৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 12/2023:- 

1. ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী।
৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।

2. কাছাৰ জিলাৰ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি, শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
কিছুদিন পূৰ্বে শ্লুইছ গেটখনত কাৰিকৰী বিসংগতি ধৰা পৰাৰ পাছত সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে জলসম্পদ বিভাগে।
উক্ত স্থানত উপস্থিত হৈ শ্লুইছ গেটখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাই।

3. উত্তৰ-লখিমপুৰ মধুকল্য একুৱেটিক ৰ্ফাম, ছিজুলিত ১২ জুনৰ পৰা ১৫ জুন অৰ্থাৎ চাৰি দিনীয়াকৈ “নিবনুৱা যুৱক-যুৱতীসকলক কম্পোজিট মাছ পালনৰ ওপৰত” মিচিং স্বায়ত্তশাসিত পৰিষদৰ ‘জীৱিকা অভিযান’ৰ অধীনত প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছে।
প্ৰথমদিনৰ কাৰ্যসূচী উদ্বোধন কৰে এম এ চি সাধাৰণ সদস্য অনিল পায়েঙে।
উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত ৩০ জন প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।Mising Autonomous Council

4. ৰাজ্যত আগন্তুক ৫ দিনত হ’ব প্ৰবল বৃষ্টিপাত।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই সতৰ্ক ৰাজ্য চৰকাৰ।
উপায়ুক্তক প্ৰয়োজনীয় সতৰ্কতা ল’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

5. মহানগৰীৰ কমাৰ্চ পইণ্ট-ৰাজগড় লিংক ৰোডত জলবিস্ফোৰণ।
জলব’ৰ্ডৰ পাইপ ফুটি জলমগ্ন বিস্তীৰ্ণ অঞ্চল।
ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী অশোক সিংঘাল।
ঘটনাৰ তদন্ত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
সন্ধিয়া ৭ বজাত এই সন্দৰ্ভত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

6. শ্বহীদ কুশল কোঁৱৰৰ ৮০সংখ্যক মৃত্যু বাৰ্ষিকী।
১৫ জুনত শ্বহীদ দিৱস হিচাপে পালন কৰিব অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে।
অসম চৰকাৰৰ আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
২৫ খন প্ৰদেশৰ ১১০ জন প্ৰতিনিধিয়ে অংশ ল’ব অনুষ্ঠানত।

7. ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত প্ৰথম জনজাতীয় খেল মহোৎসৱৰ সামৰণি।
অসম মহিলা সাঁতোৰ টীমে লাভ কৰে ৰাণাৰ্চ ট্ৰফী।
সাঁতোৰ প্ৰতিযোগিতাত অসমৰ ১২টা পদক লাভ।
ইয়াৰে ৪টা সোণৰ পদক, ৪টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰে অসমৰ টীমে।

8. ‘যান্ত্ৰিক বিজুতি হোৱাটো স্বাভাৱিক কথা, কিন্তু মাইক্র’ফোনটো দলিয়াই দিব নালাগিছিল।
আমাৰ আত্মসন্মানত আঘাত লাগিছে’।
লখৰাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে মাইক্রফোন দলিওৱা ঘটনাৰ প্ৰতিক্ৰিয়া।
চাউণ্ড চিষ্টেম প্ৰভাইডাৰ্ছ এছ’চিয়েশ্বন অৱ আছামৰ সংবাদমেল সম্বোধন।

9. দেওবাৰৰ দিনটোত ৮০.৫ লক্ষাধিক টকা উপাৰ্জন কৰিলে ‘শ্ৰীৰঘুপতি’-এ।
এসপ্তাহত ৰবি শৰ্মা অভিনীত ছবিখনে উপাৰ্জন কৰে এসপ্তাহত ছবিখনৰ উপাৰ্জন ৩.৩ কোটিৰো অধিক।

10. গুৱাহাটী পথৰ দুৰাৱস্থা, উন্মুক্ত গাঁত সম্বন্ধীয় তথ্য যোগানৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হয়।
১০৭৭ অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰৰ জৰিয়তে তথ্য যোগানৰ আহ্বান জনাইছে মহানগৰ প্ৰশাসনে।

11. কটন বিশ্ববিদ্যালয়ত কেপাচিটী বিল্ডিং অনুষ্ঠান।
‘বায়ু প্ৰদূষণৰ ৰিপ’ৰ্টিং’ বিষয়ত সাংবাদিকৰ সৈতে আলোচনা।
সাংসদ গৌৰৱ গগৈৰ উদ্যোগত অনুষ্ঠিত হয় আলোচনা চক্ৰ।

12.পথচাৰীৰ বাবে অভিশাপ হৈ পৰিছে নিৰ্মীয়মান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাট বাইপাছৰ পৰা জাজী পৰ্যন্ত জৰাজীৰ্ণ হৈ পৰে পথৰ অৱস্থা।
পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে পথচাৰীৰ মাজত।

13. বিজেপি নেত্ৰীক হত্যাক লৈ গোৱালপাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
কৃষ্ণাইৰ শালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰে জোনালী নাথৰ মৃতদেহ।
গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ দায়িত্বত আছিল জোনালী নাথ।
বিজেপি নেত্ৰীগৰাকীক দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।

14. গোৱালপাৰাত আন এক নৃশংস হত্যাকাণ্ড।
ধূপধৰা বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথতে গছৰ ডালেৰে প্ৰদীপ দাস নামৰ এজনক মৰিয়াই হত্যা কৰিলে এটি কিশোৰে।
আৰক্ষীয়ে কৰায়ত্ত কৰিছে হত্যাকাৰী কিশোৰটিক।
জানিব পৰা হোৱা নাই ধূপধৰাৰ খুঁটাবাৰীত নিশা সংঘটিত হোৱা ঘটনাৰ কাৰণ।

15. বটদ্ৰৱাৰ হাডুবিত নিশা আৰক্ষীৰ অভিযান।
এই অভিযান কালতে ড্ৰাগছসহ ৫টাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
লগতে জব্দ কৰে ৫টা মোবাইল আৰু এখন বিলাসী বাহনো।

16. হাইলাকান্দিত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে।
জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ১ কোটি টকা।

17. খানাপাৰাত জব্দ কৰে ১০৯খনতকৈও অধিক চিটি বাছ।
মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ জিলা প্ৰশাসন, পৰিবহন বিভাগৰ।
প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ বাছৰ মালিক, পৰিচালকসকলৰ।

18. মালদ্বীপত উজলিল অসম কন্যা অস্মিতা চলিহা।
ইণ্টাৰ নেচনেল চেলেঞ্জ বেটমিণ্টন টুৰ্ণামেণ্টৰ মহিলাৰ একক শাখাত খিতাপ দখল কৰে।

19. ‘ৰাজ্যৰ বহু বিদ্যালয়ে প্ৰকৃত তথ্য দিয়া নাই।
যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী থকা বুলি তথ্য দিছে , প্ৰকৃতাৰ্থক সিমান নাই।
সংবাদমেলত এই মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।

20. ১৩ জুনৰ পৰা অনাগত ৫ দিনলৈ বিদ্যালয় বন্ধ ঘোষণা।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি।
মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছতে ডিমা হাচাও শিক্ষা বিভাগৰ জাননী।

Leave a Reply

Your email address will not be published. Required fields are marked *