মিচিং বাঃনৗ কৗবাঙৰ শতবর্ষ শুভাৰম্ভণী অনুষ্ঠান।

Spread the love

Rnewsindia24.com

মিচিং জনগোষ্ঠীৰ পিতৃস্বৰূপ জাতীয় সংগঠন মিচিং বাঃনৗ কৗবাঙে ২০২৪ বৰ্ষত সোণালী আখৰেৰে শতবর্ষ গৰকিব।

মাজুলীৰ গেজেৰা দলুঙত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে মিচিং বাঃনৗ কৗবাঙৰ শতবর্ষ শুভাৰম্ভণী অনুষ্ঠান।

উল্লেখ্য যে, ১৯২৪ চনত প্ৰতি১১ হোৱা মিচিংসকলৰ জাতীয় মহাসভা অ-ৰাজনৈতিক সংগঠন মিচিং বাঃনৗ কৗবাঙে মিচিং সমাজৰ সামাজিক সংস্কাৰ, অৰ্থনৈতিক, ভূমি সমস্যা, শিক্ষা-দীক্ষা, দৈনন্দিন জীৱন-যাপনৰ লগতে কৃষ্টি-সংস্কৃতিৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ লগতে জাতীয় ঐক্য গঢ়ি তুলি আহিছে।

এই মিচিং বাঃনৗ কৗবাঙৰ শতবর্ষ শুভাৰম্ভণী অনুষ্ঠানটি শনিবাৰে বিভিন্ন তোৰণ আৰু মঞ্চ স্বনামধন্য ব্যক্তিৰ নামত নামাকৰণ কৰি শুভাৰম্ভণী কৰে।

পুৱা মাল চন্দ্র পেগু নামেৰে নামকৰণ কৰা প্ৰতিনিধি শিবিৰ মুকলি কৰে মাজুলী সমষ্টিৰ বিধায়ক ভূৱন গামে।
মুকলি সভাৰ প্ৰেক্ষাগৃহ মুকলি কৰে মিচিং আগম কৗবাঙৰ সভাপতি হৰিনাৰায়ণ পেগুৱে।

আৰু বাটুৰাম পেগুৰ সোঁৱৰণিত নিৰ্মাণ কৰা দঞি পঃল গাংগৃং শুভ উদ্বোধন কৰে দঞি পঃল য়েলাম কৗবাঙৰ সভাপতি বিদ্যেশ্বৰ টাইদে।
লগতে মুহি চন্দ্র মিৰি সোঁৱৰণিত নিৰ্মাণ কৰা মিচিং মুৰং শুভ উদ্বোধন কৰে মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি অশ্বিনী দলেয়ে।

মাজুলীৰ গেজেৰা দলুঙত অনুষ্ঠিত কৰা মিচিং বাঃনৗ কৗবাঙৰ শতবর্ষ শুভাৰম্ভণী অনুষ্ঠানৰ প্ৰেক্ষাগৃহ শ্রী শ্রী পীতাম্বৰ দেৱগোস্বামী নামেৰে নামকৰণ কৰা মূল মঞ্চ তৰুন চন্দ্র পামেগামৰ সোঁৱৰণিত নিৰ্মাণ কৰি মাজুলীৰ ১০০ গৰাকী নাচনী গোমৰাগ নৃত্য প্ৰদৰ্শন কৰি মিচিং মিমাগ কৗবাঙৰ সভাপতি সুনীল পেগুৱে শুভ উদ্বোধন কৰে।

 

 

One thought on “মিচিং বাঃনৗ কৗবাঙৰ শতবর্ষ শুভাৰম্ভণী অনুষ্ঠান।

  1. Le’du diya daggom me’nggap kupe’namme’ odokke’ me’:ji’ sukupe’name’. Mising re’ngame’ paye’g ye’gla le’:la dokupe’ Do:-po:lo ayalangka.

Leave a Reply

Your email address will not be published. Required fields are marked *