৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 17/2023:- 

1. আজি দেশজুৰি চলিছে ড্ৰাগছ দাহ কাৰ্যসূচী।
নষ্ট কৰে ২,৪১৬ কোটি টকাৰ ড্ৰাগছ।
অসমতো দাহ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ।

2. নিশা স্ব-গৃহলৈ ওভতাৰ পথত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু ফটাে সাংবাদিকৰ।
নাম ধন্টি হীৰা।
নিশা খাটোৱালস্থিত ঘৰৰ অভিমুখে বাইকেৰে আহি থকা অৱস্থাত বৰভেটিত সংঘটিত হয় দুৰ্ঘটনা।
ধণ্টি হীৰা এটা চেটেলাইট চেনেলৰ ফটো সাংবাদিক আছিল।

3. নলবাৰী জিলা কাৰাগাৰত চিকিৎসাধীন ঘগ্ৰাপাৰ কাণ্ডৰ মূল অভিযুক্ত বিমান ৰয়৷
১০ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছে বিমান ৰয়৷
থানাৰ ভিতৰত কিশোৰীক নগ্ন কৰি বিমান ৰয়ে লৈছিল ফটো৷
মধুমেহ, উচ্চ ৰক্তচাপ আৰু লিভাৰৰ সমস্যাত আক্ৰান্ত হৈ চিকিৎসাধীন বৰ্তমান৷

4. নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল লাওখোৱা শিক্ষাখণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচ।
শিক্ষক ৰদ-বদলৰ নামত
এজন শিক্ষকৰ পৰা বিপুল মেচে লৈছিল ১৫ হাজাৰ টকা।

5. শিল্পী দ্বীপেন বৰুৱাৰ বাসগৃহত উপস্থিত মন্ত্ৰী বিমল বৰা।
চৰকাৰৰ তৰফৰ পৰা দ্বীপেন বৰুৱা আৰু ৰমেন বৰুৱাক প্ৰদান কৰে ৩ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।

6. চৰাইদেউৰ বিমলাপুৰ চাহ বাগিচাত আলফা(স্বাঃ)ৰ ধন দাবী৷
বাগিচাৰ সহ-পৰিচালকলৈ ফোনযোগে ধন দাবী আলফা(স্বাঃ)ৰ৷
বাগিচা এৰি পলায়ন সহ-পৰিচালক কৰণদীপ সিঙে।
আৰক্ষী অধীক্ষকক গোচৰ বাগিচা কৰ্তৃপক্ষৰ৷

7. ‘বিশ্বজিৎ দৈমাৰীৰ ঘৰত কোনো নাথাকিলেও AC চলি থাকে’৷
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে দিয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অজিত ভূঞাই৷

8. ৩ মাহ ধৰি বহিঃৰাজ্যত সন্ধানহীন অসমৰ এগৰাকী যুৱতী।
বঙাগাঁৱৰ ১নং গাৰোগাঁৱৰ খালেদা খাতুন।

9. বন্ধুৰ লগত ভেকুলী ধৰিবলৈ গৈ পানীত জাপ দি যুৱকৰ সলিল সমাধি।
মৃত যুৱকজন গহপুৰ তেলেনীৰ গৌতম প্ৰসাদ।

10. চাপৰৰ আৰেয়াৰঝাৰৰ সংৰক্ষিত বনাঞ্চলত বনধ্বসংযজ্ঞ।
বনাঞ্চলখনৰ মূল্যৱান গছ কাটি তহিলং কৰে দুৰ্বৃত্তই।
বন বিভাগৰ ছত্ৰছায়াত বনধ্বংসৰ অভিযোগ স্থানীয় ৰাইজৰ।

11. শিলচৰ আইজল ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাক আৰু হুণ্ডাই Venue বাহনৰ মুখামুখি সংঘৰ্ষ
গুৰুতৰভাৱে আহত হয় মহিলাসহ ৪জনকৈ মিজোৰামৰ লোক।

12. বুঢ়াচাপৰি অভয়াৰণ্যত উত্তেজনাময় পৰিস্থিতি।
ৰাইজলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলী।
বনকৰ্মীৰ গুলীত নিহত হয় এগৰাকী মহিলা।
৩জন লোকৰ অৱস্থা সংকটজনক।

13. সোণাপুৰৰ ক্ষেত্ৰীত জব্দ চোৰাং গৰুভৰ্তি দুখনকৈ ট্ৰাক।
চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়ত উদ্ধাৰ কৰে ৬২ টা গো-ধন।
আৰক্ষীয়ে আটক কৰে ২ সৰবৰাহকাৰীক।

14. সত্ৰনগৰী মাজুলীৰ ফুলনি চাৰিআলিত আৰক্ষীৰ অভিযানত জব্দ কৰে সুৰা।
ফুলনি আৰক্ষী চকীৰ SI প্ৰাৰ্থ সাৰথি বৰাৰ নেতৃত্বত চলিছিল অভিযান।

15. মৰিয়নিৰ ঢেকীয়াজুলি চাহ বাগিচাত অঘটন।
সুৰামত্ত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় কন্যা।
মৰিয়নি আৰক্ষীয়ে আটক কৰে পিতৃ ললিত বাউৰীক।
আঘাতপ্ৰাপ্ত কন্যাক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে JMCH লৈ।

16. আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা কুখ্যাত চোৰক পুনৰ আটক কৰে।
গদাৰাছি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে মাতাবুদ্দিনক।
দেওবাৰে গিৰিশগঞ্জ আৰক্ষী চকীৰ পৰা হাতত হেণ্ডকাফ লৈ পলায়ন কৰিছিল মাতাবুদ্দিনে।

17. ভূপাল-দিল্লী অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছত অগ্নিকাণ্ড।
এটা বেটাৰীৰ পৰা সূত্ৰপাত হৈছিল জুইৰ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

18. আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত দুলীয়াজানত ৩ ড্ৰাগছ আসক্তসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
ড্ৰাগছ কিনি থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

19. মধ্যপ্ৰদেশৰ সাগৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত মৃত্যু হয় ৬জনকৈ লোক।
গাড়ী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় লোকসকল।

20. মহানগৰীৰ সাতগাঁও সেনা ছাউনীত দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় এজন যুৱক।
সেনা ছাউনীৰ পানীৰ গাড়ীৰ খুন্দাত নিহত হয় যুৱকজন।
নিহত যুৱকজনৰ ঘৰ সাতগাঁৱৰ কোচপাৰাত।

Leave a Reply

Your email address will not be published. Required fields are marked *