৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 27/2023:- 

1. আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান জুলাইত অনুষ্ঠিত হ’ব।
কিছুদিন পূৰ্বে এই পৰিষদ গঠন কৰিছে ৰাজ্য চৰকাৰে৷
শপত গ্ৰহণৰ পূৰ্বে পৰিষদৰ বিষয়-ববীয়াৰে বৈঠক মন্ত্ৰী পীযূষ হাজৰিকাৰ৷
এই বৈঠকত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিৰেন নাথ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু তথা আন আন বিষয়াসকল উপস্থিত থাকে।

2. ‘অৰুণাচলৰ চিয়াং নদীৰ ওপৰত নিৰ্মাণ হ’ব ভাৰতৰ আটাইতকৈ বৃহৎ নদীবান্ধ’৷
ঘোষণা কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ।

3. বিগত মে’ মাহত ৰাজ্যত ৬৮৬টা পথ দুৰ্ঘটনাত মৃত্যু হয় ৩০৬ জন, আহত হয় ৫৪৮ জন।
নিহতৰ সংখ্যা সৰ্বাধিক কামৰূপ জিলাত, এমাহত দুৰ্ঘটনাত মৃত্যু ৩২ জন।
পথ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকত প্ৰকাশ এই তথ্য।

4. উত্তৰ গুৱাহাটী – গুৱাহাটী ফেৰী ঘাটত অঘটন।
ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰে এজন কৰ্মচাৰী।
নাম ধনজিৎ ইংতি।
SDRF অভিযানত উদ্ধাৰ কৰে ইংতিৰ মৃতদেহ।
উত্তৰ গুৱাহাটীৰ মাজগাওঁ ফেৰীঘাটত সংঘটিত হয় এই ঘটনা।

5. আজি ৰিক্সেং কৃষি উৎপাদক কোম্পানী লিমিটেডে ধান খেতিৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। Rnewsindia24.com

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত ছিমেন চাপৰি কে.ভি.কে ৰ সমল ব্যক্তি উপস্থিত থাকে। আৰু ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

6. গছ কাটি থকা অৱস্থাত গছৰ ডাল মূৰত পৰি মৃত্যু বনকৰ্মীৰ।
নিহত বনকৰ্মীগৰাকী ৰজব আলী।
গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে কৰুণ ঘটনা।

7. বিদ্যুৎ বিধি ২০২০ৰ সংশোধন কেন্দ্ৰ।
সংশোধন অনুসৰি দিনত কমিব বিদ্যুতৰ মাচুল, নিশা ২০ শতাংশলৈ বৃদ্ধি পাব নিৰিখ।
২০২৪ৰ ১ এপ্ৰিলৰ পৰা উপভোক্তাৰ বাবে প্ৰযোজ্য হ’ব নতুন নিৰিখ।
সাধাৰণ গ্ৰাহকৰ ক্ষেত্ৰত ২০২৫ৰ ১ এপ্ৰিলৰ পৰাহে বলৱৎ হব।

8. লখিমপুৰৰ নাওবৈচাত হৃদয়-বিদাৰক ঘটনা।
দৰিদ্ৰতাৰ বাবেই দুই দেৱশিশুক হত্যা কৰি মাতৃয়ে আত্মহত্যা কৰে।

9. বিমানৰ মজিয়াত শৌচ, প্ৰস্ৰাৱ কৰি মাজ আকাশত অস্বাভাৱিক আচৰণ কৰে সুৰামত্ত যাত্ৰীয়ে।
মুম্বাই-দিল্লী এয়াৰ ইণ্ডিয়া বিমানত এই ঘটনা, যাত্ৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ৰাম সিং নামৰ যাত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

10. বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত মৃত্যু হয়।

11. সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাৰ বিৰোধীতাৰে বৰাক বন্ধৰ প্ৰতিবাদ কৰা কংগ্ৰেছ বিধায়ক কমালাক্ষ দে পুৰকায়স্থক আৰক্ষীয়ে আটক কৰে।
বন্ধৰ মাজতেই উত্তাল কৰিমগঞ্জ জিলা।

12. তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ’লে চৌহদত।
ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনা।

13. গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত নহয় বিশ্বকাপৰ মেচ।
ODI ক্ৰিকেট বিশ্বকাপৰ সূচী প্ৰকাশ।
১৫ নৱেম্বৰত মুম্বাইত আৰু ১৬ নৱেম্বৰত কলকাতাত ছেমি ফাইনেল।
১৯ নৱেম্বৰত আহমেদাবাদৰ মোদী ষ্টেডিয়ামত হ’ব ফাইনেল।
গুৱাহাটীত অনুষ্ঠিত হ’ব দুখনকৈ ৱাৰ্মআপ মেচ।

14. গুৰুতৰভাৱে অসুস্থ কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংবাদিক মনজিৎ মহন্ত।
হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।
১৫ জুনত এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল নেতাগৰাকীৰ।

15. মাজুলীৰ ঢেকীয়াজুলিত প্ৰশাসনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে DSP পদ্ম পেগুৰ বাহনে৷
দুৰ্ঘটনাৰ সময়ত বাহনখনত নাছিল DSP পদ্ম পেগু৷
চালক বিজু কামানে সুৰা সেৱন কৰি বাহন চলোৱাৰ অভিযোগ৷

16. কলিয়াবৰৰ শিয়ালেখাইটি নৈত উদ্ধাৰ খোকণ বচাক নামৰ লোকজনৰ মৃতদেহ৷
এমাহ পূৰ্বৰে পৰা নিৰুদ্দেশ হৈ আছিল মিছাৰ খোকণ বচাক৷
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ৷

17. বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
নিহত হয় এটি কিশোৰ আৰু ৩জন আহত হয়।
ঘটনাত নিহত উত্তৰ প্ৰদেশৰ নিৰ্মল ৰামকুমাৰ।
বলেৰ’ পিকআপ ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
গুৰুতৰভাৱে আহত দুজনক GMCHলৈ প্ৰেৰণ কৰা হয়।

18. সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী অল্ট’ বাহনে খুন্দা মাৰে বিদ্যুতৰ খুঁটাত।
কোনোমতে প্ৰাণ ৰক্ষা পৰে চালকৰ।

19. ৰেচন কাৰ্ডৰ নামত কোকৰাঝাৰত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ।
ঘোচ নিদিলে হিতাধিকাৰীয়ে নাপায় ৰেচন কাৰ্ড।
বাবলি মুছাহাৰীৰ নামত স্বামী সাংখ্ৰাং বসুমতাৰীয়ে যোগান ধৰে ৰেচন কাৰ্ড।

20. হিমাচল প্ৰদেশৰ মাণ্ডীত ভয়াৱহ ভূমিস্খলন।
পাহাৰৰ পৰা খহি পৰে প্ৰকাণ্ড প্ৰকাণ্ড শিল।
৬জন নিহত হয় আৰু ১০ জনৰো অধিক আহত হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *