৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam June 13/2023:-
1. ৰোজগাৰ মেলাৰ বিশাল আয়োজন।
দেশৰ ৭০ হাজাৰ নিবনুৱাক প্ৰদান কৰে নিযুক্তি পত্ৰ।
নিযুক্তি প্ৰদান অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
গুৱাহাটীৰ ITA মাছখোৱাতো ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়।
প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
2. পুৱাই জাইকাৰ প্ৰকল্প স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
মন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত উপস্থিত নাছিল কোনো কৰ্মচাৰী।
কৰ্মচাৰীৰ অনুপস্থিতিত ক্ষুব্ধ মন্ত্ৰী অশোক সিংঘাল।
কৰ্তব্যত গাফিলতি কৰা কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জলব’ৰ্ডক।
লগতে পৰিদৰ্শন কৰে ৰাজগড়ৰ পাইপ বিস্ফোৰণস্থলীও।
মেৰামতিৰ কাম শীঘ্ৰে শেষ কৰি ৰাইজক সকাহ দিবলৈ বিষয়াববীয়াক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ।
3. ‘বিশ্বগুৰু হোৱাৰ দিশে ভাৰতবৰ্ষ।
ভাৰতবৰ্ষত আছে বিশ্বৰ সৰ্বাধিক অধ্যয়নপিপাসু ব্যক্তি’।
এক বিশেষ অনুষ্ঠানত এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
4. গুপ্তহত্যাৰ গোচৰ সন্দৰ্ভত সোমবাৰে প্ৰফুল্ল কুমাৰ মহন্তক চূড়ান্ত ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
পূৰ্বে দিয়া ৰায়কে বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
আদালতৰ ৰায়দানক লৈ সুখী প্ৰফুল্ল কুমাৰ মহন্ত।
5. যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ কুঁহি ডেকা।
ছিকিমৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত ‘প্ৰাক যোগ দিৱস’ত অংশগ্ৰহণ কৰে কুঁহিয়ে।
ইতিমধ্যে যোগাসনৰ জৰিয়তে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কিশোৰীগৰাকীয়ে।
আগন্তুক খেলো ইণ্ডিয়াত অংশগ্ৰহণৰ বাবে অনুশীলনত ব্যস্ত মালিগাঁৱৰ কুঁহি ডেকা।
6. বড়ো চুক্তি ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক।
উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো, ইউ জি ব্ৰহ্ম আৰু বহুকেইগৰাকী বিষয়ববীয়া।
7. গুৱাহাটী প্ৰেছ ক্লাবৰ নতুন সমিতিৰ শপত গ্ৰহণ।
আজি শপত গ্ৰহণ কৰে ১০জনীয়ে সমিতিখনে।
8. ডিব্ৰুগড়ত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া।
মাৰোৱাৰীপট্টিত খহনীয়াত পৰি দিকবিদিক হেৰুৱাইছে জনতাই।
খহনীয়াস্থলী পৰিদৰ্শন কৰে বিধায়ক প্ৰশান্ত ফুকনে।
9. গৰৈমাৰীত শিশু শ্ৰমিক বিৰোধী অভিযান।
বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰে ১৭টা শিশু, কিশোৰ।
10. ডিগবৈৰ IOCৰ গোপনাৰী বটলিং প্লাণ্টৰ সমীপত আৰক্ষীৰ অভিযান।
ৰন্ধন গেছৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযান।
অভিযানত এখন ট্রাক, বহু চিলিণ্ডাৰ জব্দ কৰে।
ঘটনা সন্দৰ্ভত ৫জনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
11. লখিমপুৰত গাড়ী চালকৰ পৰা ধন লোৱা গৃহৰক্ষী বাহিনীৰ জোৱানক গ্রেপ্তাৰ।
জোৱানজনৰ নাম পূৰ্ণকান্ত নেওগ।
হেড কনিষ্টবল পূৰ্ণকান্ত শইকীয়াক নিলম্বন।
কৰ্তব্যৰত হাবিলদাৰ খন্দেশ্বৰ বৰুৱা, দুলুমণি কছাৰীৰ বিৰুদ্ধেও ব্যৱস্থা।
সংবাদমেলযোগে ঘোষণা অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্র নাথ দেউৰীৰ।
12. ছয়গাঁৱৰ মহিমাৰী পথাৰত আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী জামালউদ্দিনক।
13. মিজোৰামত ৩১ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছে।
ম্যানমাৰৰ এজন ড্ৰাগছ ব্যৱসায়ীসহ কাছাৰৰ ৪ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
14. ডিগবৈৰ গোপনাৰীৰ IOC LPG প্লাণ্টৰ পৰা ৰন্ধন গেছ চুৰি।
ৰন্ধন গেছৰ চিলিণ্ডাৰসহ ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।
৫ জনকৈ লোকক আটক কৰিছে ডিগবৈ আৰক্ষীয়ে।
15. শীঘ্ৰে পূৰণ হ’ব খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ।
পূৰণ হ’ব খালী হৈ থকা অধ্যক্ষ-উপাধ্যক্ষৰো পদ।
১৫ জুনৰ ভিতৰত সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ।
প্ৰতিখন জিলাৰ ISলৈ নিৰ্দেশনা জাৰি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ।
16. দলগাঁৱৰ শিলবৰীত জঘন্য ঘটনা।
জোঁৱায়েকে হত্যা কৰিলে বৃদ্ধ শহুৰেকক।
চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৭০ বছৰীয়া হুছেইন আলীক।
১নং কছাৰী ভেটিটুপ গাঁৱত সংঘটিত এই ঘটনা।
ঘটনা সংঘটিত কৰিয়েই পলায়ন জোঁৱায়েক দিলোৱাৰ হুছেইনৰ।
17. বৰপথাৰত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
গোপন সূত্ৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষীয়ে অভিযান চলাই এখন ডাম্পাৰৰ পৰা ড্ৰাগছসহ কৰায়ত্ত কৰে প্ৰাঞ্জল সন্দিকৈ নামৰ সৰবৰাহকাৰীটোক।
18. উৰিয়ামঘাট সীমান্তৰ ২নং আজাৰগুৰীত শোকাৱহ ঘটনা।
কুঁৱাত পৰি একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই।
মটৰৰ ভাল্ভ মেৰামতিৰ বাবে কুঁৱাৰ ভিতৰত সোমাইছিল পিতৃয়ে।
প্ৰথমে উশাহ বন্ধ হৈ অচেতন হৈ পিছলি পৰে পিতৃ নিৰঞ্জন ব্ৰহ্ম।
পাছত পিতৃক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰত সোমাই পুত্ৰ শিৱম ব্ৰহ্ম।
পুত্ৰ শিৱম ব্ৰহ্ময়ো বিষাক্ত গেছৰ ফলত ঢলি পৰে কুঁৱাৰ ভিতৰতে।
পিতা-পুত্ৰৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশ অঞ্চলটোত।
19. ৰাজীৱ ভৱনত সদৌ অসম অসংগঠিত শ্ৰমিক আৰু কৰ্মচাৰী কংগ্ৰেছৰ কাৰ্যনিৰ্বাহ সভা।
অসংগঠিত ক্ষেত্ৰত শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ সমস্যা আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত আলোচনা কৰা হয়।
অনুষ্ঠানত উপস্থিত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা।
20. মাজুলি হাঠিনাপুৰত ভয়ংকৰ দুৰ্ঘটনা।
বাইক আৰু মালবাহী টেম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় এজন ব্যক্তি।