৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 19/2023:-
1. কলাক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অমৃত মহোৎসৱ অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, RSSৰ প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰ আৰু বহু গণ্যমান্য ব্যক্তি।
2. ‘পুৰণি ৱালখনত ফাট মেলিছে, নতুনকৈ বনোৱা ৱালত ফাট মেলা নাই।
পৰিস্থিতি মোকাবিলা কৰিব পাৰিম বুলি মই আশাবাদী।
নবীন নগৰৰ সমীপত ভৰলুৰ গাৰ্ড ৱাল পৰ্যবেক্ষণ কৰি এই মন্তব্য কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালে।
3. অট্টৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল এৱাৰ্ডছত উজ্বলিল অসমৰ আদিল হুছেইন।
‘ফুট প্ৰিণ্টছ অন ৱাটাৰ’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
নাথালিয়া শ্যাম পৰিচালিত ছবিখনত দুৰ্দান্ত অভিনয়ৰ বাবে এই সন্মান হুছেইনলৈ।
4. অসমৰ বান পৰিস্থিতিকলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° মনসুখ মান্দবিয়াৰ বিশেষ বৈঠক।
বানত ক্ষতিগ্ৰস্ত সকলোকে সহায়ৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।
5. গাৰ্ড ৱাল ফাট মেলা স্থান পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
অনিল নগৰত উপস্থিত হৈ ঘটনাৰ বুজ ল’লে।
পৰিদৰ্শন কালত সংগ দিয়ে GMC মেয়ৰ মৃগেণ শৰণীয়াই।
6. শোকাৱহ পথ দুৰ্ঘটনা।
নিশা পথত পৰি থকা গছত বাইকেৰে খুন্দিয়াই মৃত্যু হ’ল ফটাে সাংবাদিকৰ।
দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু যুৱ ফটো সাংবাদিকৰ।
নিহত যুৱ ফটো সাংবাদিকজন বিশ্বনাথৰ নয়ন নিৰ্বান হাজৰিকা।
7. ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ মাজতেই আবদ্ধ হয় চিকিৎসক-চিকিৎসা কৰ্মীৰ এটা দল।
চিকিৎসা সেৱা কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজত থকা চাৰখলীয়া চাপৰিলৈ গৈছিল পাঁচদিনৰ পূৰ্বে এটা ১১জনীয়া দল।
8. নগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত হয় আৰক্ষী বিষয়া ৰাজা ইৰছাদ।
CBIয়ে জেৰা চলাব ৰাজা ইৰছাদক।
জোনমণিৰ মৃত্যুত সাঙুৰ খাইছিল ৰাজা ইৰছাদৰ নাম।
9. চৰাইদেউ নিমনাগড়ত উভালি পৰে প্ৰকাণ্ড গছ।
ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা।
আবদ্ধ হৈ পৰিছে গুৱাহাটী পৰা অহা নৈশ যান-বাহন।
10. যোৰাবাটৰ কৃত্ৰিম বানৰ সমস্যা দীৰ্ঘদিনীয়া।
কৃত্ৰিম বানৰ বাবেই দুৰ্ভোগ ভুগিছে ব্যৱসায়ী, স্থানীয় লোকে।
বোকাময় পৰিৱেশৰ মাজতে ব্যৱসায়-বাণিজ্য চলিছে যোৰাবাটত।
11. চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত ভয়ংকৰ খহনীয়া।
বিন্ধাকটা মুলুকত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ জিঅ’বেগলৈ ভাবুকি।
গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ তৎপৰতা জলসম্পদ বিভাগৰ।
ব্ৰক্ষ্মপুত্ৰ আৰু চিয়াং নদীৰ প্ৰৱল সোঁতৰ বাবেই ব্যাপক খহনীয়া।
12. ‘বিপৰ্জয় ঘূৰ্ণীবতাহৰ ফলত প্ৰায় ৪৭ জন আহত হয় যদিও কোনো গুৰুতৰভাৱে আহত হোৱা নাই’।
বিপৰ্জয় ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি গুজৰাটত সংবাদমেল সম্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
13. পানীখাইতিত পুনৰ খহনীয়াৰ কালৰূপ।
পানী বাঢ়ি অহাৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই।
যিকোনো মুহূৰ্তত খহনীয়াৰ কবলত পৰিব পাৰে নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথটো।
14. লক্ষীমপুৰ জিলাৰ কে বি ৰোডৰ পৰা ৰন্তিজান গাঁৱৰ সংযোগী পথৰ যাতায়তৰ সুচল ব্যৱস্থাৰ বাবে ৰাইজৰ শ্ৰমদান।
গাঁঠিৰ ধন ভাঙি পথটোৰ মেৰামতি কৰে স্থানীয় ৰাইজে ।
চৰকাৰ- প্ৰশাসনৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ ।
15. ২৪ ঘন্টাৰ পাছতো মুকলি হোৱা নাই শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৷
সোনাপুৰত ভয়াৱহ ভূমিস্খলনৰ বাবে শণিবাৰৰ পৰা বন্ধ যাতায়ত ৷
ভূমিস্খলনৰ ফলত মেঘালয়ত আৱদ্ধ হয় শতাধিক বাহন ৷
16. UPSCত উত্তীৰ্ণসকল আৰু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত স্থানপ্ৰাপ্তসকলক সম্বৰ্ধনা জনাই সদৌ অসম ছাত্ৰ সন্থাই।
17. হেমকোষৰ ব্রেইল সংস্কৰণ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰি অসমীয়া ভাষাক সুকীয়া মৰ্যাদা প্রদান কৰা সাদিন-প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক গোলাঘাটত বিভিন্ন অনুষ্ঠানৰ জৰিয়তে সন্মান প্ৰদান কৰে।
18. মৈৰাবাৰীৰ সাহচৰা গাঁৱত ড্ৰাগছ সহ আটক কৰা হৈছে।
৩১ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ জব্দ কৰাৰ লগতে কিছু অবৈধ আপত্তিজনক সামগ্ৰী জব্দ কৰে।
ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সাহচৰা গাঁৱৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক।
19. উত্তৰ প্ৰদেশ,বিহাৰত উৎকট গৰম বাবে ১০০ জন মৃত্যু হয়।
৪০০ গৰাকী চিকিৎসাধীন হৈ আছে।
20. ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ বাবে গুজৰাট-ৰাজস্থানত ভয়ংকৰ পৰিস্থিতি।
৫০০খন গাঁৱত বন্ধ কৰি দিয়ে বিদ্যুৎ যোগান।