৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 20/2023:- 

1. গোলকগঞ্জত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
গংগাধৰ নৈৰ নৱনিৰ্মিত দলং উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে দলংখন৷

2. আজি বিষ্ণু ৰাভা দিৱস।
ৰাজ্যজুৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ৫৫ সংখ্যক স্মৃতি দিৱসটিকে বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰে।
গীত-মাত আৰু অন্যান্য সৃষ্টিৰাজিৰ মাধ্যমেৰে স্মৰণ কৰে বিষ্ণু ৰাভাক।
তেজপুৰত সদৌ অসম ছাত্র সন্থাই কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰে বিষ্ণু ৰাভা দিৱস।

3. গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাই পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ৷
কৃত্ৰিম বানপানীৰ বুজ লৈছে মন্ত্ৰী অশোক সিংঘালে৷
নতুনকৈ নিৰ্মাণ কৰা নলা-নৰ্দমাৰ কামৰ খতিয়ান ল’লে মন্ত্ৰীজনে৷

4. ‘শ্লুইছ গেটৰ বাবেই বানপানীৰ পৰা ৰক্ষা পৰিছে জাগীৰোডৰ মাটিপৰ্বতৰ বৃহত্তৰ অঞ্চল’।
জাগীৰোডৰ শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

5. ‘আপোনালোকৰ জীৱন বচোৱাৰ কাৰণে যদি মোৰ ভুল হৈছে ক্ষমা কৰি দিয়ক’।
যান-বাহন আইন ভংগ কৰা আৰোহীৰ পৰা আনন্দ মিশ্ৰই বিচাৰিলে ক্ষমা।
যান-বাহন আইন উলংঘা নকৰিবলৈ আহ্বান আনন্দ মিশ্ৰৰ।

6. মঙলদৈৰ নোৱা নদীৰ বানত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
স্থানীয় ৰাইজৰ লগতো মত বিনিময় কৰি বানত ক্ষতিগ্ৰস্তসকলৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
বিভাগীয় অভিযন্তাক মথাউৰি মেৰামতিৰ কাম শীঘ্ৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

7. বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ ‘কলাগুৰু’ বঁটা।
বিষ্ণু ৰাভা দিৱস উপলক্ষে শিল্পীগৰাকীক অসম যুৱ পৰিষদে প্ৰদান কৰে এই বঁটা।
অসুস্থতাৰ বাবে গুৱাহাটীৰ নাৰিকলবস্তিস্থিত ঘৰত প্ৰদান কৰে বঁটা।

8. “শ্ৰীৰঘুপতিয়ে কিমান টকা উপাৰ্জন কৰিলে সেয়া ডাঙৰ কথা নহয়।
চাবটাইটেল অবিহনে অসমসহ ভাৰতৰ ২৫৮টা চলচ্চিত্ৰগৃহত শ্ৰীৰঘুপতি প্ৰদৰ্শন হৈ আছে।
অসমীয়া চিনেমাৰ পৰিসৰ বৃদ্ধি পাইছে”- মন্তব্য অভিনেতা ৰবি শৰ্মাৰ।

9. নুনমাটিত ৰাজপথৰ সমীপতে ফাটিল পানীৰ পাইপ।
নুনমাটি শোধনাগাৰৰ নিজা পানী যোগান পাইপত বিসংগতি।
পাইপ বিস্ফোৰণৰ পাছতে জলমগ্ন সমগ্ৰ অঞ্চল।
বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা।
অৱশ্যে লগে লগে বন্ধ কৰি দিয়া হয় শোধনাগাৰৰ পানী যোগান।

10. জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ দুঃসাহসিক কাৰ্য।ভৰা লুইতত জাঁপ দিয়া মহিলাক জীৱন্তে উদ্ধাৰ কৰে জিতু পাঠকে।
ঘটনাটো সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত।
পাৰিবাৰিক কন্দলৰ বাবেই আত্মহননৰ পথ বাচি লৈছিল মহিলগৰাকীয়ে।
ফেৰী ঘাটত কৰ্মৰত অস্থায়ী কৰ্মচাৰী জিতু পাঠকে নদীৰ কোবাল সোঁতত সাঁতুৰি জীৱন্তে উদ্ধাৰ কৰে মহিলাগৰাকীক।

11. শদিয়াৰ উদীয়মান যুৱ চিত্ৰশিল্পী হেমচন্দ্ৰ গগৈ অকাল বিয়োগ।
শুই থকা অৱস্থাত যুৱ চিত্ৰশিল্পী হেমচন্দ্ৰ গগৈ (জান্টু) মৃত্যু হয়।

12. ‘নগাঁও, কলিয়াবৰৰ দুয়োগৰাকী সাংসদ কেৱল কংগ্ৰেছ দলৰে হৈ থকা নাই৷
দুয়োগৰাকী সাংসদেই ৰাজ্যখনৰ শক্তিশালী মুখপাত্ৰ’৷
নগাঁও, কলিয়াবৰ লোকসভা সমষ্টিক লৈ ভূপেন বৰাৰ মন্তব্য৷

13. বৰ্দ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ বিশেষ পদক্ষেপ৷
চাইবাৰ অপৰাধ ৰোধৰ বাবে ৰাজ্যত স্থাপন কৰা হ’ব ৪ খন চাইবাৰ আৰক্ষী থানা৷
গুৱাহাটীৰ CIDৰ মুখ্য কাৰ্যালয় আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত থাকিব ২ খন চাইবাৰ থানা৷
ইয়াৰ বিপৰীতে ডিব্ৰুগড় আৰু শিলচৰত থাকিব একোখনকৈ চাইবাৰ আৰক্ষী চকী৷
গুৱাহাটীৰ দুয়োখন থানা নিৰিক্ষণ কৰিব একোজন DSP পৰ্যায়ৰ বিষয়াই৷
শিলচৰ আৰু ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী চকী নিৰিক্ষণ কৰিব OC পৰ্যায়ৰ বিষয়াই৷

14. নাঙল-যুৱলি লৈ গহপুৰত ব্যতিক্ৰমী প্ৰতিবাদ৷
বিধস্ত পথৰ ওপৰতেই প্ৰতীকী প্ৰতিবাদ ৰাইজৰ৷
দক্ষিণ বৰজহাবাৰীত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ৷
খোদ বিজেপিৰ ৱাৰ্ড মেম্বাৰেই নামিল প্ৰতিবাদত৷

15. গুৱাহাটী কমাৰ্চ কলেজৰ আজব কাণ্ড৷
নামভৰ্তিৰ সময়ত নামঘোষাৰ বাবদ ৭০০ টকাকৈ মাচুল আদায়৷
ইতিমধ্যে পাঠ্যক্ৰমত বাধ্যতামূলক কৰা হৈছে নামঘোষা৷

16. মহানগৰীৰ মাণিকনগৰত অঘটন৷
পঞ্চম মহলাৰ পৰা পৰি এগৰাকী মহিলাৰ মৃত্যু হয়।
নাম কৃষ্ণা শইকীয়া।

17. আমগুৰিৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা অংশুমান বৰাক গ্ৰেপ্তাৰ।
গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংশুমান বৰাক।
গৌৰীসাগৰ যুৱ মৰ্চাৰ মণ্ডলৰ সাধাৰণ সম্পাদক অংশুমান বৰা।
বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবে আক্ৰমণ কৰিছিল দম্পতীক।

18. ধেমাজিত ভয়ংকৰ ঘটনা।
গুলীবিদ্ধ হৈ প্ৰাণ গ’ল এজন ব্যৱসায়ীৰ।
নাম সদাগৰ বৰুৱা।
নিজৰ পিষ্টল চাফা কৰি মৃত্যু হয় ব্যক্তি গৰাকী।

19. প্ৰচণ্ড গৰমে দহিছে উত্তৰ প্ৰদেশ।
৬৮ জন লোক গ্ৰীষ্মপ্ৰবাহত মৃত্যু হয়।
৪০ৰ পৰা ৪৪.৭ ডিগ্ৰী চেলছিয়াছলৈ তাপমাত্ৰা বৃদ্ধি।

20. আগন্তুক ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাষাৰ বৰষুণ
প্ৰচুৰ পৰিমাণে বৰষুণ আৰু ঢেৰেকণি হব অসমত।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।

Leave a Reply

Your email address will not be published. Required fields are marked *