৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 23/2023:- 

1. ‘ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বিধি-পথালি সহ্য কৰা নহ’ব৷ অভিযুক্তৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰতম আইনী ব্যৱস্থা’৷
ধন দাবীৰ ঘটনাত জড়িত নহ’বলৈ জনতালৈ আহ্বান DGP জি পি সিঙৰ৷

2. আজি ছাত্ৰী নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হয় উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° হেমন্ত শৰ্মা।

3. ঐতিহাসিক টিপাম পাহাৰত নিৰ্মাণ হ’ব চাওলুং চ্যুকাফাৰ ৫০ ফুট উচ্চতাৰ সুউচ্চ প্ৰতিমূৰ্তি।
আজি আধাৰশিলা স্থাপন কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

4. DIG L/O বিৱেকৰাজ সিঙৰ মোবাইল ফোন থপিয়াই নিলে।
এই ঘটনা সংঘটিত হৈছে উলুবাৰীৰ মাঝাৰৰ সমীপত।
প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল বিষয়াগৰাকী।

5. ২৫ আগষ্টত পুনৰ বৈঠকত মিলিব হ’ব অসম আৰু মেঘালয়ৰ চৰকাৰ।
২৬ আগষ্টত পৰিদৰ্শন কৰিব স্থান।
অসম -মেঘালয়ৰ আঞ্চলিক সমিতিৰ যুটীয়া বৈঠকৰ অন্তত এই কথা জনালে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙে।

6. UB কনিষ্টবল শ্বাহ আলমক বৰ্খাস্ত।
বঙাইগাঁৱৰ মাণিকপুৰত তালাচীৰ সময়ত সংগ্ৰহ কৰিছিল ধন।

7. মস্কোৰ এটা শ্বপিং মলত ফুটিল গৰমপানীৰ পাইপ।
গৰম পানীৰ পাইপ ফুটি মৃত্যু হয় ৪জনকৈ লোকৰ।
ঘটনাত গুৰুতৰভাৱে আহত হয় ৭০গৰাকীকৈ লোক।
অতি সংকটজনক অৱস্থাত ৯জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

8. অশান্ত মণিপুৰত পুনৰ গুলীচালনা৷
বিষ্ণুপুৰ জিলাৰ কুৱাক্টাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ৷
দুৰ্বৃত্তৰ গুলীবৰ্ষণত দুটি শিশুসহ ৩জন আহত হয়।

9. মৈৰাবাৰীত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
বহলাৰমুখত ৬টা জুৱাৰীক আটক কৰে আৰক্ষীয়ে।
জুৱা খেলত ব্যৱহৃত সামগ্ৰী, নগদ ২২,৭০০ টকা জব্দ কৰে।

10. নাগপুৰত ক্ৰিকেটৰ জুৱাৰ নামত প্ৰৱঞ্চনাৰ জাল।
বেটিং এপৰ জৰিয়তে প্ৰৱঞ্চকে লুটিলে ৫৮ কোটি টকা।
বুকীৰ বাসগৃহত চলা আৰক্ষীৰ অভিযানত জব্দ কৰে ৪ কেজি সোণ, ২০০ কেজি ৰূপৰ লগতে নগদ ১৭ কোটিতকৈও অধিক টকা।

11. জন্মদিনৰ উপহাৰ আনিবলৈ গৈ মঠঘৰীয়া পথৰ গাঁতত পৰি মৃত্যু হয় অভিযন্তা ছাত্ৰ সৌৰভ দাস।

12. কাছাৰৰ কাটিগড়াত ৮টা ম’হ উদ্ধাৰ।
বাংলাদেশলৈ লৈ যোৱাৰ সময়তে উদ্ধাৰ কৰে ম’হকেইটা।
আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ ৩ সৰবৰাহকাৰী।
কাটিগড়া হৰিটিকৰ গাঁৱৰ পৰা জব্দ কৰে ম’হকেইটা।
গোপন সূত্ৰৰ ভিত্তিত কাটিগড়া আৰক্ষীৰ এই অভিযান।

13. তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
এখন হোটেলৰ পৰা ড্ৰাগছসহ আটক কৰে দুই সৰবৰাহকাৰীক।
ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে আনিছিল ড্ৰাগছখিনি।
ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ১১০ গ্ৰাম ড্ৰাগছ জব্দ কৰে।
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২২ লাখ টকা।

14. বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন বাছ।
দুৰ্ঘটনাত শিশুসহ ১৭জন লোকৰ মৃত্যু হয়।
বাছখনত থকা আন ৩৫জন লোক গুৰুতৰভাৱে আহত হয়।
জালাকুঠি সদৰৰ চট্টকন্দা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

15. কামৰূপৰ চাংসাৰীত মাৰণাস্ত্ৰ জব্দ।
কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযানত গোৰেশ্বৰ নাওকাটাৰ পৰা গুৱাহাটী অভিমুখী খুচবু নামৰ বাছখনৰ পৰা জব্দ কৰে ’32 পিষ্টল।
আৰক্ষীয়ে আটক কৰে বাছখনৰ চালক আৰু হেন্দিমেনক।

16. যোৰহাটৰ পুলিবৰত ভয়ংকৰ ঘটনা৷
ধ্ৰুৱজ্যোতি দাস নামৰ এজনক হত্যাৰ চেষ্টা৷
নয়নজ্যোতি বণিয়া নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ৷
আহত ধ্ৰুৱজ্যোতি দাসক JMCHত ভৰ্তি কৰোৱা হয়।

17. আলফা (স্বাঃ)ৰে কোনো সম্পৰ্ক নাই ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হেম চেতিয়া আৰু পুষ্পাঞ্জলী গগৈৰ।
এক বিবৃতিযোগে এই কথা সদৰী কৰে সংগঠনটোৱে।
সংবাদ মাধ্যমলৈ ই-মেইল প্ৰেৰণ আলফা(স্বাঃ)ৰ।

18. বৰপেটাৰ কান্দাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা বাসগৃহ।
বৈদ্যুতিক বিচ্যুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

19. অবৈধ গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে দুখন গৰুভৰ্তি বাহন জব্দ কৰে।

20. কাছাৰৰ ধলাইত ব্রাইন ছুগাৰ আৰু নিচাজাতীয় টেবলেট জব্দ।
মিজোৰামৰ পৰা কাছাৰলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে।
ঘটনা সন্দৰ্ভত এজনক আটক কৰৈ।
সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৩৭টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *