মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 21/2023:-
1. আজি নৱম আন্তৰ্জাতিক যোগ দিৱস।
ভাৰতৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে যোগ দিৱস পালন কৰে।
ডিঙিত গামোচা লৈ নিউয়ৰ্কত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এ।
যোগাসনৰ পূ্ৰ্বে গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
2. কাৰ্বি আংলঙৰ ডিফুত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
ডিফুৰ ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় বিদ্যাসিং ইংলেং, দৰসিং ৰংহাং। যোগাভ্যাসৰ জৰিয়তে দীৰ্ঘদিন ধৰি সমাজৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰি অহা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
3. তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কিশোৰী মোহন পাঠকৰ দেহাৱসান।
মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পদাৰ্থ বিজ্ঞানী তথা শিক্ষাবিদগৰাকী এ।
4. লখিমপুৰ জিলাৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে আনন্দ মিশ্ৰ।
ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে বহু তাৎপৰ্য্যপূৰ্ণ আৰু ৰসাল মন্তব্য কৰিলে আৰক্ষী অধীক্ষকগৰাকীয়ে।
5. ২২ জুনৰ পৰা নিশা ২.৩০ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।
নিবৃত্তি হ’ব ২৬ জুনত।
২৬ জুনৰ পুৱাৰ নিত্য পূজাৰ পিছত খোলা হ’ব শক্তিপীঠ কামাখ্য ধামৰ দুৱাৰ।
মেলাৰ সময়ত নিশা ৯ বজাৰ পিছত কামাখ্যাত ভক্তৰ প্ৰৱেশত বাধা প্ৰশাসনৰ।
পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ কামাখ্যাত প্ৰৱেশ কৰিব পাৰিব ভক্তই।
6. ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।
ছুইফট বাহন আৰু ডাম্পাৰৰ সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ গ’ল দুজনকৈ যুৱকৰ।
নিহত যুৱকদ্বয় ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন।
আহত অজন্ত বৰুৱা আৰু ৰিপুন সোণোৱালক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
শদিয়াৰ দিশৰ পৰা গৈ ছুইফট বাহনখনে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰখনত।
7. অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত প্ৰায় ডেৰ কোটি টকাৰ গাঞ্জা জব্দ কৰা হৈছে।
এখন ট্ৰাকেৰে সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।
লগতে গ্ৰেপ্তাৰ কৰে ট্ৰাক চালক অজয় চাহানীকো।
গুৱাহাটীৰ পৰা দিল্লীলৈ সৰবৰাহৰ সময়তে জব্দ কৰে গাঞ্জাখিনি।
8. ‘আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া বিৰোধী নহয়।
ৰাইজক অন্ধকাৰত ৰাখি এই খচৰা প্ৰকাশ কৰা হৈছে’।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বকোৰ বিধায়িকা নন্দিতা দাসৰ মন্তব্য।
9. মুম্বাইত শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদে।
লুৰীণজ্যোতি গগৈৰ নেতৃত্বত মুম্বাইত উপস্থিত হয় ৪জনীয়া দল৷
10. সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতে মৰিগাঁৱত তিৱা ছাত্ৰসন্থাৰ উত্তাল প্ৰতিবাদ।
মৰিগাঁও সমষ্টি সংৰক্ষণৰ দাবীত প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে।
ঘাইপথত টায়াৰ জ্বলাই খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।
11. দুলীয়াজানত ড্ৰাগছকে ধৰি বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰে।
লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চনু মগৰ, বিকাশ সোণাৰ, অভিকেশ শইকীয়া, পান্নালাল দে’, প্ৰসেনজিৎ দাস, নিখিল গগৈ নামৰ ৬জনক।
লগতে জব্দ কৰে এখন মাৰুতী অল্ট’ গাড়ী আৰু ৩খন বাইক।
12. প্ৰকৃতিৰ কালৰূপ।
ভূটানৰ পৰা নামি অহা পানীৰ ঢলে উটুৱাই নিয়ে পকী দলং।
সেয়ে তামুলপুৰৰ কুমাৰীকাটা-জালাহ পথৰ যোগাযোগ বিচ্ছিন্ন হয়।
13. গোৱালপাৰাৰ কৃষ্ণাইত বন্যহস্তীৰ আতংক।
বনৰীয়া হাতীৰ আক্রমণত নিহত হয় এজন লোক।
14. ধাৰাসাৰ বৰষুণৰ বাবে ডিমা হাছাওত খহি পৰে কালভাৰ্ট।
সেয়ে হাফলং-শিলচৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হয়।
15. জুৰীয়াত গ্ৰেপ্তাৰ আন এটা কুখ্যাত তীৰ মাফিয়া।
কুখ্যাত তীৰ মাফিয়া হাফিজউদ্দিনক গ্ৰেপ্তাৰ কৰে জুৰীয়া আৰক্ষীয়ে।
নগাঁৱত বৃহৎ তীৰৰ সাম্ৰাজ্য গঢ়ি তুলিছিল হাফিজউদ্দিনে।
16. ‘সমষ্টি পুনৰ নিৰ্ধাৰণ আছুৰ বহু পুৰণি দাবী।
অসমত খিলঞ্জীয়া লোকৰ প্ৰভুত্ব থকাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব লাগিব’।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া।
17. ছুইফট আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত ২ ছুইফট আৰোহী।
নিহত দুই যুৱক চৰাইদেউৰ সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন।
ভূপেন হাজৰিকা সেতুৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুণ সোণোৱালক ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
18. ‘আমি অসমক দ্বিতীয় মণিপুৰ হ’বলৈ নিদিওঁ।
বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰিছে, অসমীয়া সমাজ বিভাজন কৰিব পৰা পদক্ষেপ লোৱা অনুচিত।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
নিৰ্বাচন আয়োগক নিৰপেক্ষ নহয় বুলি মন্তব্য কৰে বিৰোধী উপ-দলপতিগৰাকী এ।
19. নকল সোণৰ বেপাৰী আজগৰ আলীক টকা যোগান ধৰা দুগৰাকী মহিলাক CBI এ সোধা পোছা কৰে।
এই দুগৰাকী মহিলাৰ পৰা টকা ধৰালৈ লৈ জোনমণি ৰাভাক ৬ লাখ টকা আদায় দিয়া বুলি কৈছিল আমিনা খাতুন নামৰ মহিলাগৰাকীয়ে।
20. বাক্সাৰ বৰমাত বানৰ ভয়াৱহ ৰূপ ।
মৰাপাগলাদিয়াৰ মঠাউৰি ভাঙি প্লাৱিত আলাগজাৰ, কালজাৰ, চাৰানপাৰা আদি বিভিন্ন অঞ্চল ।
হঠাৎ অহা বানত আতংকিত অঞ্চলবাসী, SDRF বাহিনী এ উদ্ধাৰ অভিযান চলায়।