1. আজি বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীৰ সন্মান প্রদান।
৩১ খন জিলা সদৰত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, গোলাঘাটত অজন্তা নেওঁগ।
2. মুখ্যমন্ত্ৰীৰ পদত্যাগ নকৰে এন বীৰেন সিঙে।
টুইটযোগে এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
3. জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাৰ কাষত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দলৰ ফালৰ পৰা কৰুণা ৰাভাৰ চিকিৎসাৰ বাবে আগবঢ়ালে ২ লাখ টকাৰ সাহায্য।
কৰুণা ৰাভাৰ অসুস্থতা বৃদ্ধি পোৱাৰ বাবে সম্প্ৰতি গুৱাহাটী হেলথ চিটী হাস্পতালত চলি আছে চিকিৎসাৰ।
4. দিল্লী বিশ্ববিদ্যালয়ৰ ১০০ বছৰ সম্পূৰ্ণৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মোদীয়ে।
5. মণিপুৰৰ বিষ্ণুপুৰ মইৰাং কনজেংবাম লেইকাই আৰু মইৰাং মহাবিদ্যালয়ৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
লগতে শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে ৰাহুল গান্ধীয়ে।
6. গ্ৰীষ্মৰ বন্ধত পাঠদান সন্দৰ্ভত কোনো নিৰ্দেশনা নাই।
বিদ্যালয় শিক্ষা বিভাগ বা সমগ্ৰ শিক্ষা অভিযানে দিয়া নাই নিৰ্দেশনা।
স্বেচ্ছাই আগ্ৰহী শিক্ষকক পৰিপূৰক শ্ৰেণী বা সহপাঠ্যক্ৰমৰ কাৰ্যকলাপৰ বাবে পৰামৰ্শ।
টুইটযোগে এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
7. সদৌ চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত ১৬৮ সংখ্যক ‘হুল’ দিৱস উদ্যাপন।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত
প্ৰথমবাৰ চৰকাৰীভাৱে অনুষ্ঠিত কৰা হৈছে ‘হুল’ দিৱস।
8. আজি কেপ্তেইন জিণ্টু গগৈৰ ২৪ সংখ্যক মৃত্যু তিথি।
খুমটাইৰ সমাধিক্ষেত্ৰত বীৰ সন্তানক সুঁৱৰিলে আত্মীয়-স্বজনে।
9. ত্ৰিপুৰাত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ।
এখন বাহনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।