৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam July 13/2023:-
1. শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত গৃহপ্রৱেশৰ শুভাৰম্ভণি অনুষ্ঠান।
গৃহপ্রৱেশ অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইন ওজা, অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড° জে. বি. এক্কা, আয়ুক্ত বিক্ৰম কৈৰী আৰু বহু গণ্যমান্য ব্যক্তি।
অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব অতিৰিক্ত ২০০কৈ টকা।
গেছৰ দাম বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
কলাক্ষেত্ৰত গৃহ প্ৰৱেশৰ কেন্দ্ৰীয় অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
2. ১৪ জুলাই অৰ্থাৎ অহা কালিলৈ বেষ্টিল দিৱসত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে মিলিত হ’ব আলোচনাত।
3. সু- খবৰ।
চন্দ্ৰযান-৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান চয়ন দত্ত।
তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ, যোগাযোগ অভিযান্ত্ৰিকৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্ত মহাকাশ বিজ্ঞানৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত বিজ্ঞানী হিচাপে কৰ্মৰত।
অন ব’ৰ্ড ক’মাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ ছিষ্টেমৰ দায়িত্ব আৰু
লেণ্ডাৰ্ছ, চন্দ্ৰযান-৩ৰ উপ-প্ৰকল্পৰ সঞ্চালকৰো গুৰু-দায়িত্বত চয়ন দত্ত।
১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩।
4. ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণা৷
চলিত বৰ্ষত ২৯ গৰাকী প্রাৰ্থী তথ্য সেৱাৰ বাবে নিৰ্বাচিত৷
দ্বিতীয় স্থান লাভ কৰে অসম সন্তান বিদ্যাসাগৰ তালুকদাৰে।
5. ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী।
কংগ্ৰেছত যোগদান কৰে বিশিষ্ট সাংবাদিক বেদব্ৰত বৰাই।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত দলত যোগদান কৰে সাংবাদিকগৰাকীয়ে।
6. সোণাৰিৰ বিশিষ্ট শিক্ষাবিদ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা জ্যেষ্ঠ নাগৰিক গোলাপ বৰগোহাঁইৰ মৃত্যু।
সৰুপথাৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
7. আকাশমাৰ্গৰ পৰাই গুৱাহাটীলৈ উভতিল ডিব্ৰুগড় অভিমুখী দুখন বিমান।
মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰিব নোৱাৰি উভতিল গুৱাহাটীলৈ।
প্ৰতিকূল বতৰৰ বাবে অৱতৰণ কৰিব নোৱাৰিলে মোহনবাৰী বিমান বন্দৰত।
আকাশমাৰ্গৰ পৰাই উভতিল দিল্লী-ডিব্ৰুগড়, চেন্নাই-গুৱাহাটী-ডিব্ৰুগড় বিমান।
মোহনবাৰীত কোনো ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম নথকাৰ বাবেই যাত্ৰীৰ দুৰ্ভোগ।
8. চাবুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।
আৰক্ষীৰ গোপন অনুসন্ধানত জব্দ কৰে ড্ৰাগছখিনি।
9. বানৰ মাজতে ধেমাজিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।
এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এজন ব্যক্তি।
10. নাজিৰাৰ মঠিয়াছিগা গোহাঁইগাঁৱত উদ্ধাৰ কৰা হয় প্ৰকাণ্ড অজগৰ।
ৰাজহাঁহ খাই থকা অৱস্থাত উদ্ধাৰ কৰে ১৫ ফুট দৈৰ্ঘ্যৰ অজগৰডাল।
স্থানীয় ৰাইজে খবৰ দিয়ে শিৱসাগৰ বন বিভাগক।
11. যোৰাবাটত পুনৰ জব্দ দুখন গো-ভৰ্তি বাহন।
আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে ৩১টা গো-ধন ।
বাহনসহ আটক ৫ সৰবৰাহকাৰী।
তামোলৰ বাকলিৰে ঢাকি সৰবৰাহ কৰিছিল গো-ধন।
নুমলীগড়ৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়ত জব্দ কৰে।
12. মূলসুঁতিলৈ আহিব আদিবাসী উগ্ৰপন্থী সংগঠন আপলা।
সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত ৩৫ কেডাৰৰ আত্মসমৰ্পণৰ যো-জা।
ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ মেৰাপানীত বাহৰ পাতিছে দলটোৱে।
যোৰহাটত আত্মসমৰ্পণ কৰিব আপলাৰ ৩৫ জনীয়া দলটোৱে।
দলটোৱে আৰক্ষীক জমা দিব বুজন পৰিমাণৰ মাৰণাস্ত্ৰও।
13. মাজুলীৰ গায়নগাঁৱত কৰুণ ঘটনা।
ব্ৰহ্মপুত্ৰৰ সুঁতিত মৃত্যু এজন বৃদ্ধ লোকৰ।
মৃত লোকজন গায়নগাঁৱৰ ৮৫ বছৰীয়া ভোগেশ্বৰ বৰা।
গা ধুবলৈ যাওঁতে পানীৰ সোঁতে উটুৱাই লৈ যায় লোকজনক।
14. ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ। অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰীসেৱা।
ফেৰীঘাটৰ ৰেম্প ডুব যোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সিদ্ধান্ত।
জলস্তৰ হ্ৰাস নোপোৱাপৰ্যন্ত বন্ধ থাকিব ফেৰীসেৱা।
অফলা-নিমাতী, কমলাবাৰী-নিমাতী দুয়োটা ঘাটতে বন্ধ থাকিব ফেৰী সেৱা।
15. উৎকোচ লৈ হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰে’ল বিষয়া।
আটক কৰে লামডিং ৰে’লৱে মাণ্ডলিক কাৰ্যালয়ৰ ৰে’ল বিষয়া কে কে সামান্থা ৰয়ক।
বিভাগীয় প্ৰাৰ্থীসকলক বদলিকৰণ আৰু নিযুক্তি দিয়াৰ ক্ষেত্ৰত উৎকোচ বিচাৰিছিল সামান্থাই ।
16. দক্ষিণ কামৰূপৰ পলাশবাৰীত অঘটন।
ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন যুৱক।
যুৱকজন বকো হাহিমৰ ৰবি ৰায়।
হাত ধুবলৈ যাওঁতেই পিছলি পৰে ব্ৰহ্মপুত্ৰত।
17. চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এটি শিশু।
নিহত কণমানিটি বকলীয়াৰ ৰংলি তেৰাংপী।
হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে আন ৩ গৰাকী যাত্ৰীৰ।
ডংকাৰ পৰা বকলীয়ালৈ গৈ থকা অৱস্থাত থেপলাগুৰিত বাহনখনত আক্ৰমণ কৰে।
18. মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রীসহ গুলী জব্দ কৰা হয়।
আছাম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰে সামগ্রীখিনি।
19. জুৰীয়াত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীয়ে জব্দ কৰে এটা চাবোনৰ বাকচভৰ্তি হেৰ’ইন।
20. গাড়ীৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণৰ দৈনিক বিলম্ব মাচুলত ৰেহাইৰ ব্যৱস্থা।
ৰেহাই মূল্যত তিনিচকীয়া বাহনত দৈনিক ১০ টকা, বাণিজ্যিক বাহনত দৈনিক ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনত ২০ টকা আৰু গধুৰ বাণিজ্যিক বাহন আৰু অন্যান্য বাহনৰ ক্ষেত্ৰত ২৫ টকা হ’ব দৈনিক বিলম্ব মাচুল।
বৰ্তমান ইয়াৰ মূল্য ৫০ টকা। ১৫ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে আবেদনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে পৰিবহন বিভাগে।
Post navigation
Go Top