৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam June 25/2023:-
1. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজিপ্ত ভ্ৰমণৰ আজি দ্বিতীয় দিন।
১০ শতিকা পুৰণি আল হাকিম মছজিদ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
হেলিঅ’পলিচত যুদ্ধস্মাৰকত প্ৰথম বিশ্বযুদ্ধত প্ৰাণাহুতি দিয়া ৩,৭৯৯গৰাকী ভাৰতীয় ছহিদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
2. অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ উদ্যোগত ‘লোকতন্ত্ৰৰ সেনানীলৈ সশ্ৰদ্ধ প্ৰণাম’ অনুষ্ঠান।
৯১ গৰাকী সেনানী বা আত্মীয়ক মাহে ১৫ হাজাৰ টকাকৈ পেঞ্চন প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
১৯৭৫ত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা সেনানীলৈ এই সন্মান।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
3. দুৰ্যোগৰ সময়ত মোদী চৰকাৰ অসমবাসীৰ সৈতে আছে, সাহায্য-উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীয়ে, পৰিস্থিতিৰে মোকাবিলাৰ বাবে পৰ্যাপ্ত বাহিনী সাজু হৈ আছে বুলি টুইটযোগে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বৰ্তমানৰ বান পৰিস্থিতি সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপ কৰে৷
4. “গুৱাহাটীত কৃত্ৰিম বান ৰোধ কৰাটো সহজ নহয়, কৃত্ৰিম বান সৃষ্টিৰ অন্যতম কাৰণ মানুহ নিজেই”- মন্তব্য সাংসদ কুইন ওজাৰ।
5. ৰঙিয়াত অচিৰেই মুকলি হ’ব এখন আইন মহাবিদ্যালয়৷
প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব চাৰিমহলীয়া অট্টালিকা৷
অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই।
6. দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷
অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে সাংবাদিক আব্দুৰ ৰৌফ আলমগীক।
আলমগীৰয়ে বকোত চলাইছিল PNBৰ গ্ৰাহক সেৱা কেন্দ্ৰ৷
PNB গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা অপহৰণ কৰে সাংবাদিকজনক৷
দুৰ্বৃত্তৰ দলটোৱে লুটি নিয়ে নগদ ধনৰ লগতে এটা লেপটপ৷
7. শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ।
আমগুৰি আৰু হালোৱাটিং আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে ২৭০ কেচ অবৈধ সুৰা।
আৰক্ষীয়ে আটক কৰে বিজু সন্দিকৈ নামৰ এজনক।
8. অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ অভিযানত হাজো আৰু গুৱাহাটীত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে।
১০০ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ আৰু ৬৫ পেকেট হেৰ’ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত গঠিত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ।
9. পশ্চিমবংগৰ বাংকুৰাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷
দুখনকৈ মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ৷
ইঞ্জিনসহ ১২টাকৈ দবা লাইনচ্যুত হয় আৰু আহত হয় চালক৷
10. হাজোত জব্দ হয় ১ কোটি টকাৰ ড্ৰাগছ।
১০০টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচসহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।
ড্ৰাগছখিনি অনা হৈছিল এখন ফৰচুনাৰ বাহনত।
11. গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত মাটি খননক লৈ বিশেষ নিৰ্দেশনা।
বাৰিষাৰ সময়ছোৱাত কাটিব নোৱাৰিব পাহাৰীয়া মাটি।
ভূমিস্খলনপ্ৰৱণ এলেকাক লৈ চিন্তিত হৈ জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা।
পাহাৰীয়া অঞ্চলত বাস কৰা ২৫৫ টা ঘৰ খালী কৰাৰ নিৰ্দেশ।
নুনমাটি, চূণশালি, ভঙাগড়, খানাপাৰাৰ পাহাৰীয়া অঞ্চলত নিৰ্দেশনা জাৰি।
12. তিনিচুকীয়াৰ লেখাপানীৰ তিনিসুঁতি লুংচাই গাঁৱত মৰ্মাতিক ঘটনা।
বজ্ৰপাতৰ ফলত একেলগে মাতৃ আৰু কন্যাৰ কৰুণ মৃত্যু।
নিহত মাতৃ ৰঞ্জিনা ভাংৰা আৰু ৪ বছৰীয়া কন্যা দিপালী ভাংৰা।
কন্যাক কাষতে লৈ মাতৃয়ে কাম কৰি আছিল ঘৰৰ।
তেনে সময়তে দুয়োৰে গাত বজ্ৰপাত পৰে।
13. নুনমাটি, চূণশালি, ভঙাগড়, খানাপাৰাৰ পাহাৰীয়া অঞ্চলত মাটি খননত নিষেধাজ্ঞা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।
পাহাৰীয়া অঞ্চলত বাস কৰা ২৫৫ টা পৰিয়ালক ঘৰ খালীৰ নিৰ্দেশ দিয়ে।
14. পুৱাই ইম্ফলৰ ইথাম গাঁৱত ভাৰতীয় সেনাৰ অভিযান।
অস্ত্ৰ-শস্ত্ৰসহ ১২ KYKL কেডাৰক গ্ৰেপ্তাৰ সেনাৰ।
৬টাকৈ DOGRA এম্বুচৰ মাষ্টাৰমাইণ্ড স্বঘোষিত লেফটেনেণ্ট কৰ্ণেল মৈৰাংথেম টাম্বা ওৰফে উত্তমক গ্ৰেপ্তাৰ কৰে।
15. মহানগৰীৰ ভাস্কৰ গেলেৰীত হাতেৰে অঁকা কাপোৰৰ প্ৰদৰ্শনী।
ৰাজগড়ত দুদিনীয়াকৈ আৰম্ভ হৈছে এই প্ৰদৰ্শনী।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী অভিনেতা-অভিনেত্রী।
16. যোৰাবাট আৰক্ষীৰ জালত নকল নোট সৰবৰাহকাৰী।
লখিমপুৰৰ পৰা আটক কৰা হয় সৰবৰাহকাৰীটোক।
ধৃত সৰবৰাহকাৰীটো জীয়াবুৰ ৰহমান।
17.চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰা হয়।
জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্রায় ১৭ কোটি টকা।
18. সৰুসজাইত অনুষ্ঠিত হৈছে অষ্টম নৰ্থ-ইষ্ট ইণ্ডিয়া কাৰাটে ছেম্পিয়নশ্বিপ।
উত্তৰ-পূৱৰ ৬ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে। অংশগ্ৰহণ কৰিছে এচিয়ান গেমছত ভাৰতীয় দলত স্থান লাভ কৰা কেইবাগৰাকীও খেলুৱৈয়ে।
19. সৰুক্ষেত্ৰী সমষ্টিৰ কাৱৈমাৰী ১২নং ব্লকত শোকাৱহ ঘটনা।
কালৰূপী বানত পৰি কৰুণ মৃত্যুক সাৱটিলে এটি ২ বছৰীয়া কণমানিয়ে।
মৃত কণমানিটি ছয়ফৰ মুল্লাৰ কনিষ্ঠ পুত্ৰ ৰিহান।
নিজ গৃহৰ চোতালতে পানীত পৰি কণমানি ৰিহানৰ মৃত্যু হয়।
20. মহানগৰীৰ জালুকবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
জালুকবাৰীৰ প্ৰাগজ্যোতিশ নগৰৰ বি জি কলনীত অভিযান।
STFৰ এটা বৃহৎ দল আৰু DIG Admin পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযান ৬৫টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহেৰে জড়িত দুজনক।