৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 27/2023:- 

1. বঙাইগাঁৱৰ উত্তৰ অভায়াপুৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “আই নৈৰ দলং” মুকলি কৰে।
প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে দলংখন।

2. আজিৰে পৰা চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলন।
বঙাইগাঁৱৰ নতুন কনভেশ্যন চেণ্টাৰত অনুষ্ঠিত হয় এই সন্মিলন।
তিনিদিনীয়া সন্মিলনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

3. দিল্লীত স্থাপন হ’ব বিশ্বৰ সৰ্ববৃহৎ সংগ্ৰাহালয়।
ঘোষণা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

4. গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত মন্ত্ৰী পীযূষ হাজৰিকাৰ ছাডেন ভিজিট।
হেঙেৰাবাৰীৰ নৱজ্যোতি ক্লাবৰ সমীপত থকা এটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

5. আজি ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰে ১২ জনীয়া এটা প্ৰতিনিধি দলে।
দলটোত আছে লুৰীণজ্যোতি গগৈ, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে কেইবাজনো কংগ্ৰেছী বিধায়ক।

6. আজি CRPFৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস।
১৯৩৯ চনৰ পৰা পালন কৰি অহা হৈছে এই দিৱস।
দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় CRPFৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।
টুইটযোগে CRPF জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

7. ৰাজ্যৰ প্ৰতিটো বিভাগক ৩০ জুলাইৰ ভিতৰত খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশ।
নিৰ্দেশনাৰ জৰিয়তে বিচৰা হৈছে অপ্ৰয়োজনীয় পদৰ সবিশেষ।
প্ৰচলিত বিত্তীয় বৰ্ষ পৰ্যন্ত অপ্ৰয়োজনীয় পদৰ তথ্য দাখিলৰ নিৰ্দেশ।
ৰাজ্যৰ বিত্ত বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

8. ২৮ নৱেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T20 মেচ।
মেচখনক লৈ সাজু হৈছে অসম ক্ৰিকেট সন্থা।

9. যোৰাবাটত বিশেষ টাস্ক ফ’ৰ্চৰ অভিযান।
৩১.৭ গ্ৰাম হেৰ’ইনসহ হস্তিনাপুৰৰ ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।
জব্দ কৰে নগদ ধনো।

10. ক্ষেত্ৰী আৰক্ষীৰ অভিযানত গৰুভৰ্তি বাহন জব্দ কৰে।
দুখন বাহনৰ পৰা জব্দ কৰে ২০ টা চোৰাং গৰু।
নগাঁৱৰ ৰূপহীহাটৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল চোৰাং গৰু।

11. ASI পদৰ পৰা চিপাহীলৈ অৱনমিত হ’ল গোপাল দলে।
তামুলপুৰৰ দৰঙামেলা আৰক্ষী চকীত কৰ্মৰত আছিল গোপাল দলে।
২০২২ চনৰ ১০ ছেপ্টেম্বৰত ৭ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল গোপাল দলে।

12. মহানগৰীৰ গড়চুকত জব্দ কৰে প্ৰায় ২ লাখ টকাৰ নকল নোট।
ছয়গাঁৱৰ বাবুল হুছেইনৰ পৰা জব্দ কৰে নোটখিনি।
ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীৰ জেৰা অব্যাহত।

13. ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অথন্তৰ।
অৱতৰণত অসুবিধাৰ সন্মুখীন দুখন ইণ্ডিগ’ বিমান।
দুয়োখন বিমানত আছিল ১৮০গৰাকীতকৈ অধিক যাত্ৰী।

14. মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড।
ৰডেৰে মৰিয়াই মৰিয়াই এজনক হত্যা কৰে।
নিহত লোকজন জাভেদ আলী বুলি চিনাক্ত কৰা হয়।
অচিনাক্ত দুৰ্বৃত্তই লোকজনক হত্যা কৰাৰ সন্দেহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

15. মিজোৰামত ৫৪ কোটি ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰে।
অসমৰ ড্ৰাগছ ব্যৱসায়ীৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।
১ লাখ ৮২ হাজাৰৰো অধিক নিষিদ্ধ টেবলেট জব্দ কৰে।
অসম ৰাইফলছ আৰু এক্সাইজ এণ্ড নাৰ্ক’টিক্স বিভাগৰ এই অভিযান।
চাম্ফাই জিলাৰ খুৱাংলেং আৰু মুৱালকাউ অঞ্চলৰ পৰা জব্দ কৰে।

16. কাছাৰৰ বাশকান্দিত ১ লাখ ৭০ হাজাৰ য়াবা টেবলেট জব্দ কৰে।
ঘটনাৰে জড়িত দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি।

17. জুৰীয়াৰ কদমনি পথাৰ গাঁৱত জুৰীয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান।
দুটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰ’ইনসহ আটক সৰবৰাহকাৰী ৰফিকুল ইছলামক।
জব্দ কৰে ৪৮ গ্ৰাম সন্দেহ যুক্ত হেৰ’ইন ।

18. হাইলাকান্দিত বাল্য বিৱাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত এজনক গ্ৰেপ্তাৰ।
ছাত্তাওৱালা ৰজা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে লোকজনক।
লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী ১৫ বছৰীয়া কিশোৰী।
কিশোৰীগৰাকীয়ে জন্ম দিয়া এটি ১৬ মহীয়া সন্তানকো উদ্ধাৰ।
মাত্ৰ ১২ বছৰ বয়সতে কিশোৰীগৰাকীক বিয়া পাতিছিল জাকিৰ হুছেইনে।

19. ধুবুৰীৰ R K মিছন ৰোডত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন যুৱক।
মৃত যুৱকজনৰ নাম নৱজিৎ সিং চৌধুৰী।

20. পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নতুন বজাৰত আছুৰ অভিযান।
SN নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জব্দ কৰে পাৱৰলুমৰ গামোচা।
আছুৱে গামোচাখিনি জব্দ কৰি গতাই দিয়ে আৰক্ষীক।

Leave a Reply

Your email address will not be published. Required fields are marked *