৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam June 10/2023:-
1. পলাশবাৰীত বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ জনসভা।
জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
‘লোকসভাত অসমৰ ১৪খন আসনেই জিকিব লাগিব৷
মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব লাগিব’৷
এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
2. মঞ্চত নৃত্য পৰিৱেশনৰ সময়তে হঠাত ঢলি পৰি মৃত্যু হল প্ৰসিদ্ধ ভৰত নাট্যম শিল্পী শ্ৰী গণেশন।
3. মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনৰ বৰ্তমানৰ ব্যৱস্থাটো পৰ্যালোচনাৰ বাবে বিশেষ কমিটি গঠন।
ননী গোপাল মহন্তৰ অধ্যক্ষতাত ৬জনীয়া কমিটি গঠন মুখ্যমন্ত্ৰীৰ।
আহ্বায়কৰ দায়িত্বত আছে নাৰায়ণ কোঁৱৰ।
কমিটিৰ সদস্যসকল ক্ৰমে, ড° পৰমানন্দ সোণোৱাল, ড° ব্ৰীজ মোহন হাজৰিকা, সত্যকাম বৰঠাকুৰ আৰু ড° নৱজ্যোতি বৰা।
4. ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব Red Shield Assam Badminton Tournament ৷
ভাৰতীয় সেনা, অসম বেডমিণ্টন সংঘৰ উদ্যোগত হ’ব এই টুৰ্ণামেণ্ট৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত বেডমিণ্টন টুৰ্ণামেণ্টৰ ট্ৰফী মুকলি কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই৷
5. HSৰ চূড়ান্ত পৰীক্ষাত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ শোচনীয় প্ৰদৰ্শন৷
শোচনীয় প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী৷
ফলাফল বেয়া হোৱাৰ যথাযথ উত্তৰ দিয়াৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷
প্ৰাদেশিকীকৃত কলেজৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৮৯ শতাংশ৷
প্ৰাদেশিকীকৃত কলেজৰ পৰা HSত অৱতীৰ্ণ হৈছিল ৭০,৩৬৭ পৰীক্ষাৰ্থী৷
ইয়াৰে উত্তীৰ্ণ মাত্ৰ ৪০,০৩৫ গৰাকী পৰীক্ষাৰ্থী, বিপৰীতে প্ৰাদেশিকীকৃত ছিনিয়ৰ ছেকেণ্ডাৰীৰ উত্তীৰ্ণৰ হাৰ ৭৮.৩৫ শতাংশ৷
প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৬.১৭%৷
চৰকাৰী উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৫.৯৩% ৷
টুইটযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
6. সাংসদ পদৰ পৰা পদত্যাগ কৰে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে।
পাৰ্টিগেট কেলেংকাৰীৰ তদন্ত প্ৰতিবেদনৰ পাছতে সাংসদ পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে৷
7. শিৱসাগৰৰ নৱনিৰ্মিত দলঙত ফাট মেলিছে।
দলংখন পৰিদর্শন কৰে বিধায়ক অখিল গগৈয়ে।
8. গুৱাহাটীত ডাইছৰ প্রশিক্ষণ কেন্দ্ৰ মুকলি।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিল্লীৰ পৰা অনলাইনযোগে মুকলি কৰে কেন্দ্ৰটো।
“উত্তৰ পূৱৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতি সু-খবৰ” বুলি মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে।
9. দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ হিচাপে বদলি অপৰ্ণা নটৰাজনক।
মহিলা-শিশুক নিৰ্যাতনৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছিল অপৰ্ণা নটৰাজন।
10. ভাৰতীয় সেনাৰ লেফটেনেণ্ট পদত অধিষ্ঠিত অসমৰ বিশাল বৰা।
যোৰহাটৰ উপকণ্ঠ এলেংমৰাত ঘৰ বিশাল বৰাৰ।
11. শিৱসাগৰ ফুকন নগৰৰ পৰা প্ৰৱঞ্চক চক্ৰৰ মাষ্টাৰ মাইণ্ড কানাই মণ্ডলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ONGCত গাড়ী যোগানৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাইছিল চক্ৰটোৱে।
কানাই মণ্ডলৰ HDFC একাউণ্টো জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে।
একাউণ্টটোত বৰ্তমানো আছে ৫০ লাখতকৈও অধিক টকা।
12. মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত।
অভিযানৰ চতুৰ্থ দিনা ২২ বিধ স্বয়ংক্ৰিয় অস্ত্ৰ জব্দ কৰা হয়।
মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তীব্ৰতৰ কৰা হৈছে এই অভিযান।