৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam Jul 20/ 3023:-
1. মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভূমিস্খলন।
উদ্ধাৰ কৰা হয় ৫টা মৃতদেহ।
ভূমিস্খলনত আবদ্ধ হয় প্ৰায় ৫০টা পৰিয়াল।
ঘটনাস্থলী পৰিদৰ্শন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে।
2. অশান্ত মণিপুৰত এক চৰম নিকৃষ্ট কাণ্ড।
উলংগ কৰি পথত ঘূৰালে দুগৰাকীকৈ কুকি-জো মহিলাক।
একাংশই স্পৰ্শ কৰিলে মহিলা দুগৰাকীৰ গুপ্তাংগও।
৪ মে’ত কাংপকপি জিলাত সংঘটিত হৈছিল এই ঘটনা।
‘মোৰ অন্তৰ খং আৰু বেদনাৰে ভৰি পৰিছে।
যিকোনো সভ্য সমাজৰ বাবে মণিপুৰৰ ঘটনা লজ্জাজন।
দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়’- মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া।
3. পুনৰ মূল্য বৃদ্ধিৰ পালে গাখীৰৰ দাম।
আজিৰে পৰা গুৱাহাটীত ৪ টকাকৈ বৃদ্ধি হ’ল প্ৰতিলিটাৰ গাখীৰৰ দাম।
বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ এই সিদ্ধান্ত ।
আজিৰে পৰা ৬৪ টকাত গ্ৰাহকে কিনিব লাগিব প্ৰতিলিটাৰ গাখীৰ।
4. সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক লৈ আজি দ্বিতীয়দিনাৰ শুনানি।
কলাক্ষেত্ৰত শুনানি গ্ৰহণ নিৰ্বাচন আয়োগৰ।
5. মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হয় ‘এম ভি লোহিত’ নামৰ ফেৰী।।
পুৱা ৯.৩০ বজাত নিমাতী-কমলাবাৰী অভিমুখী আছিল ফেৰীখন ।
ফেৰীখনত আছিল ৭৮ জন যাত্ৰী, ২০ খন মটৰচাইকেল।
6. ওড়িশাত কৰ্তব্যৰত অৱস্থাত মৃত্যু BSF জোৱানৰ।
মৃত জোৱানজন চিৰাঙৰ কাকাৰগাঁৱৰ গকুল সিংহ।
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু গকুল সিংহৰ।
কোৰাপুট শিবিৰত কৰ্তব্যৰত অৱস্থাতে আক্ৰান্ত হৈছিল হৃদৰোগত।
আজি পুৱাৰ ভাগত গুৱাহাটীলৈ অনা হয় জোৱানজনৰ নশ্বৰদেহ।
কাকাৰাগাঁও জনকল্যাণ লাইব্ৰেৰী, ক্লাব চৌহদত জনোৱা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।
সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় জোৱানজনৰ শেষকৃত্য।
২০১১ চনত সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰিছিল গকুল সিংহই।
7. সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ।
সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ।
ছোমালিয়া সেনাৰ আক্ৰমণত নিহত হয় ৩০ সন্ত্ৰাসবাদী।
সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ খবৰ লাভ কৰিছিল সেনা-চোৰাংচোৱাই।
অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয়।
দেশখনৰ মধ্যভাগৰ শ্ববেলে ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা।
8. নিশা ডিমা হাছাওৰ লাংটিঙত পথ দুৰ্ঘটনা।
গুৱাহাটীৰ পৰা হাফলং অভিমুখী নৈশ বাছত খুন্দা মাৰে এখন ডাম্পাৰে।
মাইলু তিনিআলিত সংঘটিত হৈছে এই ঘটনা।
9. ৰংজুলিত ট্ৰাক হাইজেকৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ।
ট্ৰাকখনৰ চালক-হেণ্ডিমেনকো আটক কৰে আৰক্ষীয়ে।
১১ জুলাইৰ নিশা ৰংজুলিৰ পৰা হাইজেক হৈছিল চুপাৰিভৰ্তি ট্ৰাকখন।
নিশা বৰপেটাৰ পৰা ৰংজুলি আৰক্ষীয়ে জব্দ কৰে ২০৫ বস্তা চুপাৰি।
ট্ৰাকখনত আছিল মুঠ ৩৫০ বস্তা চুপাৰি।
এতিয়াও উদ্ধাৰ হোৱা নাই ১৪৫ বস্তা চুপাৰি।
10. আহমেদাবাদৰ ইস্কন উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত ৯জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৩গৰাকী।
কেইবাখনো বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
11. সমনীয়াৰ সৈতে নৈত সাঁতুৰি থকা সময়তে সন্ধানহীন এজন কিশোৰ।
সন্ধনহীন কিশোৰজন মাজুলীৰ নৱকান্ত পায়েং।
মাজুলীত চিতাদাৰ চুকৰ লোহিত নদীত সন্ধানহীন এই ঘটনা।
12. পুৱতি নিশা শৰীৰচৰ্চা কৰি জিৰণি লোৱা অৱস্থাত দুই যুৱকক মহটিয়ালে তীব্ৰবেগী ডাম্পাৰে।
দুৰ্ঘটনাত নিহত হয় বৰপেটাৰ জাকিৰ হুছেইন মণ্ডল।
আহত আশিক হুছেইনক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰি হয়।
বৰপেটাৰ দাবালিয়াপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা।
13. কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ।
অৰ্থৰ অভাৱত বহিঃৰাজ্যতে সম্পন্ন জােনাৰাম বৰাৰ শেষকৃত্য।
শুকুৰবাৰে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ গৈছিল নগাঁও বঢ়মপুৰৰ যুৱক জোনাৰাম বৰা।
দেওবাৰে আবেলি বিশাখাপট্টনমৰ ৰে’ল পথৰ কাষত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।
14. কৰ্মৰত অৱস্থাত বহিঃৰাজ্যত মৃত্যু অসমৰ বীৰ জোৱান।
বীৰ জোৱানজন মৰিগাঁও বাসবৰিৰ সুশীল চন্দ্ৰ হাজৰিকা।
১৭ জুলাইত কেৰেলাত কৰ্মৰত অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল বীৰ জোৱানজন।
বীৰ জোৱানজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ।
15. এক কৰুণ ঘটনা।
ভায়েকৰ লগত পুখুৰীত সাঁতুৰিবলৈ গৈ অকাল মৃত্যু যুৱকৰ।
মৃত যুৱকজন আমগুৰি খ’ৰা গুৱালগাঁৱৰ হেমন্ত হাজৰিক।
16. ৰাজ্যত পুনৰ ৰেগিং কাণ্ড।
ডিগবৈ বগাপানী কলনী অইল ভেলী স্কুলত ৰেগিং।
এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক সহপাঠীৰ নিৰ্যাতন।
নিৰ্যাতনৰ ফলত মানসিক ভাৰসাম্য হেৰুৱাইছে ছাত্ৰীগৰাকীয়ে।
এই সমগ্ৰ ঘটনা জনোৱা হৈছিল স্কুল কৰ্তৃপক্ষক।
অভিযোগৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।
অৱশেষত ঘটনা সন্দৰ্ভত ডিগবৈ থানাত এজাহাৰ দাখিল ছাত্ৰীগৰাকীৰ পৰিয়ালে।
17. মণিপুৰৰ পৰিস্থিতিক লৈ দিল্লীৰ যন্তৰ মন্তৰত মহিলা কংগ্ৰেছৰ নেত্ৰী, কৰ্মীৰ প্ৰতিবাদ।
মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
18. সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে প্ৰান্তে প্ৰান্তে অব্যাহত প্ৰতিবাদ।
মঙলদৈত দৰং সমষ্টিৰ নাম সলনিৰ তীব্ৰ প্ৰতিবাদ।
কলিয়াবৰ আৰু ঢেকীয়াজুলিতো গণ বিক্ষোভ।
ইফালে থাওৰা সমষ্টি বিলুপ্তি কৰাৰ বিৰোধিতাৰে ডিমৌতো একত্ৰিত প্ৰতিবাদ।
19. কাজিৰঙাত বন বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে দুখনকৈ চোৰাং কাঠ ভৰ্তি ট্ৰাক।
20. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ চুপাৰি।
নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ কৰে ৩১ বস্তা চুপাৰি।