৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 22/2023:- 

1. শোণিতপুৰ জিলাৰ আদাবাৰী আদৰ্শ বিদ্যালয়খন শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে বিদ্যালখনৰ ছাত্ৰ-ছাত্ৰীসকলক অহা দুমাহৰ ভিতৰত চিৰিয়াখানা দেখুৱাৱলৈ নিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে মুখ্যমন্ত্ৰীয়ে।

2. আজিৰে পৰা অম্বুবাচী মেলা।
অগণন ভক্ত, সাধু-সন্ন্যাসীৰে ভৰি পৰিছে মা কামাখ্যা ধাম।

3. GMCHৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত ৩৫০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণ।
নিৰ্মীয়মান ভৱন পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

4. ধুবুৰীত লুইতৰ পাৰত I LOVE DHUBRI SELFIE POINT মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰশাসনীয় বিষয়া, স্থানীয় একাধিক বিধায়ক আৰু BTRৰ EM অৰূপ কুমাৰ দে’ই।

5. বৰমাৰ দহকাউনীয়াত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।
দহকাউনীয়াত মৰা পাগলাদিয়াৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
শীঘ্ৰে ভগ্ন মথাউৰি মেৰামতি, বন্যাক্ৰান্তক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

*’আগতকৈ হ্ৰাস পাইছে বানৰ প্ৰকোপ।
নতুনকৈ নিৰ্মাণ কৰা কোনো মথাউৰি ছিগা নাই, পুৰণি মথাউৰিহে ছিগিছে।
৪টা স্থানত ছিগিছে তিনিটা মথাউৰি।
নাওবৈচা, বৰমা, পহুমৰাত ছিগিছে মথাউৰি।
বানৰ কবলত ওদালগুৰি, তামুলপুৰ, বজালী, বাক্সা।
আমাৰ বিষয়া-কৰ্মচাৰীসকলে আন্তৰিকতাৰে কামত ব্যস্ত আছে।’
বিগত বৰ্ষত ছিগিছিল ২৬টা মথাউৰি।’
শেহতীয়া বান পৰিস্থিতিক লৈ মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

6. গুৱাহাটীৰ পাণ্ডুত পুনৰ ঘটিল অঘটন।
ৰাজপথত পানীৰ পাই ফুটি সৃষ্টি হৈছে ফাউণ্টেইনসদৃশ পৰিৱেশৰ।
পানীৰ পাইপ ফটাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।
উল্লেখ্য যে ইতিপূৰ্বে খাৰঘূলি, জু-ৰোডৰ জনবিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
কেইটামান দিনৰ আগতে মালিগাঁও চাৰিআলিতো পাইপ ফুটি জলমগ্ন হৈছিল সমগ্ৰ অঞ্চল।

7. পশ্চিমবংগৰ মালদাত শোকাৱহ ঘটনা।
পুনৰ বজ্ৰপাতৰ ফলত ৩ শিশুসহ আন ৪জনৰ মৃত্যু।
এই ঘটনাত মৃত্যু ঘটিছে ৩টা পশুধনৰো।
বজ্ৰপাতৰ ফলত এখন স্কুলবাছৰ শিশু কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত।
মালদা জিলাৰ কালিয়াচ’কত সংঘটিত হৈছে এই ঘটনাটো।

8. চীনৰ এখন ৰেস্তোৰাঁত ভয়ংকৰ ঘটনা।
LPG চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত ঘটে বিধ্বংসী জুইৰ।
ঘটনাৰ ফলত ৩১জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
আঘাতপ্ৰাপ্ত ৭জনৰো অধিক লোকক হাস্পতালত ভৰ্তি কৰোৱা হয়।
চীনৰ য়িনচুয়ান চহৰত সংঘটিত হৈছে এই ভয়ানক ঘটনাটো।

9. গুৱাহাটীত এক ভয়ংকৰ ঘটনা।
মাছ ব্যৱসায়ী নৰেন চৌধুৰীৰ মৃতদেহ উন্মুক্ত নলাত উদ্ধাৰ কৰা হয়।

10. তেজপুৰ বিশ্ববিদ্যালয়ত অঘটন।
শুই থকা অৱস্থাত হোষ্টেলৰ বিছনাত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু হয়।
ছাত্ৰজন তিনিচুকীয়াৰ ডুমডুমাৰ নিলোৎপল গগৈ।
নিলোৎপল M.Sc ENVIRONMENTAL SCIENCE ৰ FINEL YEAR ৰ ছাত্ৰ আছিল।
শৰাইঘাট চি ভি ৰমন হোষ্টেলত আছিল ছাত্ৰজন।

11. বানত প্ৰাণ গ’ল এজন পথচাৰীৰ।
মৃত লােকজন বাইহাটা চাৰিআলিৰ ২নং দগাঁও গাঁৱৰ ৰমেশ ডেকা ।
নিশা খোজকাঢ়ি ঘৰলৈ গাৈ থকা অৱস্থাত কলাজল নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে লোকজনক।
SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে ৰমেশ ডেকাৰ মৃতদেহ।

12. গহপুৰত ছিগিল চত্ৰং নদীৰ মথাউৰি।
বাঢ়নী পানীয়ে খহাই নিলে বৃহৎ অংশ।
গহপুৰ নগৰৰ কেইবাটাও ৱাৰ্ড এতিয়া পানীৰ তলত।
হাহাকাৰ ৰাইজৰ মাজত।

13. ‘মই অংহকাৰী নহয়।
দলে যতে দায়িত্ব দিয়ে তাতে থাকিম।
দলে যদি দিয়ে মই আকৌ কলিয়াবৰ পৰা সাংসদ হমেই।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া।

14. যোগীঘোপাত ভয়ংকৰ ভূমিস্খপন।
যোগীঘোপাৰ ঔডুবী-চাপৰ সংযোগী পথত ভূমিস্খলন।
পাহাৰৰ পৰা মাটি, শিল খহি বন্ধ হৈ পৰে পথ।

15. ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীক।

16. ৰহাৰ খলিহামাৰীত নিশা ভয়ংকৰ অঘটন।
গৰুচোৰৰ গাড়ীৰ খুন্দাত নিহত হয় এজন।
নিহত লোকজনৰ নাম ভদ্রেশ্বৰ নাথ।
চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ভদ্রেশ্বৰৰ পত্নী সীমা দেৱীৰ ।

17. অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল বিতৰ্কৰ অৱসান।
NMCয়ে বাহাল ৰাখিলে দুখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি।
৫বছৰৰ বাবে স্বীকৃতি বাহাল থাকিল AMC আৰু GMC ৰ।

18. ধিঙৰ শালকাটিত অঘটন।
ঘৰৰ কাষতে থকা পুখুৰীত পৰি মৃত্যু এটি কণমানিৰ।
খেলি থকা অৱস্থাত পুখুৰীত পৰে শিশুটি।
ধিং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।

19. পথাৰত কোৰেৰে ঘাঁহ কাটি ৩ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন নাজিৰাৰ ঘৰফলীয়া গাঁৱৰ যুৱ কৃষক দ্বীপজ্যোতি গগৈৰ।
খেতিপথাৰত অংকন কৰে মহাত্মা গান্ধী, ভগৎ সিং আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ছবি।

20.মহানগৰীৰ জু-ৰোডৰ পৰা সন্ধানহীন এগৰাকী মহিলা।
নাম প্ৰিয়ংকা হেডা।

Leave a Reply

Your email address will not be published. Required fields are marked *