৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam July 14/2023:-
1. গোৱাৰ ৰিবন্দৰত আয়ুষ স্বাস্থ্য সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
স্বাস্থ্য সেৱা আৰু গৱেষণাৰ সুবিধাৰ বাবে স্থাপন কৰা হয় কেন্দ্ৰটো।
2. প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত সজাগতা সভা।
কলাক্ষেত্ৰ মাধবদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভা।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত আৰু বহু গণ্যমান্য ব্যক্তি।
3. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ নাগৰিক সন্মান।
‘লিজিয়ন অব অনাৰ’ৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী মোদী।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে আগবঢ়ালে এই বিশেষ সন্মানটি।
4. ডিমা হাছাওত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন সন্দৰ্ভত পৰ্যালোচনা বৈঠক।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।
জিলাখনত আঁচনিসমূহৰ ৰূপায়নৰ বিতং খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গার্লোছা, সাংসদ হৰেন সিং বে’, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা আৰু কার্যবাহী সদস্যসকল।
5. এক গৌৰৱৰ ক্ষণ।
চন্দ্ৰজয়ৰ লক্ষ্যৰে মহাকাশলৈ উৰা মাৰিলে চন্দ্ৰযান-৩এ ।
শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণ ISROৰ৷
6. মহিলাক সুৰক্ষা দিবলৈ কঠোৰ অসম আৰক্ষী৷
গোৱালপাৰাৰ ১২খন থানাত আৰম্ভ ‘Women Desk’৷
টুইটযোগে সদৰী কৰিলে DGP জি পি সিঙে৷
7. WhatsAppত যুৱতীলৈ অশ্লীল মেছেজ প্ৰেৰণ কৰি ৰোষত পৰিল আৰক্ষী বিষয়া৷
ৰাজপথতে যুৱতীগৰাকীয়ে কাণতলীয়া চৰ শোধালে SI লোহিত ৰাজবংশীক৷
তেজপুৰৰ বৰুৱা চুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা।
8. অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া কোষৰ নতুন সমিতি গঠন৷
জ্যেষ্ঠ বিধায়ক ভৰত নৰহক মিডিয়া কোষৰ অধ্যক্ষ নিযুক্তি APCCৰ৷
সহ-অধ্যক্ষ হিচাপে নিযুক্তি মেহদী আলম বৰাক৷
উপাধ্যক্ষ হিচাপে নিযুক্তি বেদব্ৰত বৰাক৷
গোপাল শৰ্মা, নেত্ৰৰঞ্জন চৌধুৰীক সাঃ সম্পাদক হিচাপে নিযুক্তি৷
9. মহানগৰীৰ শ্বহীদ ন্যাসৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ৷
শীঘ্ৰে বৰ্ধিত মূল্য হ্ৰাস কৰাৰ দাবী প্ৰতিবাদকাৰীৰ৷
10. পুনৰ বৃদ্ধি গাখীৰৰ দাম।
খুঁটিত প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি ৩ টকা ৫০ পইচাকৈ।
বৃহত্তৰ গো-পালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ সিদ্ধান্ত।
শীঘ্ৰে কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।
11. গুৱাহাটীৰ হাতীগাঁৱৰ এটা ভাড়াঘৰৰ পৰা দিলোৱাৰ হুছেইনক আটক কৰে আৰক্ষীয়ে।
মৰিগাঁৱৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰিৰ মূল অভিযুক্ত আছিল দিলোৱাৰ হুছেইন।
ধৃত দিলোৱাৰ হুছেইনৰ ভাড়াঘৰৰ পৰা জব্দ কৰে Central Bank of Indiaৰ ৫২১খন ATM কাৰ্ড।
12. ভূটানে এৰি দিয়া পানীৰ সংহাৰ।
নৈৰ প্ৰৱাল সোতত উটি গ’ল বিলাসী বাহন।
বাক্সাৰ মৰা পাগলাদিয়া নৈৰ সোতে উটুৱাই নিলে ফ’ৰচুনাৰ বাহন।
বাহনখনক উদ্ধাৰৰ বাবে স্থানীয় ৰাইজৰ অভিযান চলাই উদ্ধাৰ কৰে।
13. সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ।
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক নিলম্বন।
ভৱানীপুৰ সমষ্টিৰ নাম বিলুপ্ত কৰাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ।
শিক্ষা বিভাগে এক জাননীযোগে নিলম্বন কৰে অধ্যক্ষ তথা বক্তা ড° মুকুন্দ শৰ্মাক।
14. দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত হয় দুৰ্ধৰ্ষ চোৰ আশ্ৰফ আলী।
আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল আশ্ৰফ আলীয়ে।
চুৰি সামগ্ৰী উদ্ধাৰ বাবে আশ্ৰফক নিয়াৰ সময়তে সংঘটিত হয় এই ঘটনা।
১১ জুলাইত খাৰুপেটীয়াৰ ডিগম্বৰ জৈন মন্দিৰত হৈছিল চুৰিকাণ্ড।
15. বন্ধ কৰি দিয়া হ’ল ১৪ খনকৈ চৰকাৰী বিদ্যালয়।
৭জুলাইত নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে।
বন্ধ হ’ল বৰনৰ্দ্দী আদৰ্শ প্ৰাথমিক বিদ্যালয়, বিহামপুৰ LP স্কুল, চকীৰহাট হামলাকুৰা LP স্কুল, অকনা LP স্কুল, নলবাৰী বৰভাগ LP স্কুল, জুগুৰকুছি-শ্ৰীপুৰ LP স্কুল, ভিঠা LP স্কুল, উলাবড়ী বালিকা LP স্কুল, কমাৰকুছি LP স্কুল, হাৰিভাঙা গোপালথান LP স্কুল, চাননৈপাৰা LP স্কুল, মধ্য হাৰিভাঙা LP স্কুল, কৃষ্ণগুৰু বিদ্যাজ্যোতি LP স্কুল আৰু ন-মাটি LP স্কুল।
16. কালাইনৰ পাদ্ৰিটিলাত সেনা বাহিনীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীসমূহ এখন বাহনৰ পৰা জব্দ কৰে।
আটক কৰে এজন।
অশান্ত মণিপুৰলৈ গোপনে সৰবৰাহ কৰাৰ সন্দেহ বিস্ফোৰক সামগ্ৰীসমূহ।
17. হোজাইত বিদ্যুৎপৃষ্ঠ হৈ থিতাতে নিহত ১০ বছৰীয়া এটি শিশু।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে এটি শিশুয়ে।
18. ‘২০২৪ লৈ মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।
খচৰাহে প্ৰস্তুত কৰিছে, খচৰাক লৈ ইমান চিন্তাৰ প্ৰয়োজন নাই’- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।
19. ডিব্রুগড়ত আছু-আৰক্ষীৰ মাজত হতাহতি।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল আছুৱে।
মুখ্যমন্ত্রী, প্রধানমন্ত্রীৰ পুত্তলিকা দাহ কৰাৰ সময়তে হতাহতিত লিপ্ত হয় দুই পক্ষ।
20. ডুমডুমা নৈৰ দাঁতিত উদ্ধাৰ মৃতদেহ দুটা।
শিশু দুটিক ৰাহুল মুণ্ডা আৰু বিৰাজ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।
বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধানহীন আছিল দুয়ো।
নৈত সাঁতুৰিবলৈ গৈ সন্ধানহীন হৈছিল ছাত্র দুজন।
Post navigation
Go Top