৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam June 29/2023:- 

1. দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
আদবাটতে কংগ্ৰেছ নেতাজনৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে।
আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষীয়ে দিয়ে বাধা।
অনুমতি নোপোৱাত বহু সময়ৰ পিছত পুনৰ ইম্ফললৈ উভতি আহিবলৈ বাধ্য হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

2. তেজপুৰস্থিত গজৰাজ কৰ্প্চ পৰিদৰ্শন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।
ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সেনাৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ লগতে আলোচনাতো মিলিত হয়।

3. গুৱাহাটীৰ হোটেল নভটেলত ‘তক্ষশিলা’ৰ বিশেষ অনুষ্ঠান।
সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষা সম্পর্কে অনুষ্ঠিত হয় আলোচনা চক্ৰ।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্যমান্য ব্যক্তি।

4. হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ নলবাৰীৰ পূৱকালাকুছি গাঁৱৰ জেচিকা মেছবিনৰ।
উত্তৰবহীৰ RTI কৰি পুনৰীক্ষণত পালে শীৰ্ষৰ দশম স্থান।
পূৰ্বে ২ নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী।
শংকৰদেৱ শিশু নিকেতন মৰোৱাৰ পৰা পৰীক্ষা দিছিল জেচিকাই।

5. আজিৰে পৰা তিনিদিনীয়াকৈ যোৰহাটত জিলা দিৱস উদ্‌যাপন।
৪০খন পতাকা উত্তোলনেৰে জিলা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।
উপস্থিত থাকে সাংসদ, বিধায়ক, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি।

6. “বিজেপিয়ে গম পাইছে যে কংগ্ৰেছক তেওঁলোকে মুখোমুখিকৈ পৰাজিত কৰিব নোৱাৰে।
তেওঁলোকে আমাৰ কৰ্ণাটকৰ নিৰ্বাচনৰ পাছত আমাৰ নতুন উদ্যম দেখা পাই অসমত ভাৰত জোড়ো যাত্ৰা কৰাৰ পাছত আমাৰ জনপ্ৰিয়তা দেখা পায় এতিয়া ভয় খাই গৈছে কংগ্ৰেছৰ পৰা”- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

7. ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয় পলাতক৷
OCৰ সন্ধান দিয়া ব্যক্তিক পুৰস্কাৰৰ ঘোষণা৷
সন্ধান পালে নলবাৰীৰ SPক জনোৱাৰ আহ্বান৷
DGP জি পি সিঙে টুইটযোগে সদৰী কৰিলে এই তথ্য৷
থানাৰ ভিতৰতে উলংগ কৰি কিশোৰীৰ ফটো লৈছিল বিমান ৰয়ে৷

8. আম আদমী পাৰ্টিত যোগদান কৰে জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী চাহাত পাণ্ডে।
দিল্লীৰ আপৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্দীপ পাঠকৰ উপস্থিতিত আম আদমী পাৰ্টীত যোগদান কৰে অভিনেত্ৰীগৰাকীয়ে।

9. ৩০জুনৰ ভিতৰত আদায় দিব লাগিব যান-বাহনৰ কৰ।
১জুলাইৰ পৰা পৰিবহন বিভাগে চলাব অভিযান।
জব্দ কৰা হ’ব কৰ পৰিশোধ নকৰা বাহন।
কৰ নিদিয়া বাহনৰ গৰাকীয়ে ভৰিব বুজন পৰিমাণৰ জৰিমনা।
মহানগৰতে অনাদায় হৈ আছে ১০০কোটিৰো অধিক কৰ।
৩০জুনৰ ভিতৰত বকেয়া কৰ আদায় নিদিলে ১জুলাইৰ পৰা ৰাজপথত চলাব নোৱাৰিব বাহন।

10. পবিত্ৰ ঈদৰ দিনাই মক্কাত মৃত্যু অসমৰ এগৰাকী হজ যাত্ৰীৰ।
মৃত হজ যাত্ৰীগৰাকী লখিমপুৰ কেহুতলিৰ ছফিক আহমেদ।
মক্কাৰ আৰফাৰ ময়দানত মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষক ছফিক আহমেদৰ।

11. মহানগৰ আৰক্ষীৰ জালত ৩টা ATM চোৰ।
লখৰাস্থিত SBIৰ ATMত চুৰি কৰিবলৈ আহি আটক হয় ৰিতেশ ৰাজ, দেবানন্দ কুমাৰ, প্ৰমোদ সিং।
ধৃত চোৰকেইটা বিহাৰৰ গয়াৰ ফটেহপুৰ থানাৰ অন্তৰ্গত এলেকাৰ।
চোৰকেইটাৰ পৰা জব্দ কৰে কেইবাখনো ATM কাৰ্ড।

12. বকোৰ কম্পাডলীত ভূমিস্খলন।
ভূমিস্খলনত গাৰ্ডৱাল ভাঙি খহি গৈছে বকো-লাম্পী পথৰ এটা অংশ।
পথটোৰে বন্ধ হৈ পৰে যাতায়াত।

13. হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত এটি কণমানিৰ কৰুণ মৃত্যু।
দুখন বাইকৰ সংঘৰ্ষৰ ফলত আনিছা মেহতাব ছিদ্দিকি নামৰ কণমানিটি নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
হাইলাকান্দিৰ পাঁচগ্ৰামত সংঘটিত হয় এই দুৰ্ঘটনা।

14. মণিপুৰত অস্ত্ৰ-শস্ত্ৰ, বোমা উদ্ধাৰ।
আৰক্ষী-নিৰাপত্তা বাহিনীৰ অভিযানত উদ্ধাৰ কৰা হয় কমেও ৮টা বন্দুকৰ লগতে দুটা বোমা ।
জব্দ কৰা হয় বুজন পৰিমাণৰ গুলী।

15. বড়োলেণ্ড বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়৷
সাক্ষাতৰ সময়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনৰ অধীনৰ ৫৯খন মহাবিদ্যালয়ত অসমীয়া মাধ্যম বিলুপ্তি ঘটাবলৈ গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি পূৰ্বৰ দৰে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ ব্যৱস্থা বাহাল ৰাখিবলৈ স্মাৰক পত্ৰৰ যোগেদি দাবী জনায়৷
বিষয়টো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যোগাত্মকভাৱে সহাৰি জনায় আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

16. তামুলপুৰৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত অঘটন।
বোমা-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যু এজনৰ।
মৃত লোকজন পাহাৰপুৰৰ ৰাজু বসুমতাৰী। বোমা-বাৰুদৰ প্ৰশিক্ষণ চলাই থকাৰ সময়তে সংঘটিত হয় অঘটন।
বোমাৰ SPLINTERৰ আঘাতত মৃত্যু লোকজনৰ।

17. নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত সোমালগৈ যাত্ৰীবাহী বাছ।
ফলত শিশু-মহিলাসহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ১৫গৰাকী যাত্ৰী।
ছিপাঝাৰৰ মাৰৈত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

18. ৰাজস্থানৰ জয়পুৰ-আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
৩খন ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড।
এই ঘটনাতে মৃত্যুক সাৱটিলে ৫জনকৈ লোকে।
লগতে মৃত্যু হৈছে কেইবাটাও পশুধনৰ।

19. বেলতলা চাৰ্ভেত পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথতে বাগৰি পৰে বিলাসী বাহন।
এখন স্কুটীক বচাবলৈ গৈয়ে সংঘটিত এই দুৰ্ঘটনা।
কোনোমতে প্ৰাণ ৰক্ষা পৰিল বাহনৰ চালক দুগৰাকী।

20. পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই ভগ্নীৰ।
নিহত দুই ভগ্নী কলিয়াবৰৰ লণ্ডনবস্তী আদৰ্শগাঁৱৰ অমৃতা চুব্বা আৰু নিকীতা চুব্বা।
নিশা ঘৰৰ ওচৰত থকা পুখুৰীৰ পৰা উদ্ধাৰ হয় দুই ভগ্নীৰ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *