৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 15/2023:- 

1. গুৱাহাটীত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা, ইষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা, ভাৰতীয় সেনাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
৪ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব মেচ।

2. সু-খবৰ ।
১৯ সংখ্যক এছিয়ান গেমচত ভাৰতীয় দলত স্থান লাভ অসম কন্যাৰ।
দলত স্থান লাভ কৰে উইকেট কীপাৰ বেটাৰ উমা চেত্ৰী এ।
BCCIএ আনুষ্ঠানিকভাৱে সদৰি কৰিলে এই তথ্য।

3. মীন উন্নয়নৰ নামত ব্যাপক খেলিমেলিৰ অভিযােগত নিলম্বিত ACS বিষয়া নৰেন্দ্ৰ চন্দ্ৰ বসুমতাৰী।
পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ যুটীয়া সচিব আছিল বসুমতাৰী।
পূৰ্বে অসম মীন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালকৰূপে আছিল ACS বিষয়াগৰাকী।

4. যোৰহাটৰ মালৌ আলীত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ যোৰহাট থানাত ৪টাকৈ গোচৰ ৰুজু।
ঘটনা সন্দৰ্ভত IGPক তদন্তৰ নিৰ্দেশ DGP জি পি সিঙৰ।
ক্ষীপ্ৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জি পি সিঙৰ।
উল্লেখ্য, ৯ জুলাইত কাৰ্যালয়ৰ ভিতৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল এগৰাকী সাংবাদিকক।

5. শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তেজনা।
নিশা চিকিৎসালয়খনত চিকিৎসক নথকাত প্ৰসৱ কৰাইছিল নাৰ্ছে।
নাৰ্ছৰ ভুলৰ বাবে এই অঘটন সংঘটিত হোৱা বুলি অভিযোগ পৰিয়ালৰ।
ঘটনা পাছতে হাস্পতালত উপস্থিত হয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ।

6. ‘লোকসভা নিৰ্বাচনৰ পাছত অসমৰ ৰাজনীতিত হ’ব বৃহৎ পৰিৱৰ্তন’- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

7. মহানগৰীৰ কল্যাণপুৰৰ এটা এপাৰ্টমেণ্টত অভিযান৷
বিল্টৱেল এপাৰ্টমেণ্টত অভিযান ক্ৰাইম ব্ৰান্স, দিছপুৰ আৰক্ষীৰ৷
জব্দ কৰে বুজন পৰিমাণৰ ছীম কাৰ্ড, ATM কাৰ্ড, লেপটপ৷
আৰক্ষীৰ জালত ৩ অভিযুক্ত শ্বেকাব উদিন, ইনজামামুল ইছলাম, ৱাকিবুল ইছলাম৷

8. মুকালমুৱাৰ বৰ্ণিবাৰীত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷
অভিযানত ৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এটা ম’বাইল জব্দ কৰাৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে।

9. কৰ্কট জ’নত পৰিণত হৈছে গহপুৰৰ গমিৰি গাঁও৷
শেহতীয়াকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩০০ৰো অধিক লোকৰ৷
বৰ্তমানেও আক্ৰান্ত হৈ আছে ২০০ৰো অধিক লোক৷

10. মাজুলীত চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহ৷
মুকলিকৈ ধন সংগ্ৰহ কৰে এজন চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ৷
হাতত টকা লৈ বিষয়াৰ ৰূমৰ সন্মুখত শাৰী পাতিছে শিক্ষকে৷
মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এই ঘটনা৷

11. ভূটানত সন্ধানহীন যোগীঘোপাৰ যুৱক৷
ভূটানৰ বাঢ়নী পানীত সন্ধানহীন হোৱাৰ সন্দেহ পৰিয়ালৰ৷
সন্ধানহীন যুৱকজন ভৰালকুণ্ডী বিল গাঁৱৰ ছাদ্দাম আলী৷
১১ জুলাইত ভূটানলৈ ট্ৰাকৰে শিল আনিবলৈ যোৱাৰ পৰা সন্ধান নাই ছাদ্দামৰ৷

12. আলফা (স্বা)ৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ।
সংগ্ৰাম অসম আৰু ৰঞ্জিত অসমৰ আত্মসমৰ্পণ।
কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত ৰখা হৈছে দুই আলফা কেডাৰক।
ধন দাবীৰ অভিযোগ উঠিছিল দুয়োগৰাকী কেডাৰৰ বিৰুদ্ধে।

13. ৫২১ খন ATMসহ আটক কৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কেলেংকাৰীৰ অভিযুক্ত।
হাতীগাঁৱৰ পৰা আটক কৰে মৰিগাঁৱৰ দিলোৱাৰ হুছেইনক।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ নামত প্ৰৱঞ্চনা কৰি আহিছিল বহু লোকক।
মৰিগাঁৱত PMFBY কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিলোৱাৰ হুছেইন।

14. বান বিভীষিকাৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ সংহাৰ।
ধেমাজিত এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হয় ৩জনৰ।

15. জৈন মন্দিৰত মূৰ্তি, নগদ ধন চুৰি কৰা ৩ কুখ্যাত চােৰ আৰক্ষীৰ জালত।
গ্ৰেপ্তাৰ কৰে চহিদুল ইছলাম, কানয় সিং আৰু আশ্ৰাফ আলীক।
তিনি চোৰৰ পৰা উদ্ধাৰ কৰে খাৰুপেটিয়া জৈন মন্দিৰৰ পৰা চুৰি কৰা চাৰিটা মূৰ্তি।

16. হোজাইৰ মোৰাঝাৰত ৰহস্যজনক গুলীচালনাৰ ঘটনা।
আৰিফুদ্দিন নামৰ এজন যুৱকে গুলীচালনা কৰাৰ অভিযোগ।
গুলীচালনাত আহত হয় চাহাবুদ্দিন নামৰ এজন যুৱক।

17. পাঠশালাৰ উদীয়মান শিল্পী কংকন তালুকদাৰলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি।
মুকাভিনয়ৰ বাবে জলপানী প্ৰদান কৰা হয়।

18. লখিমপুৰৰ উদীয়মান শিল্পী ডেইজী গগৈ লৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি।
লোকনাট্যৰ বাবে জলপানী প্ৰদান কৰা হয়।

19. জাগীৰোডত জব্দ চোৰাং গৰুভৰ্তি ট্রাক।
ট্রাকখনৰ পৰা জব্দ কৰে প্রায় ৫০টা চোৰাং গৰু।

20. কৰিমগঞ্জত গাঞ্জাৰ ব্যৱসায় কৰি গ্ৰেপ্তাৰ ৩ চৰকাৰী ৰে’ল আৰক্ষী।
বদৰপুৰ আৰক্ষীয়ে আটক কৰিলে ৰে’লৱেৰ ৩ আৰক্ষীক।
লগতে গ্ৰেপ্তাৰ এজন গৃহৰক্ষী জোৱানকো।
২০টাকৈ পেকেটত উদ্ধাৰ কৰে ২১ কিলোগ্ৰাম গাঞ্জা।
বদৰপুৰ ষ্টেচনৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি।
ইয়াৰে একাংশ গাঞ্জা নিজৰ কোৱাৰ্টাৰত ৰাখি আৰক্ষীৰ দলটোৱে চলাইছিল বেহা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *