৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam July 10/2023:-
1. লাচিত মৈদামত স্থাপন হ’ব বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি।
লাচিত বৰফুকন প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. জ্যেষ্ঠ সাংবাদিক তথা কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ দেহাৱসান।
GMCHত মাজ নিশা শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে।
3. গুৱাহাটী-ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’ বিমান অৱতৰণত অথন্তৰ৷
মোহনবাৰীৰ পৰা পুনৰ গুৱাহাটীলৈ উভতিল ইণ্ডিগ’ বিমান৷
প্ৰতিকূল বতৰৰ বাবে বিমান অৱতৰণত অসুবিধাৰ সন্মুখীন হয় পাইলট৷
4. হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি।
এগৰাকী নাবালিকাৰ অপহৰণ, ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদস্থলীৰ পৰা SP লীনা দলেৰ নেতৃত্বত প্ৰতিবাদকাৰীক আটক কৰাক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি হয়।
5. তিনিচুকীয়াত নৱজাতকক চিকিৎসকে দিলে ম্যাদ উকলা প্রতিষেধক৷
ডাঃ সুশীল কুমাৰ আগৰৱালৰ বিৰুদ্ধে অভিযোগ৷
মাৰ্চতেই ম্যাদ উকলিছিল শিশুটিক দিয়া পলিঅ’ প্ৰতিষেধকৰ৷
ভুল স্বীকাৰ কৰি শিশু স্বাস্থ্য পৰিচৰ্যাৰ দায়িত্ব চিকিৎসকজনৰ৷
6. আজি পশ্চিমবংগত পুনৰ ভোটগ্ৰহণ।
মুৰ্ছিদাবাদ, বীৰভূম, পুৰুলীয়া, জলপাইগুৰিত পুনৰ ভোটগ্ৰহণ।
পঞ্চায়ত নিৰ্বাচনত হৈছিল ব্যাপক হিংসা।
বহু ভোট কেন্দ্ৰত ব্যাপক ৰিগিং, মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ বাবে পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।
7. থলুৱা বস্ত্ৰ সুৰক্ষাৰ দাবীত বস্ত্ৰনগৰী শুৱালকুছিত প্ৰতিবাদ।
দুঘন্টীয়া শুৱালকুছি বন্ধ, অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ শিপিনীসকলৰ।
পাৱাৰলুমত তৈয়াৰ কৰা বস্ত্ৰ নিষিদ্ধৰ দাবী শিপিনীসকলৰ।
8. আজি গুৰু পূৰ্ণিমাৰ প্ৰথমটো সোমবাৰ।
মনৰ আশা পূৰ্ণ হোৱাৰ কামনাৰে জঁটাধাৰী শিৱক সন্তুষ্ট কৰিবলৈ প্ৰান্তে প্ৰান্তে পূজা-অৰ্চনা।
9. কৰিমগঞ্জৰ কাঠালতলীৰ এখন ঘৰৰ পৰা জব্দ কৰে ৪০টাকৈ চিলিণ্ডাৰ৷
অবৈধভাৱে মজুত কৰি ৰখা হৈছিল ৪০টাকৈ চিলিণ্ডাৰ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুস্তাফা মহম্মদক৷
10. শোণিতপুৰৰ চৰকাৰী চাউলৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ হয় ৪জন।
আটাইকেইজনক হাজিৰ কৰোৱা হয় আদালতত।
11. শিলচৰৰ ৰামনগৰত বাৰ্মিজ চুপাৰিভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত৷
আৰক্ষীৰ তালাচী দেখি পলায়ন কৰোঁতেই দুৰ্ঘটনাত পতিত হয় বাহনখন৷
দুৰ্ঘটনাত আহত হয় ২জন যুৱক৷
12. ছিপাঝাৰৰ মুছলিমঘোপাত কৰুণ ঘটনা৷
জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয় খুৰাক ভতিজাক।
13. গুৱাহাটীৰ চচলত সদৌ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অনশন কাৰ্যসূচী।
ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী।
২৩ হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত অনশন।
14. যিবোৰ সমষ্টিত বিজেপি হাৰিছে, সেই সমষ্টিত কেতিয়াও জয়ী হ’ব নোৱাৰে ভাৰতীয় মানুহ।
কংগ্রেছ-AIUDFৰ মিত্ৰতা প্ৰসংগত মন্তব্য কৰিবলৈ গৈ এইদৰে ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই।
15. সমস্যা সমাধানৰ দাবীত নাৰায়ণপুৰত ৰাইজৰ প্ৰতিবাদ৷
বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গণকদলনি গাঁও পঞ্চায়তবাসী৷
তামোলৰ সাঁকোৰে বিপদসংকুলভাৱে পাৰাপাৰ হ’বলগীয়া হয় খনাপিছলা নদী৷
শীঘ্ৰে অঞ্চলটোৰ সমস্যা সমাধান কৰাৰ দাবী ৰাইজৰ৷
16. গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আটছাৰ উত্তাল প্ৰতিবাদ৷
চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰেই জনজাতিকৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে আটছাই৷
নগৰৰ মাজেৰে আটছাই উলিয়াই বিশাল প্ৰতিবাদী সমদল৷
17. মহানগৰীৰ চচলত অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদ৷
চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ৷
18. আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ‘ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী’৷
মহানগৰীৰ পাণ্ডু FRUত এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান৷
কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া, আশাকৰ্মীসকল৷
19. গহপুৰৰ ডফলাগড় চাহ বাগিছাত অঘটন ।
চাহ বাগিছাৰ কলঘৰৰ মেচিনে কাটিলে শ্ৰমিকক
কলঘৰত কাম কৰি থকা অৱস্থাত পাংখাত সোমাই শ্ৰমিকৰ মৃত্যু হয়।
20. নাজিৰাত আজি সামৰণি পৰিল অসম কাৰাটে প্ৰতিযোগিতাৰ।
৭ জুলাইৰ পৰা আৰম্ভ হয় এই প্ৰতিযোগিতা।
Post navigation
Go Top