৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 24/2023:- 

1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ দিয়ে এটা বিশেষ টি-চাৰ্ট৷
প্ৰধানমন্ত্ৰীক উদ্দেশ্যি টি-চাৰ্টটোত লিখা আছে ‘The Future is AI’ ৷
ভাৰতীয়-আমেৰিকান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীক প্ৰদান কৰে এই উপহাৰটি।

2. বৰক্ষেত্ৰীৰ খহনীয়া পৰিদৰ্শন কৰে বিধায়ক দিগন্ত বৰ্মনে।
পাগলাদিয়াৰ খহনীয়াত গৃহহীন অঞ্চলটোৰ প্ৰায় ১৫টা পৰিয়াল৷

3. ছিপাঝাৰৰ আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক নুৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ৷
কৰ্তব্যত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হয়।

4. শিলচৰৰ কেইবাটাও বাছ ষ্টেণ্ডত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ Sudden visit।
পৰিৱহণ বিভাগৰ বিষয়া-কৰ্মীক ধমক দিয়ে মন্ত্ৰী গৰাকীয়ে।

5. বজালীত বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

6. ‘AIUDFক লগত ল’লে উজনিৰ ভোট নষ্ট হ’ব বুলি ভয় ভূপেন বৰাৰ।
বন্যাৰ্তৰ খবৰ ল’বলৈ আহৰি নাই কংগ্ৰেছৰ।
তেওঁলোক ভোটৰ অংকত ব্যস্ত।
‘২৪ৰ নিৰ্বাচনত আকৌ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি শাসনভাৰ পাম’- মন্তব্য বিজেপি বিধায়ক দিগন্ত কলিতাৰ।

7. সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বঙাইগাঁৱত বিক্ষোভ।
ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক।
সমষ্টিটোৰ পৰা কেইবাখনো পঞ্চায়ত বাদ পৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

8. উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত বনৰীয়া ম’হৰ আক্ৰমণত আহত হয় এজন লোক ।
আহত লোকজন উত্তৰ গুৱাহাটীৰ জলাহৰ নৰেশ্বৰ দাস ।

9. বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।
সংবাদমেলৰ জৰিয়তে প্ৰমোদ বড়োৱে কোকৰাঝাৰৰ চন্দ্ৰপাৰা ৰাজহুৱা খেলপথাৰখন চিলাদাং বসুমতাৰী নামত ষ্টেডিয়াম কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে বৃহত্তৰ চন্দ্ৰপাৰা ৰাইজ।
এখন সভা অনুষ্ঠিত কৰি কোনো কাৰণতে খেলপথাৰখন ষ্টেডিয়াম কৰিব দিয়া নহ’ব বুলি দাবী ৰাইজৰ।

10. টীয়কৰ চাংমাইগড়ত বাঢ়নী পানীত পৰি মৃত্যু এজন যুৱকৰ৷
মৃত যুৱকজনৰ নাম দিগন্ত দাস৷
স্থানীয়লোকে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ৷

11. ছয়মাইলৰ উৰণ সেতুত সংঘটিত পথ দুৰ্ঘটনা।
তীব্ৰবেগী স্কুটাৰৰ উৰণ সেতুত খুন্দা।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্কুটাৰ আৰোহী। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত স্কুটাৰ আৰোহীক৷

12. বাক্সাৰ বাটাচাৰৰ পৰা ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে বৰমা আৰক্ষীয়ে।
আটকাধীন দৈঠুং বড়োৰ পৰা জব্দ কৰে ৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

13. শিলসাঁকো বিলত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ।
উচ্ছেদিত লোকক সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবী।
ক্ষতিপূৰণ নোহোৱা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ।

15. গহপুৰৰ ব্রহ্মাজানত ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
পথৰ ডিভাইডাৰত খুন্দা এখন টাটা মেজিকৰ।
আহত হয় কেইবাগৰাকী লোক।

16. মিজোৰামত বাৰ্মিজ চুপাৰি ভৰ্তি ট্রাকত অগ্নিসংযোগ।
ত্রিপুৰা সংযোগী ৰাষ্ট্রীয় ঘাইপথত দুৰ্বৃত্তই জ্বলাই দিয়ে দুখন ট্রাক।

17. লিডুৰ টিৰাপ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত এহাল দম্পতীক আটক কৰে।

18. ৰাজ্যত স্থাপন হ’ব ৪খনকৈ চাইবাৰ আৰক্ষী থানা।
বৰ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি গৃহ বিভাগৰ এই সিদ্ধান্ত।
গুৱাহাটীত নিৰ্মাণ হ’ব দুখনকৈ চাইবাৰ আৰক্ষী থানা।
শিলচৰ আৰু ডিব্রুগড়তো নিৰ্মাণ কৰা হ’ব আন দুখন থানা

19. নলবাৰীৰ বানেকুছি গাঁৱত বানপানীৰ সোঁতত উটি গল এজন যুৱক।
সন্ধানহীন যুৱকজন বৰক্ষেত্ৰীৰ বানেকুছিৰ জয়ন্ত স্বৰ্গীয়াৰী।
যুৱকজনৰ সন্ধানত অব্যাহত SDRFৰ অভিযান।

20. ধেমাজিত বনৰীয়া কাঠফুলা খাই চিকিৎসাধীন ৭জন লোক।
চিকিৎসাৰ অন্তত ১৯ গৰাকী লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।
কাঠফুলা ভক্ষণৰ পাছতে পেটৰ বিষ, জ্বৰ, বমি হয় লোককেইজনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *