৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam June 16/2023:-
1. গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টিত মহাজনসম্পৰ্ক অভিযান৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মৰঙীত বিশাল সভা৷
মৰঙীৰ পোৰাবাংলা খেলপথাৰৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
2. কামাখ্যা ষ্টেচনত অনুষ্টুপীয়াকৈ হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান৷
মহানগৰীৰ পাণ্ডু প’ৰ্টত উপস্থিত হয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷
অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে৷
3. বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙৰ ডিফুৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
4. আৰক্ষীৰ ৰদবদলক লৈ DGPৰ নিৰ্দেশৰ পাছতে গোৱালপাৰাত ব্যাপক প্ৰভাৱ।
UBCৰ ৩৪জন কনিষ্টবল, WPC/UBৰ ২৪গৰাকী মহিলা কনিষ্টবলক বদলি।
HCs/NKs (UB)ৰ ২২জনক বদলি।
একেখন থানাতে ৩ বছৰকৈ অধিক কাল কৰ্মৰত আৰক্ষীসকলক বদলিৰ নিৰ্দেশ দিয়ে DGP জি পি সিঙে।
5. বিভাগীয় অভিযন্তাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে ৰাজ্যৰ বান-খহনীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
পৰিস্থিতিৰ সৈতে আপোচ নকৰিবলৈ অভিযন্তাসকলক আহ্বান মন্ত্ৰীগৰাকীৰ। বাৰিষাৰ প্ৰথমটো বানত ৰাজ্যৰ বিভিন্ন স্থানত ভয়াৱহ পৰিস্থিতি।
6. বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰা হয়।
দিছপুৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে শিখা শৰ্মাক।
উল্লেখ্য যে নিহত গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট।
7. বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব ৰাজ্যৰ ৮ কলেজ৷
আগষ্টত বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত উত্থাপন হ’ব বিধেয়ক৷
বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব সন্দিকৈ কলেজ, জে বি কলেজ, শিৱসাগৰ কলেজ,কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু গুৰুচৰণ মহাবিদ্যালয়৷
8. ড° লক্ষ্মীনন্দন বৰা সাহিত্য ন্যাসৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ সুডমাৰছন হলত দ্বিতীয় ড° লক্ষ্মীনন্দন বৰা স্মাৰক বক্তৃতা অনুষ্ঠান।
“কাল বলুকাত খোজ” শীৰ্ষক এই অনুষ্ঠানত সাহিত্যিক ড° লক্ষ্মীনন্দন বৰাৰ জীৱন আৰু কৰ্মৰাজিৰ অৱলোকন কৰা হয়।
9. আইনী মেৰপেঁচত নৱ নিযুক্ত প্ৰাথমিক, উচ্চ প্ৰাথমিকৰ শিক্ষক।
৫ হাজাৰ শিক্ষকক গোচৰৰ পক্ষ কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয় এ।
শীঘ্ৰে জাননী জাৰি কৰা হ’ব ৫ হাজাৰ শিক্ষকক।
10. অশান্তজৰ্জৰ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫টাকৈ পাকিস্তানী সন্ত্ৰাসবাদী।
জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলাত চলে নিৰাপত্তাৰক্ষীৰ অভিযান।
11. ৰাজ্যত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বিয়া খাই ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে দুগৰাকী মহিলাসহ আন দুজনে।
ডিগবৈৰ গোলাইত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।
গোলাইৰ টাৰ্মিনেলৰ সন্মুখৰ এজোপা গছত খুন্দা মাৰে এখন বাহনে।
বাহনত আছিল দুগৰাকী মহিলাসহ ৫জনকৈ লোক।
আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
12. যোৰহাটত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ।
বিদ্যুতৰ নাটনি আৰু শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।
লেম-চাকি বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা-কৰ্মী এ।
13. সদৌ অসম জ্যোতি কেন্দ্ৰ শিক্ষা কৰ্মীৰ প্ৰতিবাদ।
সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাকৰ্মী এ।
দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
14. ডিগবৈৰ গোলাইত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত হয় ৪ জন লোক।
15. শিলসাঁকোৰ পিছত উচ্ছেদ চলিব কোকৰাঝাৰত।
চলিত মাহতে জিলাখনৰ ভাৰত-ভূটান সীমান্তত চলিব উচ্ছেদ।
16. যোৰহাটত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত পৰে স্কুটি।
দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়াত থিতাতে নিহত হয় স্কুটি আৰোহী গৰাকী।
17. কলিয়াবৰৰ হাটবৰত ভয়ানক পথ দুৰ্ঘটনা।
বাছ আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ।
গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখী আছিল ৰত্নগিৰি নামৰ বাছখন।
18. মিজোৰামত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰা হয়।
অসম ৰাইফলছ আৰু নাৰ্ক’টিকছ বিভাগৰ
অভিযানত ১.০২৬ কেজি হেৰ’ইন জব্দ কৰে।
ঘটনা সন্দৰ্ভত দুই ড্রাগছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰে।
19. হাজোৰ বামুন্দীত অঘটন।
হাতীমূৰা পাহাৰৰ পৰা খহি পৰিল এটা প্রকাণ্ড শিল।
মনু ৰাজবংশী নামৰ লোকজনৰ বাসগৃহত পৰিল শিলটো।
ঘটনাত গুৰুতৰভাৱে আহত হয় ৩জন লোক।
20. লামডিং ৰে’লৱে মাণ্ডলিক কাৰ্যালয়ত CM ভিজিলেন্সৰ অভিযান৷
উৎকোচ লোৱা অৱস্থাতে কৰ্মচাৰী বিভাগৰ অধীক্ষক পবিত্ৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰে।
নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে CM ভিজিলেন্সে৷