৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 28/2023:-
1. ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ এয়াৰ মাৰ্শ্বাল এচ পি ধৰ্কাৰক ‘পৰম বিশিষ্ট সেৱা মেডেল’ প্ৰদান।
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।
দেশৰ বায়ু সেনা বিভাগলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ‘পৰম বিশিষ্ট সেৱা মেডেল’ সন্মানেৰে সন্মানিত কৰা হয় এচ পি ধৰ্কাৰক।
2. ASDMৰ উদ্যোগত ১০০জন কেব চালকক দক্ষতা প্ৰশিক্ষণ প্ৰদান।
গুৱাহাটী বিমানবন্দৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
টেক্সি চালকৰ দক্ষতা বৃদ্ধি আৰু পেছাদাৰিত্ব উন্নীতকৰণৰ লক্ষ্যৰে অসম দক্ষতা বিকাশ অভিযান আৰু আইডিয়েল অভিযানৰ সহযোগিতামূলক প্ৰচেষ্টাত এই পদক্ষেপ।
3. চীনক চেৰ পেলাই বিশ্বৰ বৃহত্তম পথ নেটৱৰ্কৰ দ্বিতীয় স্থানত ভাৰত।
বিগত ৮ বছৰত ১.৪৫ লাখ কিঃমিঃ পথ বিস্তাৰ ভাৰতৰ।
সংবাদমেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।
4. পুৱাই গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’য় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱটে।
5. পূব ইউক্ৰেইনৰ ক্ৰামটৰ্স্কৰ এখন ৰেষ্টোৰাঁত ৰাছিয়াৰ মিছাইল আক্ৰমণ।
মিছাইল আক্ৰমণত নিহত হয় ৪জন আৰু আহত হৈছে ৪২গৰাকী লোক।
ইউক্ৰেইনত দুটাকৈ ক্ষেপনাস্ত্ৰ আক্ৰমণ ৰাছিয়াৰ।
6. WhatsApp Pink কেলেংকাৰী, ভুৱা WhatsApp Pink ডাউনলোড কৰা এণ্ড্ৰইয়ড ব্যৱহাৰকাৰীসকলৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে।
সম্ভাৱ্য হেকিং আৰু ব্যক্তিগত তথ্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কবাণী প্ৰদান কৰিছে আৰক্ষীয়ে।
WhatsAppৰ ভুৱা সংস্কৰণ WhatsApp Pink ডাউনলোড নকৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।
এক টুইটাৰ পোষ্টযোগে এই আহ্বান মুম্বাই আৰক্ষীৰ।
7. বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা।
তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু হয়।
APDCL কাৰ্যালয়ৰ সন্মুখতে মহটিয়াই লৈ যায় কৰ্মচাৰীজনক।
মৃত লোকজন বৰপেটাৰ হেমন্ত দাস।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন কৰ্মচাৰী।
8. সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ৰিজ’ৰ্টখনৰ বহু সামগ্ৰী।
9. সদৌ অসম নিৱনুৱা যুৱ পৰিষদৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস।
পাঞ্জাবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচী। উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
10. যোৰহাটৰ তৰাজানত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ যায় ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
11. ভূপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্দে ভাৰত অনুষ্ঠান।
শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
12. বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰত্যাহাৰ অসমীয়া ভাষা।
এতিয়াৰে পৰা স্নাতক মহলাৰ শিক্ষাৰ্থীয়ে লিখিব লাগিব ইংৰাজীত।
কেৱল MILৰ ক্ষেত্ৰতহে ব্যতিক্ৰম হ’ব এই সিদ্ধান্ত।
প্ৰতিটো বিষয়ৰ মেজৰকে ধৰি সকলো পাঠ্যক্ৰমতে প্ৰযোজ্য এই সিদ্ধান্ত।
২৮ মাৰ্চত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।
সিদ্ধান্তত অনুমোদন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ।
বিশ্ববিদ্যালয়খনৰ অধীনস্থ ৫৯খন মহাবিদ্যালয়ত প্ৰযোজ্য হ’ব এই নিৰ্দেশ।
13. UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ ST প্ৰাৰ্থীয়ে লাভ কৰিব জলপানি।
ইয়াৰ বাবে প্ৰাৰ্থীসকলক WBT&BC সঞ্চালকালয়ত আবেদনৰ আহ্বান।
১০ জুলাইৰ ভিতৰত সংশ্লিষ্ট প্ৰাৰ্থীয়ে কৰিব লাগিব আবেদন।
14. মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
দক্ষিণ শৰণীয়াত ফুটিল জলব’ৰ্ডৰ পাইপ।
জলমগ্ন হৈ পৰে বিস্তীৰ্ণ এলেকা।
15. উত্তপ্ত বিহপুৰীয়াৰ বঙালমৰা।
বঙালমৰাৰ গৰু বজাৰ বন্ধ কৰি দিয়াত সৰৱ হৈ পৰে একাংশ।
বিক্ৰীৰ বাবে অনা গৰু আৰক্ষী-প্ৰশাসনে লৈ যোৱাত ৰাজপথত প্ৰতিবাদী সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ী গ্ৰাহকে।
16. হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ কৰে দুখন গৰুভৰ্তি ট্ৰাক।
জব্দকৃত ট্ৰাককেইখনত আছিল ৮টাকৈ চোৰাং গৰু।
17. ভ্ৰাম্যমাণৰ প্ৰযোজক সন্থাৰ পৰা পদত্যাগ ৩টাকৈ ভ্ৰাম্যমাণ নাট্যদলৰ।
প্ৰাথমিক সদস্য-পদৰ পৰা পদত্যাগ কৰে হেঙুল, আৱাহন আৰু ইতিহাস থিয়েটাৰে।
18. ভেৰগাঁৱৰ ডিমাকুছিৰ চেন্ট্ৰেল বেংকত উত্তপ্ত পৰিস্থিতি।
বেংক কৰ্মচাৰীয়ে অসভ্য আচৰণ কৰি গ্ৰাহকক উলিয়াই দিয়াৰ অভিযোগ।
বেংক কৰ্মচাৰীৰ অসভ্য আচৰণত বিতুষ্ট গ্ৰাহক ।
ডিমাকুছি চেন্ট্ৰেল বেংকত দালালৰ সৈতে সাংবাদিক-গ্ৰাহকৰ তৰ্কযুদ্ধ ।
19. নলবাৰীত আটক ভুৱা বেংক বিষয়া।
মাইক্ৰ’ফাইনেন্স বেংকৰ বিষয়া বুলি চিনাকি দি ধন সংগ্ৰহ যুৱকৰ।
নলবাৰীৰ চেংনৈ অঞ্চলত ভিন্ন লোকক ঋণদানৰ নামত মেলিছিল প্ৰৱঞ্চনাৰ জাল ।
ঋণ প্ৰদান কৰিব বুলি ধন সংগ্ৰহ কৰোতেই ৰাইজৰ ৰোষত দুই প্ৰৱঞ্চক।
ধৃত যুৱক দুজন ধেমাজিৰ জ্যোতিষ্মান বৰগোহাঁই, গুৱাহাটীৰ দিবাকৰ সৰকাৰ।
20. ‘৬-৭ জুলাইৰ ভিতৰত আমি নিৰ্বাচন আয়োগৰ ওচৰলৈ যাম’।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য ।
Post navigation
Go Top