- RnewsIndia24.com
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam July 25/2023:-
1. “প্ৰয়োজন হ’লে আমাক যোগাযোগ কৰিব পাৰে ।
আমি INDIA।
মণিপুৰত ভাৰতৰ ধাৰণা পুনৰ প্ৰতিষ্ঠা কৰিম।
মণিপুৰত পূৰ্বৰ শান্তি ঘূৰাই অনাত আমি সহায় কৰিম”।- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট।
2. মেট্ৰিকত গৰিষ্ঠসংখ্যক শিক্ষাৰ্থীয়েই অনুত্তীৰ্ণ হৈছে গণিত-বিজ্ঞানত৷
আমি ঠেলি-হেঁচিহে কিবা প্ৰকাৰে উত্তীৰ্ণ কৰাইছোঁ’- মন্তব্য ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ৷
3. প্ৰগতিৰ উদ্যোগত অসম বিধানসভাৰ নতুন ভৱনৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী।
গছপুলি ৰোপণ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে উপাধ্যক্ষ নোমল মমিনে।
4. মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ পাছতেই সম্প্ৰতি তুৰাত জাৰি কৰা হৈছে ১৪৪ ধাৰা৷
ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
প্ৰতিবাদকাৰীৰ আক্ৰমণত ৫ জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়৷
আহত আৰক্ষীলৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
5. নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী৷
সাৰ কাৰখানা বন্ধৰ সিদ্ধান্তৰ বিৰোধিতাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদ৷
কোনোকাৰণতে সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ৷
6. কোকৰাঝাৰৰ মাউৰীয়া গাঁৱত বন বিভাগৰ অভিযান৷
অভিযানত জব্দ কৰে লক্ষাধিক টকাৰ অবৈধ কাঠৰ কুণ্ডা৷
নথি-পত্ৰ বিহীন এটা কাঠফলা মেচিনো জব্দ কৰে আৰক্ষীয়ে৷
7. বৰপেটাৰ বাটগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা৷
দুর্ঘটনাত থিতাতে নিহত হয় এজন, দুজন গুৰুতৰভাৱে আহত হয়৷
ডাম্পাৰৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ৷
8. মণিপুৰৰ ঘটনা সন্দৰ্ভত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
বৰ্তমানলৈ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত এটা নাবালকো৷
২ মহিলাৰ ভিডিঅ’ সংগ্ৰহ কৰা যুৱককো চিনাক্ত৷
ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ভিডিঅ’ কৰা মোবাইল ফোন৷
9. শিলচৰত ৪৫ কোটি টকাৰ ড্ৰাগছৰ লগতে ২.৫ কেজি হেৰ’ইন, প্ৰায় ১ লাখ নিষিদ্ধ টেবলেট জব্দ কৰা হয়।
ড্ৰাগছ সৰবৰাহত জড়িত ৩ জনক আটক কৰে৷
S-PRESSO বাহনেৰে মিজোৰামৰ পৰা আনিছিল ড্ৰাগছখিনি৷
STF আৰু কাছাৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ড্ৰাগছখিনি৷
10. গোলকগঞ্জৰ আগমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
AS17C6148 নম্বৰৰ বলেৰ’ পিকআপ ভানৰ খুন্দাত প্ৰাণ গ’ল এজন পথচাৰীৰ।
11. ৰূপহীহাটত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ২০ লাখ টকাৰ সা-সম্পত্তি।
12. কাইলৈ আহ্বান কৰা ১২ ঘণ্টীয়া গোলাঘাট বন্ধ প্ৰত্যাহাৰ।
প্ৰশাসনৰ সৈতে বিশ্ব হিন্দু পৰিষদৰ আলোচনা।
আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।
দোষীয়ে উচিত শাস্তি পোৱাৰ দাবী সংগঠনটোৰ।
13. গোৱালপাৰাৰ শোলমাৰী কল্যাণপুৰত ভয়ংকৰ ঘটনা৷
চুৰিৰ সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা কৰা হয়।
নাম ছেংছাং মাৰা।
14. বঙাইগাঁৱৰ পাতিলাদাহাত ডকাইতৰ সন্ত্ৰাস৷
বন্ধন বেংকৰ পৰা গোটৰ টকা তুলিবলৈ যোৱা ব্যক্তিৰ পৰা পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ১১ হাজাৰ ৫০০ টকা৷
ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে মেগজিন৷
15. মহানগৰীত স্পেচিয়েল টাস্ক ফ’ৰ্চৰ অভিযান৷
অভিযানকাৰী দলটোৱে জাল নোট চক্ৰ উৎখাত কৰে৷
লগতে জব্দ কৰে ৭০ হাজাৰ ৫০০ টকা৷
চক্ৰটোৰ পৰা ১ লাখ ২৫ হাজাৰ টকাৰ জাল নোটসহ জাল নোট তৈয়াৰ কৰা মেচিনো উদ্ধাৰ কৰে৷
16. গোৰেশ্বৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড মাৰপিট৷
ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ সৃষ্টি হয়।
17. ডেংগু, জাপানীজ এনৰেফেলাইটিছত যোৰহাটত এগৰাকী মৃত্যু।
মৃত লোকজন পুলিন চন্দ্ৰ বৰুৱা।
পুলিন চন্দ্ৰ বৰুৱা চহৰখনৰ মাজমজীয়াত থকা বুঢ়ী গোসাঁনী দেৱালয়ৰ পূজাৰী আছিল।
18. সোণাপুৰত নকল সোণৰ বিৰুদ্ধে অভিযান।
অভিযানত জব্দ কৰে ৩খন নকল সোণৰ বিস্কুট আৰু ৪২ হাজাৰ টকা।
আটক কৰে নকল সোণৰ ব্যৱসায়ী চাহজাহান আলী নামৰ লোকজনক।
19. জল জীৱন মিছন আঁচনিৰ পানী টেংকীৰ ভিতৰত ৩ শ্ৰমিকৰ মৃত্যু।
টেংকীৰ ভিতৰত কাম কৰি থকা অৱস্থাত অক্সিজেনৰ অভাৱত মৃত্যু হয় ৩ শ্ৰমিক।
ধুবুৰীৰ নয়াহাট ফকিৰাণীৰঝাৰ গাঁৱৰ পানী টেংকীত এই অঘটন।
20. হাজো আৰক্ষীৰ অভিযান।
অভিযানত ৩৩ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ দুজনক আটক কৰে আৰক্ষীয়ে।
Post navigation
Go Top