাং খাৰুৱা তেলৰ কেইবাটাও খালী গেলন, খালী ড্রাম জব্দ কৰে।
লগতে এখন মাৰুতী ভান।

20. মানাহ ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনা।
বন বিষয়াৰ গুলীত আহত হয় ২ চোৰাং চিকাৰী।
পলায়নৰ চেষ্টা চলোৱা গুলীবিদ্ধ চোৰাং চিকাৰী দুজনক আটক কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *