৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 24/2023:- 

1. মাজুলীৰ শ্ৰীশ্ৰী দলনি চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী গিৰীন্দ্ৰ দেৱ মহন্তৰ দেহাৱসান।
উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী।

2. নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মাক জেল’লৈ প্ৰেৰণ কৰা হয়।
আদালতে নাকচ কৰিলে হেমন্ত শৰ্মাৰ জামিন আবেদন।
মহাবিদ্যালয়খনৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ হেমন্ত কুমাৰ শৰ্মাৰ বিৰুদ্ধে।
আৰক্ষী অধীক্ষক, জিলা আয়ুক্তক মহাবিদ্যালয়খনৰ ৫৮গৰাকী ছাত্ৰীয়ে দাখিল কৰিছিল লিখিত অভিযোগ।

3. গুৱাহাটী পৌৰ নিগম কৰ্মী সংঘৰ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা সমাজকৰ্মী চন্দন শৰ্মাৰ দেহাৱসান।
দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল চন্দন শৰ্মা৷

4. জখলাবন্ধাত উপস্থিত হয় CBIৰ তিনিজনীয়া দল।
জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে দলটোৱে।

5. ৰাজ্যসভাৰ AAPৰ সাংসদ সঞ্জয় সিঙক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বন কৰে।
সদনত অশান্ত মণিপুৰক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবেই এই সিদ্ধান্ত৷

6. নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান৷
উৎকোচ লৈ হাতে-লোটে ধৰা পৰে নৱজ্যোতি ভূঞা৷
এগৰাকী ফিজিঅ’থেৰাপিষ্টৰ পৰা লৈছিল ২০ হাজাৰ টকা৷
স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কনিষ্ঠ বৰ্গৰ সহায়ক আছিল নৱজ্যোতি ভূঞা৷

7. দুঃখবৰ৷
অপ্ৰয়োজনীয় পদ নাইকিয়া কৰাৰ নিৰ্দেশনা কৰ্মচাৰী বিভাগৰ৷
E-OFFICE কাৰ্যকৰী কৰাৰ বাবেই এই নিৰ্দেশনা কৰ্মচাৰী বিভাগৰ৷
২০ জুলাইত কৰ্মচাৰী বিভাগে প্ৰকাশ কৰিছে অফিচ মেম’ৰেণ্ডাম৷

8. কৰিমগঞ্জ আৰক্ষীৰ অভিযান।
হেৰ’ইনসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীয়ে তিনিটাকৈ চাবুনৰ বাগচত হেৰ’ইনৰ লগতে, ১লাখ ১২ হাজাৰ ৯০০টকাসহ ৫টাকৈ ম’বাইল ফোন উদ্ধাৰ কৰে।

9. তামুলপুৰৰ ৰঙিয়া-ভূটান পথত শোকাৱহ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় কেকেৰীকুছিৰ জগদীশ হালৈ নামৰ এজন লোক।
এখন বলেৰ’ বাহন আৰু ই-ৰিক্সাৰ সংঘৰ্ষৰ ফলত দুৰ্ঘটনা।
গুৰুতৰভাৱে আহত হয় বলেৰ’ বাহনত থকা ৩ আৰোহী।

10. মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত ভয়ংকৰ কাণ্ড।
পুৱতি নিশা দুৰ্বৃত্তই জ্বলাই দিয়ে ৪খনকৈ দুচকীয়া বাহন৷

11. তেজপুৰ ডেকাৰগাঁৱত ভয়ংকৰ দুৰ্ঘটনা৷
ট্ৰাক আৰু বলেৰ’ৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় ট্ৰাক চালক।
অৰুণাচলৰ পৰা বিলাহী লৈ আহিছিল ট্ৰাকখনে৷

12. বঙাইগাঁৱৰ আই নৈত সন্ধানহীন হৈ থকা তুলসী দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ব’ল বম উপলক্ষ্যে আই নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল কিশোৰীগৰাকী৷

13. কাছাৰত বাৰ্মিজ চুপাৰিসহ গ্ৰেপ্তাৰ হয় এজন।
চুপাৰিভৰ্তি ট্ৰাকখনৰ লগতে ২ দুজনক আটক কৰে আৰক্ষীয়ে৷
জব্দকৃত ট্ৰাকখনৰ পৰা জব্দ প্ৰায় ৩০ কুইণ্টল বাৰ্মিজ চুপাৰি৷

14. বলব’মৰ নামত ড্ৰাগছৰ মুকলি বেহা পতা ৩ যুৱকক আটক৷
বশিষ্ঠ মন্দিৰত ড্ৰাগছৰ সৈতে আটক কৰে ৩ জনক।

15. ছুডানত অসামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৪জন সামৰিক কৰ্মীসহ ৯জন নিহত হয়৷
যান্ত্ৰিক বিজুতিৰ বাবেই প’ৰ্ট ছুডান বিমান বন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা।

16. বাক্সাৰ খাৰুৱাত বাইক চোৰ আটক৷
ধমধমাৰ পৰা নলবাৰীৰ ফাৰ্মৰ চ’কৰ এগৰাকীৰ পৰা বাইক চুৰি কৰিছিল চোৰটোৱে৷

17. নগাঁৱৰ কচুৱাত ড্ৰাগছবিৰোধী অভিযান৷
ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
সৰবৰাহকাৰীৰ পৰা জব্দ কৰে এখন বাইক, ৮৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ৷

18. গোৱালপাৰাৰ লক্ষীপুৰৰ হুৰকাচুঙিত বন বিভাগৰ অভিযান।
জব্দ এটা অবৈধ কাঠফলা মিলসহ কাঠৰ কুণ্ডা।
জব্দকৃত কাঠখিনিৰ মূল্য ২ লক্ষাধিক হব বুলি জানিব পৰা গৈছে।

19. মুকালমুৱাৰ কাপলাবড়ীত
এখন দুচকীয়া বাহনৰ গেৰেজত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত আটক কৰে ড্রাগছসহ এটা সৰবৰাহকাৰীক।

20. ধেমাজিত অঘটন।
জীয়াঢল-কুমতীয়া নৈত পৰি ছাত্ৰীৰ মৃত্যু।
মৃত্যু অষ্টম শ্ৰেণীৰ ছাত্ৰী বিউটি সোণোৱালৰ।
গা ধুবলৈ লওঁতেই নৈত পিছলি পৰে ছাত্ৰীগৰাকী।
চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় বিউটি সোণোৱালৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *